ETV Bharat / state

কোকৰাঝাৰত যুৱকক হত্যাৰ চেষ্টা; গুৰুতৰভাৱে আহত

Attempt to Murder in Kokrajhar : কোকৰাঝাৰত এজন যুৱকক দুষ্কৃতিকাৰীৰ হত্যাৰ চেষ্টা । গুৰুতৰভাৱে আহত যুৱক । আক্ৰমণকাৰী পলাতক ৷

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 10:11 PM IST

কোকৰাঝাৰত যুৱকক হত্যাৰ চেষ্টা
কোকৰাঝাৰত যুৱকক হত্যাৰ চেষ্টা
কোকৰাঝাৰত যুৱকক হত্যাৰ চেষ্টা; গুৰুতৰভাৱে আহত

কোকৰাঝাৰ ৫ ফেব্ৰুবাৰী : কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত ভবানীপুৰত দুষ্কৃতিকাৰীৰ আক্ৰমণত এগৰাকী যুৱক গুৰুতৰভাৱে আহত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আহত যুৱকজনক ভবানীপুৰ গাঁৱৰ বিশাল দাস (২৩) বুলি জানিব পৰা গৈছে । ঘটনা সংক্ৰান্তত আঘাতপ্ৰাপ্ত যুৱকজনৰ মাতৃ সাৱেত্ৰী দাসে সোমবাৰে বিয়লি কোকৰাঝাৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰি ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনায় ৷

মাতৃ সাৱেত্ৰী দাসে কোকৰাঝাৰ সদৰ থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে, কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত পাথৰঘাটৰ নিৱাসী শৰৎ দাসৰ নেতৃত্বত দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত ঘৰলৈ ওভতাৰ পথত ঘৰ পাবলৈ মাত্ৰ কেইশমান মিটাৰ বাকী থকা অৱস্থাত বিশাল দাসক বাটামেৰে মূৰত প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে । প্ৰাণৰ মমতাত বিশাল দাসে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই অহাত দুষ্কৃতিকাৰীসকল পলায়ন কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিশাল দাসক কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আঘাত গুৰুতৰ হোৱালৈ চাই চিকিৎসকে নিশাতেই বৰপেটা মেডিকেল কলেজ আৰু হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও শৰৎ দাসে তেওঁৰে একালৰ কৰ্মচাৰী বিশাল দাসক মাৰপিট কৰা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে ।

এসময়ত শৰৎ দাসৰ মোবাইল ফোনৰ দোকানত বিশাল দাসে কাম কৰিছিল । কিন্তু কাম বাদ দিয়াৰ পিছৰে পৰা শৰৎ দাসে বিশাল দাসক কটুক্তি কৰি আহিছিল । বিশাল দাসে সম্প্ৰতি অইন এখন মোবাইল ফোনৰ দোকানত কাম কৰে আৰু সেইখন দোকানৰ স্বত্বাধিকাৰীয়ে স্কুটীৰে বিশাল দাসক ঘৰৰ কাষত নমাই থৈ অহাৰ পিছতে উক্ত ঘটনাটো সংঘটিত হয় ।

সম্প্ৰতি অভিযুক্ত শৰৎ দাস পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে শৰৎ দাসৰ জ্যেষ্ঠ ভাতৃ ভৰত দাসক সোধা-পোছাৰ বাবে থানালৈ লৈ আহিছে ।

লগতে পঢ়ক :প্ৰসিদ্ধ বৌদ্ধ ধৰ্মগুৰু ডঃ শাসনবংশ মহাথেৰ ভান্তেৰ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.