ETV Bharat / state

'কা'ৰ ফলাফল: অসমত থাকি 'ভাৰতীয়' হ'ল প্ৰথমজন বাংলাদেশী দুলন দাস - Citizenship under CAA in Assam

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 6:13 PM IST

Updated : Aug 14, 2024, 7:05 PM IST

First Indian citizen under CAA: নাগৰিকত্ব (সংশোধনী) আইনৰ অধীনত প্ৰথমজন বাংলাদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদান ৷ ১৯৮৮ চনত বাংলাদেশৰ চিলেটৰ পৰা শিলচৰলৈ অহা দুলন দাস (৫০) অসমত নাগৰিকত্ব (সংশোধনী) আইনৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হৈছে । মঙলবাৰে কেন্দ্রীয় গৃহ মন্ত্ৰণালয়ৰ পৰা নাগৰিকত্ব সন্দর্ভত বার্তা লাভ কৰে দাসে ৷

First Indian Citizen under CAA
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম বাংলাদেশী নাগৰিক অসমৰ দুলন দাস (Etv Bharat Assam)

শিলচৰ, ১৪ আগষ্ট: অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই 'কা'ৰ জৰিয়তে অসমত প্ৰথমজন বাংলাদেশীয়ে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব । কাঁটাতাঁৰ পাৰ হৈ বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা শিলচৰ দাস কলনীৰ বাসিন্দা দুলন কুমাৰ দাসক মঙলবাৰে আনুষ্ঠানিকভাবে ভাৰতীয় নাগৰিকত্ব প্রদান কৰা হ’ল ৷ নাগৰিকত্ব প্ৰদানৰ লগে লগে বাংলাদেশী দুলন দাস 'ভাৰতীয় নাগৰিক’ হৈ পৰিল ৷

অধিবক্তা ধৰ্মানন্দ দেব (ETV Bharat Assam)

দুলন দাসৰ শিলচৰস্থিত অধিবক্তা ধৰ্মানন্দ দেবে ই টিভি ভাৰতক জনাই, "১৯৮৮ চনত দুলন দাস নামৰ লোকজন ভাৰতত প্ৰবেশ কৰিছিল ৷ “কা” বলবৎ হোৱাৰ পাছত যোৱা ১ এপ্ৰিলত “CAA 2019” এপৰ জৰিয়তে শিলচৰৰ দুলন দাসে নাগৰিকত্বৰ বাবে আবেদন কৰিছিল । এই আবেদনৰ পাছত মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ই-মেইলযোগে তেওঁক তেওঁৰ আবেদন গ্ৰহণ আৰু অনুমোদন কৰাৰ কথা জনায় ৷ লগতে তেওঁক গুৱাহাটীৰ আমিনগাঁৱস্থিত লোকপিয়ল সঞ্চালকালয়ৰ পৰা নাগৰিকত্বৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিবলৈ কোৱা হৈছিল ।"

ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰাৰ সময়ত দুলন দাসে বাংলাদেশৰ ১৯৮৬ ৰ ভূমিৰ নথিপত্ৰ দাখিল কৰিছিল বুলি জনাই অধিবক্তা ধৰ্মানন্দ দেবে । ‘কা’ৰ জৰিয়তে নাগৰিকত্ব লাভ কৰা শিলচৰৰ লোকজন উত্তৰ-পূৱৰ প্ৰথম বুলি জনাই অধিবক্তা ধৰ্মানন্দ দেবে । তেওঁ কয়, "দাসৰ পৰিয়ালৰ সদস্যৰ হাতত ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্স আদি নথি-পত্ৰ আছে । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাবে আবেদন কৰিবলৈ ১৯৭১ চনৰ পূৰ্বৰ নথি পত্ৰৰ প্ৰয়োজন ৷ তেওঁ ১৯৮৮ চনত অসমত প্ৰৱেশ কৰাৰ ফলত বংশবৃক্ষ প্ৰতিষ্ঠা কৰাটো অসম্ভৱ হোৱাৰ বাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে আবেদন নকৰিলে ।"

অধিবক্তা দেবে লগতে কয়, "CAA ৰ অধীনত নাগৰিকত্বৰ বাবে কম আবেদনৰ কাৰণসমূহ হৈছে নথিৰ অভাৱ আৰু সজাগতাৰ অভাৱ ৷ ইয়াৰ আবেদন কৰিবলৈ আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ নথিৰ প্ৰয়োজন ৷ কিন্তু এই নথি-পত্ৰ নথকাত তেওঁলোকে CAA ৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদন কৰাত ব্যৰ্থ হৈছে ৷" ধৰ্মানন্দ দেবে জানিবলৈ দিয়া মতে, তেওঁৰ পত্নীৰ লগতে আছে দুই সন্তানো ।

লগতে পঢ়ক: 'কা' কাৰ্যকৰী হ'ল অসমত : দিছপুৰৰ গৃহ বিভাগৰ পৰা আৰক্ষীলৈ গ'ল বিশেষ নিৰ্দেশনা - CAA implementaion in assam

Last Updated : Aug 14, 2024, 7:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.