ETV Bharat / state

পদ্মশ্ৰী যাদৱ পায়েঙলৈ ভাস্কৰৰত্ন বঁটা - ভাস্কৰ ৰত্ন বঁটা

Bhaskar Ratna Award : নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্র-ছাত্ৰী সন্মিলন অনুষ্ঠানত পদ্মশ্ৰী যাদৱ পায়েঙক ভাস্কৰৰত্ন বঁটা প্ৰদান কৰা হয় ৷

Bhaskar Ratna Award
পদ্মশ্ৰী যাদৱ পায়েঙলৈ ভাস্কৰ ৰত্ন বঁটা
author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 5:02 PM IST

পদ্মশ্ৰী যাদৱ পায়েঙলৈ ভাস্কৰ ৰত্ন বঁটা

নলবাৰী, ২৩ ফেব্ৰুৱাৰী : নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত শুকুৰবাৰে প্ৰাক্তন ছাত্র-ছাত্ৰী সন্মিলন অনুষ্ঠিত হয় । এই অনুষ্ঠানত ভাস্কৰৰত্ন বঁটা প্ৰদান কৰা হয় অসম গৌৰৱ অৰণ্য মানৱখ্যাত পদ্মশ্ৰী যাদৱ পায়েঙক ।

ভাস্কৰৰত্ন বঁটা গ্ৰহণ কৰি অৰণ্য মানৱগৰাকীয়ে সেউজ পৃথিৱী গঢ়াত ছাত্ৰাৱস্থাৰ পৰাই সকলোকে সংকল্প ল’বলৈ আহ্বান জনায় । এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী ছাত্র-ছাত্ৰী তথা ৰাইজক ভৱিষ্যতে পৃথিৱীখন জীয়াই ৰখাৰ স্বাৰ্থত এজোপাকৈ হ’লেও গছ ৰোপন কৰাৰ বাবে আহ্বান জনায় । আনহাতে গছ ৰোপনৰ উপৰিও গছ জোপাৰ যত্নৰ প্ৰতিও দৃষ্টি ৰাখিবলৈও আহ্বান জনায় । লগতে তেওঁ অৰণ্য গঢ়াৰ স্বাৰ্থত আন্তৰাষ্ট্ৰীয় পৰ্যায়তো ভাগ লৈ কৰা কৰ্মৰাজিৰ বিষয়ে নিজ ভাষণত অৱগত কৰে ৷

ইয়াৰোপৰি পায়েঙে এই বঁটা প্ৰদানৰ বাবে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক তেওঁৰ উদ্যানলৈ গৈ অধ্যয়ন কৰিবলৈও আহ্বান জনায় ৷ তেওঁ লগতে জানিবলৈ দিয়ে যে, 2024 চনৰ 20 এপ্ৰিলত মলাই ফৰেষ্টে 12 টা বছৰ সম্পূৰ্ণ কৰিব ৷ তেওঁৰ ইচ্ছা আছিল অসমৰ লগতে বিশ্ববাসীক প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত সজাগ কৰা ৷ পায়েঙে নিজ উদ্দেশ্যত সফল হোৱাৰ বুলি সন্তুষ্টি প্ৰকাশ কৰে ৷

এই ভাস্কৰ বঁটাৰ লগতে ফুলাম গামোচা, জাপি, চেলেং আৰু স্মাৰক প্ৰদান কৰা হয় যাদৱ পায়েঙক ।

বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্র-ছাত্ৰী সমাৰোহত উপস্থিত থাকে জিলা আয়ুক্ত বৰ্ণালী ডেকাকে প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ আৰ যোশীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি । জিলা আয়ুক্ত বৰ্ণালী ডেকাই যাদৱ পায়েঙক এই বঁটা প্ৰদান কৰাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷

লগতে পঢ়ক: আচুৰ্য বৰপাত্ৰৰ গীতত অৰণ্য মানৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.