ETV Bharat / state

অনাগত দিনত ঠিকনা সলনি হ'ব ভূপেন বৰাৰ: ৰণোজ পেগু - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 4:35 PM IST

তুংগত উঠিছে লখিমপুৰ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ । বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে বিজেপি নেতা-কৰ্মী । ধেমাজিত প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ ।

Education Minister Ronoj Pegu campaigning on behalf of Dhemajit Pradan Baruah
লখিমপুৰ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ ৰণোজ পেগুৰ

ধেমাজি,২৮ মাৰ্চ: তুংগত উঠিছে লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ । প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিলৰ পিচতে শাসক-বিৰোধী উভয়ে নামি পৰিছে ভোট সংগ্ৰহৰ অংকত । শাসকীয় দল বিজেপিৰ বহুকেইগৰাকী হাই প্ৰফাইল নেতাই জঁপিয়াই পৰিছে নিৰ্বাচনী প্ৰচাৰত । নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে লখিমপুৰ লোকসভা সমষ্টিতো । বিজেপিৰ লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে বিজেপি নেতা-কৰ্মী ।

লোকসভা সমষ্টিটোত হেট্ৰিক গঢ়াৰ লক্ষ্যৰে নামি পৰিছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱা । লখিমপুৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত ধেমাজি, ঢকুৱাখনা, চিচিবৰগাঁও বিধানসভা সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে দলীয় কৰ্মীৰ সৈতে মিলিত হৈ ৰচনা কৰিছে ৰণকৌশল ৷ বিগত দহ বছৰত বিজেপি চৰকাৰে অঞ্চলটোত কৰি অহা উন্নয়নৰ খতিয়ান দাঙি ধৰিছে ৷ বৃহস্পতিবাৰে সমষ্টিটোৰ পশ্চিম ধেমাজিৰ খলিহামাৰী, নৰোৱাথান, গুৱেখন্দা, আজোহা পঞ্চায়তৰ হিলৈপৰা, মাছখোৱা অঞ্চলৰ যোৰকটা পঞ্চায়তত দলীয় কৰ্মীসভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাই প্ৰাৰ্থীগৰাকীয়ে ৷

প্ৰাৰ্থী প্ৰদান বৰুৱাৰ লগত থাকি ৰাইজৰ আগত নৰেন্দ্ৰ মোদী চৰকাৰৰ জয়গান গাই শিক্ষা মন্ত্ৰীগৰাকীয়ে ৷ ধেমাজি মাছখোৱা আৰু ঢকুৱাখনাত দহ বছৰে বিজেপি চৰকাৰে ৰাস্তা-ঘাটৰ উন্নয়ন কৰা, বান প্ৰতিৰোধ কৰা বুলি দাবী কৰি শাসকীয় দলৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে ধেমাজিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ঠিকনা অনাগত দিনত নিশ্চিতভাৱে সলনি হ'ব আৰু ইয়াৰ বিপৰীতে বিজেপিৰ ঠিকনা একে থাকিব বুলিও মন্তব্য কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে ভূপেন বৰাই বিজেপিত যোগ দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও দৃঢ়তাৰে দাবী কৰি আহিছে ৷

লগতে পঢ়ক: ভূপেন বৰাই সৎ সাহসেৰে এতিয়াও বেলেগ দললৈ নাযাওঁ বুলি ক’ব পৰা নাই : জয়ন্ত মল্ল বৰুৱা - Lok Sabha Elections

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.