ETV Bharat / state

২২ আগষ্টৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিবেশন: উত্থাপন হ'ব কেইবাখনো বিধেয়ক - ASSAM ASSEMBLY SESSION 2024 - ASSAM ASSEMBLY SESSION 2024

Autumn session of Assam Assembly: ২২ আগষ্টৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শৰৎকালীন অধিবেশন ৷ এইবাৰ বিধানসভাত উত্থাপন কৰা হ'ব নগৰ তথা মহানগৰ অঞ্চলত হৈ থকা কৃত্রিম বান প্ৰতিৰোধৰ বাবে এখন নতুন বিধেয়ক ।

Autumn session of Assam Assembly
অসম বিধানসভাৰ শৰৎকালীন অধিবেশন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 2:07 PM IST

গুৱাহাটী, ২১ আগষ্ট : অসম বিধানসভাৰ শৰৎকালীন অধিবেশন ২২ আগষ্ট অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ'ব । এই কথা ইতিমধ্যে অসম বিধানসভাৰ সচিবালয়ে এক অধিসূচনাৰ জৰিয়তে সদৰী কৰিছে । সেই অনুসৰি পঞ্চদশ অসম বিধানসভাৰ ২০২৪ বৰ্ষৰ শৰৎকালীন অধিবেশন কাইলৈৰ পৰা ৩০ আগষ্টলৈ অনুষ্ঠিত হ'ব ।

কোন দিনা কি কাৰ্যসূচী থাকিব ?

এই সন্দৰ্ভত আগবঢ়োৱা কাৰ্যসূচী অনুসৰি ২২ আগষ্ট বৃহস্পতিবাৰে প্ৰথম দিনৰ কাৰ্যসূচীত আছে মৃত্যু প্রসংগ, প্রশ্নসমূহ, ২০২৪ চনৰ শৰৎকালীন অধিবেশনৰ বাবে কাৰ্যসূচী স্থিৰ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত অধ্যক্ষৰ ঘোষণা, অসম বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ ৯ (১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম সন্দৰ্ভত অধ্যক্ষৰ ঘোষণা ।

লগতে আছে অধ্যাদেশসমূহ দাখিল কৰা, প্রতিবেদন,নিয়মাৱলী ইত্যাদি দাখিল,বিধানসভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদন উপস্থাপন,বিভিন্ন সমিতি,পৰিষদ আদিলৈ সদস্য নিৰ্বাচনৰ বাবে প্রস্তাৱ, ২০২৪-২৫ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী উপস্থাপন, চৰকাৰী বিধেয়কসমূহ উপস্থাপন আৰু অন্যান্য চৰকাৰী কার্যসূচী ।

অহা ২৭ আগষ্ট মঙলবাৰে আছে প্রশ্নসমূহ,সদস্যৰ সময়,বে-চৰকাৰী সদস্যৰ কার্যসূচী ক্রমে বিধেয়ক সমূহ,সংকল্প প্রস্তাৱসমূহ বিশেষ প্ৰস্তাৱ ইত্যাদি আৰু অন্যান্য চৰকাৰী কাৰ্যসূচী ।

২৮ আগষ্ট বুধবাৰে আছে প্রশ্নসমূহ,২০২৪-২০২৫ বৰ্ষৰ পৰিপূৰক মঞ্জুৰীৰ বাবে দাবীসমূহৰ ওপৰত আলোচনা আৰু ভোটদান । লগতে আছে ২০২৪-২৫ বৰ্ষৰ বাকী থকা পৰিপূৰক দাবী মঞ্জুৰীৰ ওপৰত ভোটদান, ২০২৪ চনৰ অসম বিনিয়োজন (নং ৩) বিধেয়ক উপস্থাপন, বিবেচনা আৰু পাৰিতকৰণ আৰু অন্যান্য চৰকাৰী কাৰ্যসূচী ।

