বিলাসীপাৰা, ১৪ জুলাই: ধুবুৰী জিলাৰ বিলাসীপাৰাত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বৰ্তমানেও বানাক্ৰান্ত ৰাইজৰ মাজত বিৰাজ কৰিছে হাহাকাৰ পৰিস্থিতিয়ে । বলিয়া বানে তচ-নচ কৰিছে কৃষকৰ হাজাৰ হাজাৰ বিঘা মৰাপাট খেতি । খেতিয়কে মূৰৰ ঘাম মাটিত পেলাই কৰা হাজাৰ হাজাৰ বিঘা মৰাপাট খেতি সম্পূৰ্ণৰূপে নষ্ট হৈ যোৱাৰ পিচত বিলাসীপাৰাৰ অধিকাংশ খেতিয়কৰ পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ।
লগতে ঠায়ে ঠায়ে ব্ৰহ্মপুত্ৰ আৰু গৌৰাং নৈৰ ভয়ংকৰ গৰাখহনীয়া বাৰে নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে ৰাইজ । শনিবাৰে উক্ত বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে ধুবুৰীৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে । শৰীৰৰ অসুস্থতাৰ স্বত্বেও যন্ত্ৰচালিত নাৱেৰে বিলাসীপাৰাৰ নৱ-গঠিত বিৰসিং জৰুৱা বিধানসভা সমষ্টিৰ হাতীপোতা, কাঠালদি, বাহিৰ ছুৱাপাতা, মাছানেৰ আলগা, ছুৱাপাতা ৩য় খণ্ড, গুনিমাৰী, শাইলদাৰা, বাঘপাৰা আদি বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে আজমলে ৷ ক্ষয়-ক্ষতিৰ বুজ লৈ আজমল ফাউণ্ডেশ্বনৰ পৰা বানপীড়িত ৰাইজলৈ কিছু পৰিমাণৰ খাদ্য সামগ্ৰী বিতৰণ কৰে নেতাগৰাকীয়ে ।
অসমৰ বান সমস্যা সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ বানাক্ৰান্ত জনতাৰ কাৰণে ২০ কোটি টকাৰ সাহায্য দাবী আৰু ক্ষতিপূৰণ দিবলৈ পত্ৰ যোগে দাবী জনায় প্ৰাক্তন সাংসদ তথা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে । লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি কয় যে অসমৰ উজনি তথা মধ্য অসমত প্ৰতিখন জিলাত বান পৰিস্থিতিৰ পৰিদৰ্শনৰ বাবে মন্ত্ৰীসকলক নিৰ্দেশ দিছে । কিন্তু নামনি অসমৰ ধুবুৰী জিলাত কিয় মন্ত্ৰীসকলক নিৰ্দেশ নিদিলে ?
লগতে ৰাজ্যত কেইবাটাও সমষ্টিত উপ নিৰ্বাচনৰ সম্পৰ্কে এ আই ইউ ডি এফে কিদৰে কুচ-কাৱাজ আৰম্ভ কৰিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত আজমলে কয়, "আমি বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ আহিছোঁ । আমি ৰাজনীতি কৰিবলৈ অহা নাই । যেতিয়া সময় আহিব তেতিয়া ক'ম ।" প্ৰাক্তন সাংসদগৰাকীক সংগ দিয়ে পশ্চিম বিলাসীপাৰা সমষ্টি বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি, পূব-বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামছুল হুদাকে আদি কৰি বিভিন্ন পৰ্যায়ৰ দলীয় কৰ্ম-কৰ্তাসকলে ।