ETV Bharat / state

তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত নিষেধাজ্ঞা - Assam govt ADRE 2024

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 9:11 PM IST

Assam Direct Recruitment Exam 2024: অহা 15 ছেপ্টেম্বৰত ৰাজ্য়ৰ বিভিন্ন ঠাইত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষা । নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ যাতায়তৰ সুবিধাৰ্থে কি পদক্ষেপ গ্ৰহণ কৰিছে ডিমা হাছাও জিলা প্ৰশাসনে ?

Assam Direct Recruitment Exam 2024
অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা (ETV Bharat)

হাফলং, ১৩ ছেপ্টেম্বৰ: অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে ডিমা হাছাও জিলাৰ লামডিং-শিলচৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ছয়চকীয়া বা তাতোকৈ বেছি চকাযুক্ত বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে ডিমা হাছাও আৰক্ষীয়ে । শুক্ৰবাৰে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক মায়ংক কুমাৰে এই বিষয়ে এক নিৰ্দেশনা জাৰি কৰে । শুক্ৰবাৰৰ পৰা 15 ছেপ্টেম্বৰৰ পৰীক্ষা শেষ নোহোৱালৈকে মান্দাৰদিছাৰ পৰা জাতিংগা-হাৰেংগাযাও আৰু ডিটেকচৰালৈকে এই নিষেধাজ্ঞা বলবৎ থাকিব বুলি উল্লেখ কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

Assam Direct Recruitment Exam 2024
ডিমা হাছাও জিলা আৰক্ষীৰ নিৰ্দেশনা (ETV Bharat)

ইপিনে, তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে অহা 15 ছেপ্টেম্বৰত হাফলঙত সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে ডিমা হাছাও জিলা প্ৰশাসনে । ডিমা হাছাও জিলা প্ৰশাসনে সদৰী কৰা মতে, জিলাখনত ৯টা পৰীক্ষা কেন্দ্ৰত 7979 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব । ইয়াৰ মাজত পুৰুষ পৰীক্ষাৰ্থীৰ সংখ্যা 3928 জন আৰু মহিলা পৰীক্ষাৰ্থীৰ সংখ্যা 4051 গৰাকী । তদুপৰি অহা ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে জিলা আয়ুক্তৰ কাৰ্যালয়, নিউহাফলং ৰে'ল ষ্টেচন ,হাফলং বাছষ্টেণ্ডত তিনিটা কনট্ৰ'ল ৰূম মুকলি কৰিছে।

ইপিনে,ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023-ৰ 163 ধাৰাৰ অধীনত কেইবাটাও নিষেধাজ্ঞা জাৰি কৰিছে ডিমা হাছাও জিলাৰ আয়ুক্ত সীমান্ত কুমাৰ দাসে । এই নিষেধাজ্ঞাৰ অধীনত পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধত পৰীক্ষাৰ্থীৰ বাহিৰে পৰীক্ষা কেন্দ্ৰসমূহ পৰিচলনা কৰা আৰু পৰ্যৱেক্ষণৰ দায়িত্বত থকা বা নিযুক্তি দিয়া চৰকাৰী কৰ্মচাৰীৰ বাহিৰে কোনো ব্যক্তি যাব নোৱাৰিব । ইয়াৰ উপৰি পৰীক্ষা কেন্দ্ৰসমূহত মোবাইল ফোন, ইলেকট্ৰনিক সামগ্ৰী, স্মাৰ্ট ঘড়ী, ইলেকট্ৰনিক পেন ,স্কেনাৰ ব্লুটুথ ডিভাইচ ইয়াৰফোন, মাইক্ৰ'ফোন ডিভাইচ, কেলকুলেটৰ, পেনড্ৰাইভ লৈ যাব নোৱাৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক:ADRE ৰ পৰীক্ষা কেন্দ্ৰলৈ নগাঁৱৰ পৰা কি দৰে সুচল যাতায়ত কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে ? - ADRE 2024

তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে এন এফ ৰে'লৱেৰ 12 খন বিশেষ ৰে'লৰ ব্যৱস্থা - Assam govt ADRE 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.