অধিবেশনৰ ২৯ আগষ্ট বৃহস্পতিবাৰে প্ৰশ্ন সমূহ,চৰকাৰী বিধেয়কসমূহ উপস্থাপন,বিবেচনা আৰু পাতিকৰণ আৰু অন্যান্য চৰকাৰী কাৰ্যসূচী । আনহাতে,অন্তিম দিনৰ কাৰ্যসূচীত আছে প্রশ্নসমূহ, বে-চৰকাৰী সদস্যৰ কাৰ্যসূচী যেনে বিধেয়কসমূহৰ বিশেষ প্ৰস্তাৱ, সংকল্প প্ৰস্তাৱসমূহ ইত্যাদি, অন্যান্য চৰকাৰী কাৰ্যসূচী আৰু অনিৰ্দ্দিষ্ট কালৰ বাবে সদন স্থগিতকৰণ ।

উল্লেখ্য যে এইবাৰৰ অধিবেশনত বহু কেইখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব । কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি এইবাৰৰ অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰা হ'ব । ইয়াৰ ভিতৰত অন্যতম হৈছে 'অসম নগৰ এলেকা জলাশয় সংৰক্ষণ আৰু সংবৰ্ধন বিধেয়ক-২০২৪'।

নগৰ তথা মহানগৰৰ কৃত্রিম বান ৰোধৰ বাবে গ্ৰহণ কৰা হ'ব নতুন বিধেয়ক :

নগৰ তথা মহানগৰ অঞ্চলত হৈ থকা কৃত্রিম বান প্ৰতিৰোধৰ বাবে এখন নতুন বিধেয়ক এইবাৰ বিধানসভাত উত্থাপন কৰা হ'ব । 'অসম নগৰ এলেকা জলাশয় সংৰক্ষণ আৰু সংবৰ্দ্ধন বিধেয়ক-২০২৪' কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ অধিৱেশনত উত্থাপন কৰা হ'ব । এই বিধেয়কৰ যোগেদি ৰাজ্যৰ সকলো নগৰাঞ্চলৰ সকলো জলাশয় ইয়াৰ অন্তৰ্ভুক্ত হ’ব । সকলো প্ৰাকৃতিক জান-জুৰি ইয়াত অন্তৰ্ভুক্ত হৈছে । ইয়াত চৰকাৰী জলাশয়ৰ উপৰি ২ একৰৰ ওপৰৰ ব্যক্তিগত জলাশয়ো থাকিব ।

নগৰ তথা মহানগৰত ৬ বিঘাতকৈ অধিক ভূমিৰ ব্যক্তিগত মালিকানাধীন জলাশয় নাইবা পুখুৰী থাকিলে এই বিধেয়কৰ অধীনলৈ আহিব । যিটো সংৰক্ষণ আৰু সংবৰ্দ্ধন কৰা হ'ব আৰু ব্যক্তিগত হ'লেও পুতিব নোৱাৰিব ।

ইয়াৰ বাবে দুখন কমিটী গঠন কৰা হ’ব । এখন ৰাজ্যিক পৰ্যায়ৰ আৰু আনখন জিলা পৰ্যায়ৰ । এই কমিটীসমূহে তিনি মাহৰ ভিতৰত সকলো জৰীপ সম্পূৰ্ণ কৰি প্ৰতিবেদন ৰাজ্যিক কমিটীলৈ প্ৰেৰণ কৰিব । এইক্ষেত্রত ৰাইজৰ ওজৰ-আপত্তি গ্ৰহণৰো ব্যৱস্থা থাকিব । সকলো হোৱাৰ পাছত সেইসমূহ ৰাজ্য চৰকাৰে সংৰক্ষণ কৰিব । সংৰক্ষিত জলাশয়, জান-জুৰি নাইবা পুখুৰী কোনোৱে দখল কৰিলে তিনিবছৰ পৰ্যন্ত কাৰাদণ্ড আৰু এক লাখ টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ দ্বাৰা কৃত্রিম বানপানীৰ পৰা সকাহ পোৱা যাব বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক:২২ আগষ্টৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন - Assam Assembly session

২২ আগষ্টৰ পৰা অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.