ETV Bharat / state

আগন্তুক 3 আগষ্টত ঐতিহাসিক টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন - Tata Semiconductor Project

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 2:16 PM IST

Assam CM in Jongal Bolohu Garh: 30 হাজাৰ কোটিৰ টকীয়া টাটা কোম্পানীৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন হ’ব আগন্তুক 3 আগষ্টত । ইয়াৰ লগতে গঢ়ি উঠিব বহু কেইটা বিদেশী কোম্পানীও । ইয়াৰ লগতে শীঘ্ৰে জাগীৰোড-গুৱাহাটী আৰু মায়ং-গুৱাহাটী সংযোগী পথৰো উন্নয়ন কৰা হ'ব ৷ এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Bhoomi Pujan of Tata Semiconductor Project to be held on August 3
3 আগষ্টত ঐতিহাসিক টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন (ETV Bharat Assam)

মৰিগাঁও, 14 জুলাই : ‘‘3 আগষ্টৰ দিনটো মৰিগাঁও তথা জাগীৰোডৰ বাবে এটা ভাল দিন হিচাবে পৰিগতি হ’ব ৷ কাৰণ উক্ত দিনাই টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ (Tata Semiconductor) ভূমি পূজন হোৱাৰ লগতে ইয়াৰ নিৰ্মাণ কাৰ্যও আৰম্ভ হ’ব ৷’’ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

লগতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘আগন্তুক 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব 30 হাজাৰ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগীয়া টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম ৷ জাগীৰোডত টাটাৰ প্ৰস্তাৱিত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ওচৰে পাজৰে আন বহুকেইটা বিদেশী কোম্পানীও গঢ়ি উঠিব ৷ ফলত অসমৰ বহু যুৱক-যুৱতীয়ে লাভ কৰিব সংস্থাপন ৷ টাটা প্ৰকল্পক কেন্দ্ৰ কৰি উন্নত হ’ব জাগীৰোডৰ সামাজিক আন্তঃগাঁথনিও ৷ অৱশ্যে এই উন্নয়নত যাতে জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত কোনো ক্ষতি নহয় তাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰা হৈছে ৷’’

লগতে পঢ়ক : নলবাৰী প'লিটেকনিকত চেন্টাৰ অফ এক্সিলেন্স মুকলি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ

উল্লেখ্য যে, জোঙাল বলহু আছিল তিৱা সম্প্ৰদায়ৰ এজন ৰজা তথা বীৰ যোদ্ধা । তেওঁৰ বীৰ কাহিনীক অমৰ কৰি তুলিবলৈ নগাঁৱৰ ৰহাত নিৰ্মাণ কৰি থকা হৈছে পৰ্যটনস্থলী । এই পৰ্যটন স্থলীৰ কামৰ খটিয়ান ল’বলৈ শনিবাৰে ৰহাৰ উক্ত স্থান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

শনিবাৰে ৰহা পৰা ঘূৰি যোৱাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে জাগীৰোড মণ্ডল বিজেপিৰ কাৰ্যলয়ত খন্তেক জিৰণী লৈ চাহপানী খায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সাংবাদিকৰে সৈতে হোৱা এক বাৰ্তালাপত তেওঁ কয়, ‘‘ৰাজ্যৰ যিকোনো জিলালৈ গ’লে আবৰ্ত্ত ভৱনত বা চৰকাৰী বাংল’ৰ সলনি আমাৰ বিজেপি কাৰ্যলয়তে সোমাও ৷ ভোক লাগিলে আমাৰ কাৰ্যলয়তেই ভাত বা চাহ-ৰুটি খাই আহো ৷’’

লগতে পঢ়ক : জাজিকোনাত কামৰূপৰ বাবে ৬৩৫ কোটি টকাৰ প্ৰকল্পৰ ভূমি পূজন-আধাৰশিলা মুখ্যমন্ত্ৰীৰ

আনহাতে, সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে উন্নত হ’ব গুৱাহাটী আৰু জাগীৰোডৰ মাজৰ যাতায়াত ব্যৱস্থা ৷ য’ত খৰচ হ’ব 500 কোটি টকা ৷ যোৰাবাটত হ’ব ৰিং ৰোড ৷ হ্ৰাস হ’ব গুৱাহাটী আৰু জাগীৰোডৰ দূৰত্ব ৷

উল্লেখ্য যে, শনিবাৰে জাগীৰোডৰ ভাৰতীয় জনতা পাৰ্টীৰ জাগী ভকতগাঁও মণ্ডল কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত আছিল মন্ত্ৰী পীযুষ হাজৰীকা, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস, ৰমাকান্ত দেউৰী ৷

লগতে পঢ়ক : শোণিতপুৰত 1,370 কোটিৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন-শিলান্যাস মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.