বৰপেটা, ১৮ আগষ্ট : বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগৰ ঘটনা এটাক লৈ শনিবাৰে দঙৰকুছি গাঁওখনৰ নতুনকৈ বসতি কৰা একাংশ সংখ্যালঘু সম্প্রদায়ৰ লোকে হাতে হাতে দা, লাঠি, লোৰ ৰড, বাঁহ আদি লৈ থলুৱা লোকসকলৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ইয়াকে লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ । বিশেষকৈ গাঁওখনত বসতি কৰা ছাহজাহান আলী নামৰ প্ৰাক্তন চিআৰপিএফ জোৱানজনৰ নেতৃত্বত চলোৱা এই আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত দেওবাৰে শতাধিক মহিলাই উলিয়াই প্ৰতিবাদী সমদল ।
কোনে চলালে আক্ৰমণ ?
ভুক্তভোগীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি চাহজাহান আলীৰ নেতৃত্বত ৰাজু আলী, ৰাহুল আমিন, জুলফিক্কাৰ আহমেদ, চামচুল হক, জামাল হুছেইন আদিকে ধৰি প্ৰায় কুৰিজনীয়া দুস্কৃতিকাৰীয়ে দলবদ্ধ আক্ৰমণ চলায় । এই আক্ৰমণত দীপজ্যোতি দাস, কুণ্ডল দাস, গৌৰাংগ দাস, বিকাশদ্বীপ বৈশ্যৰ লগতে আন কেবাগৰাকী যুৱক গুৰুতৰভাৱে আহত হয় ।
প্ৰাণেমৰাৰ ভাবুকি :
আনকি ঘটনাৰ সময়ত ৰাজপথেৰে কলেজলৈ গৈ থকা দুজন কলেজীয়া ছাত্ৰকো মাজবাটত আৱদ্ধ কৰি মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । লগতে প্ৰাক্তন চিআৰপিএফ জোৱান ছাহজাহানে পূৰৱী দাস নামৰ নির্দোষী মহিলা এগৰাকীৰ ঘৰতো আক্ৰমণ চলায় । অভিযুক্তসকলে পূৰৱী দাসৰ ঘৰৰ দৰ্জাত ভৰিৰে গোৰ মাৰি ভাঙিবলৈ চেষ্টা কৰাৰ লগতে ঘৰ জ্বলাই দি পুৰি মৰাৰো ভাবুকি দিয়ে । আনকি দঙৰকুছি গাঁৱত কোনো হিন্দু মানুহ থাকিব দিয়া নহ'ব বুলিও ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ।
উত্থাপিত অভিযোগ মতে, গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰাধীন কপিল দেৱ দাসৰ মাটিত বিদ্যুৎ সংযোগৰ বাবে খুটা পোতাকলৈয়ে ঘটনাৰ সূত্ৰপাত হয় । বিদ্যুৎ সংযোগৰ বাবে তাঁৰ টানিবলৈ বাধা দিয়া বাবেই প্ৰাক্তন চিআৰপিএফ জোৱান ছাহজাহানৰ নেতৃত্বত একাংশ সংখ্য়ালঘু লোকে পৰিকল্পিতভাৱে হাতত থকা দা, লাঠি, লোৰ খন্টা আদিৰে আক্ৰমণ চলোৱা বুলি বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে ।
দুই অভিযুক্তক গ্ৰেপ্তাৰ :
ইপিনে, এই ঘটনাৰ পিচতে বৰপেটা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ছাহজাহান নামৰ অভিযুক্তটোক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে লগতে নিশাৰ ভাগতে অভিযান চলাই সুৰত জামাল নামৰ আন এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰে । পিচত আহত সকলক পৰিয়ালৰ লোকে বৰপেটা চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত ভৰ্তি কৰি চিকিৎসাৰ ব্যৱস্থা কৰে । বৰপেটাৰ দঙৰকুছি গাঁৱত সংঘটিত এই ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।