ETV Bharat / state

টেংকাৰ চালকক ধনদাবী কৰি গ্ৰেপ্তাৰ আটাছুৰ নেতা-কৰ্মী - ATASU Leader Arrested

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 2:11 PM IST

IOC terminal : আই অ' চিৰ টাৰ্মিনেলৰ টেংকাৰে তেল চুৰি কৰা বুলি অভিযোগ উত্থাপন কৰি চালকৰ পৰা ধন সংগ্ৰহৰ পাং পাতিছিল আটাছু নেতাই । পিছে দিন আছিল বেয়া । এতিয়া ৰঙাঘৰৰ আলহী হৈছে ছাত্ৰ নেতা ।

ATASU Leader Arrested in Tinsukia
ধৃত আটাছু নেতা (ETV Bharat Assam)

তিনিচুকীয়া, ২৮ আগষ্ট: ৰাজ্যত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত মিঞা মুছলমান জড়িত থকাৰ অভিযোগ উত্থাপন কৰি কেইবাটাও দল-সংগঠনে উত্তাল কৰি থকাৰ মাজতেই টেংকাৰ চালকক ধনদাবী কৰি গ্ৰেপ্তাৰ আটাছু নেতাৰ । ধন দাবী কৰাৰ অভিযোগত মঙলবাৰে ডিগবৈত আটাছুৰ তিনিচুকীয়া জিলা সমিতিৰ চাৰি নেতা-কৰ্মীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ হোৱা নেতা-কৰ্মীকেইগৰাকীয়ে আটাছু নেতা মিলন বুঢ়াগোহাঁই পন্থীৰ বুলি কয় ৷

ধৃত আটাছু নেতা (ETV Bharat Assam)

ধনদাবী কৰা ঘটনাত গ্ৰেপ্তাৰ হোৱা চাৰি আটাছু নেতা-কৰ্মী হৈছে তিনিচুকীয়া সমিতিৰ সম্পাদক সমৰজিৎ কোঁৱৰৰ লগতে ৰণ্টু গগৈ, জগত শেনচোৱা আৰু দীপ দাস । ডিগবৈ আই অ' চিৰ টাৰ্মিনেলৰ টেংকাৰে তেল চুৰি কৰি থকা বুলি ছাত্ৰ নেতাকেইজনে অভিযোগ উত্থাপন কৰে যদিও টেংকাৰৰ চালকে তেল চুৰি কৰা বিষয়তো একেবাৰেই নস্যাৎ কৰিছে ।

টেংকাৰ চালকৰ অভিযোগ অনুসৰি, ধৃত ছাত্ৰ নেতাকেইজনে টেংকাৰখনৰ ভিডিঅ' কৰিছে আৰু চালকজনক ৰঙা গাড়ীখনত বহাই লৈ ৫০ হাজাৰ টকা ধনদাবী কৰে ৷ ধন নিদিলে ভিডিঅ' ভাইৰেল কৰাৰ ধমকি দিয়ে ৷ লগতে উক্ত চালকজনে টাৰ্মিনেলত টেংকাৰৰ পৰা তেল চুৰি নহয় বুলি উল্লেখ কৰে ৷ কিন্তু কিছুদিনৰ পূৰ্বে টাৰ্মিনেলত টেংকাৰৰ পৰা তেল চুৰি কৰি থকাৰ এটা ভিডিঅ' বিয়পি পৰে যদিও সেয়া টাৰ্মিনেলৰ নহয় বুলি নস্যাৎ কৰে ৷

ইফালে গ্ৰেপ্তাৰ কৰা আটাছু নেতা কৰ্মীৰ বিৰুদ্ধে ডিগবৈ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৩০৮(৫) /১৪০(২) /৩(৫) ধাৰাত ১০০/২৪ নম্বৰত এক গোচৰ ৰুজু কৰি ডিগবৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত । ডিগবৈ আৰক্ষীয়ে আটাছু কৰ্মীকেইজনৰ পৰা এই এছ ২৩ এ এইচ ০৬৯৫ নম্বৰৰ এখন ৰঙা ৰঙৰ বাহনো জব্দ কৰে ।

লগতে পঢ়ক:মহানগৰীত আলফা (স্বাধীন)ৰ নামত ব্যৱসায়ীক ধন দাবী

তেজপুৰ আৰক্ষীৰ জালত আলফা স্বাধীনৰ তিনি সদস্য - ULFA I CADRE ARRESTED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.