ETV Bharat / state

কাজিৰঙাত যান-বাহনৰ গতিৰোধৰ বাবে সজাগতা অভিযান - Traffic control in Kaziranga

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 2:22 PM IST

Traffic awareness: পানী শুকাইছে কাজিৰঙাত । ৰাষ্ট্ৰীয় উদ্যানখনলৈ উভতিছে বানৰ সময়ত নিৰাপদ স্থানত আশ্ৰয় লোৱা জীৱ-জন্তু । এনে সময়তে যান-বাহনৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰাপাৰ হোৱা বন্য জীৱ-জন্তুৰ কোনো ক্ষতি নহয় তাৰবাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকে ।

Awareness campaign to stop vehicular movement in Kaziranga
যান-বাহনৰ গতিৰোধৰ বাবে সজাগতা অভিযান (ETV Bharat Assam)

কলিয়াবৰ,২১ জুলাই: ক্ৰমান্বয়ে হ্ৰাস পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান । বানৰ কবলত পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকুলে আশ্ৰয় ল'বলৈ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰলৈ ঢাপলি মেলে । জলস্তৰ হ্ৰাস পোৱাৰ লগে-লগে উচ্চভূমিত আশ্ৰয় লোৱা জীৱ-জন্তু পুনৰ উভতিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ । শনিবাৰৰে পৰা যান-বাহনৰ যাতায়তৰ সময়ত পাইলট কাৰেৰে গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা সাময়িকভাৱে স্থগিত ৰাখিছে ।

তথাপিও যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ প্ৰতি সজাগ কৰিবলৈ স্বেচ্ছাসেৱী সংস্থা আৰণ্যকে শনিবাৰে পৰা এক সজাগতা কাৰ্যসূচী হাতত লোৱা দেখা গৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ৰাষ্ট্ৰীয় পথত কলিয়াবৰ মহাবিদ্যালয়ৰ স্কাউট-গাইড আৰু ৰাষ্ট্ৰীয় সেৱা বাহিনীৰ ছাত্ৰ-ছাত্ৰীৰ দলে আৰণ্যক এই পদক্ষেপত সহযোগিতা আগবঢ়ায় । বিগত বানৰ সময়ছোৱাত দেখা গৈছিল দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰিবৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই টাইম কাৰ্ডৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ।

উদ্যানখনত জলস্তৰ বৃদ্ধি হোৱাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথছোৱাত জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে এইবাৰ পূৰ্বৰ টাইম কাৰ্ডৰ সলনি আৰক্ষীৰ 'পাইলট কাৰ'ৰ ব্যৱস্থা কৰিছিল । কিন্তু এই বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আৰক্ষী প্ৰশাসনৰ সহযোগত নিৰ্দিষ্ট সংখ্যক বাহনক একগোট কৰি আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজৰে কলিয়াবৰৰ ৰাঙলুৰ পৰা কাজিৰঙাৰ কঁহৰালৈ আগবঢ়াই নিছিল । তদ্ৰুপ উজনিৰ দিশৰ পৰা অহা বাহনসমূহৰ ক্ষেত্ৰতো একেই ব্যৱস্থাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যান-বাহনসমূহ পাৰ কৰিছিল আৰক্ষীয়ে ।

ইতিমধ্যে, জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অংশ শুকাবলৈ আৰম্ভ কৰিছে । ৰাষ্ট্ৰীয় ঘাই পথেৰে পাৰ হোৱা বন্যজন্তু পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে । সেই জীৱ-জন্তুৰ সুৰক্ষাৰ বাবেই গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা । আনহাতে, ৰাজ্যৰ পৰিবহন বিভাগৰ ভ্ৰাম্যমাণ যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে এটা দলে ইণ্টাৰচেপ্টৰ বাহনৰ জৰিয়তে যান-বাহনৰ পৰা যাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ কোনো ক্ষতি নহয় সেই লৈ তীক্ষ্ণ নজৰ দিয়া পৰিলক্ষিত হৈছে ।

ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই নিজাববীয়াকৈ লোৱা সুৰক্ষা ব্যৱস্থাত স্থানীয় ৰাইজ, গাঁওৰক্ষী বাহিনী, প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ প্ৰতিনিধিয়ে সহযোগিতা আগবঢ়াই আহিছে বুলি জনাই বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াই ।

লগতে পঢ়ক: সংৰক্ষিত বনাঞ্চল সন্দৰ্ভত অসমৰ বন বিভাগক সিদ্ধান্ত ল’বলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ - Forest land and wildlife of Assam

বানত প্ৰাণ হেৰুৱালে কাজিৰঙাৰ ১০ টা গঁড়সহ ১৭৪ টা বন্যপ্ৰাণীয়ে - Assam Flood 2024

এছকৰ্টৰ সহায়ত নিয়ন্ত্ৰিত গতিৰে কাজিৰঙাত যান-বাহন পাৰ কৰাৰ ব্যৱস্থা পৰিবহন বিভাগৰ - Traffic regulated for KNP animals

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.