ETV Bharat / state

চাহ ব'ৰ্ড-মুখ্যমন্ত্ৰীক কেঁচা চাহপাত ক্ৰয় বিবাদ নিষ্পত্তি কৰিবলৈ দাবী আটাছুৰ - Conflict on raw tea leaves - CONFLICT ON RAW TEA LEAVES

Assam Tea:মৰাণত ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাক লৈ সৰৱ আটাছুৰ কেন্দ্ৰীয় সমিতি । ক্ষুদ্ৰ চাহ খেতিয়ক, বটলিফ ফেক্টৰীৰ সমস্যা সমাধান নোহোৱা পৰ্যন্ত কেঁচা চাহপাত ল'বলৈ দাবী আটাছুৰ ।

ATASU press Meet on raw tea leaves
সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 9:02 PM IST

মৰাণ, ২ জুন: শেহতীয়াভাৱে বটলিফ কোম্পানীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ক্ৰয় নকৰে বুলি ঘোষণা কৰাৰ পিচতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । এনে সিদ্ধান্তৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়কসকল সৰৱ হৈ থকাৰ মাজতেই এইবাৰ বিষয়টো নিষ্পত্তি কৰিবলৈ ভাৰতীয় চাহ ব'ৰ্ড আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুই ।

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল (ETV BHARAT ASSAM)

ক্ষুদ্ৰ চাহ খেতিয়কৰ পক্ষত ঠিয় দিছে সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ কেন্দ্ৰীয় সমিতি ৷ দেওবাৰে মৰাণত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সৈতে হোৱা এক গুৰুত্বপূৰ্ণ আলোচনাৰ পাছতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিভিন্ন সমস্যা সম্পৰ্কত স্থিতি স্পষ্ট কৰিছে সংগঠনটোৱে ৷ ভাৰতীয় চাহ ব'ৰ্ডৰ নীতি-নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত বটলিফ টি মেনুফেকচাৰ্ছ সন্থাই যোৱা ১ জুনৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাগিচাত উৎপাদিত কেঁচা চাহপাত ল'বলৈ অস্বীকাৰ কৰাৰ পাছতে গভীৰ সমস্যাৰ সমূখীন হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল ৷

দেওবাৰে মৰাণত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে আয়োজন কৰা সংবাদমেলৰ জৰিয়তে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰীয়ে সন্মুখীন হোৱা সমস্যাসমূহ শীঘ্ৰে সমাধানৰ ব্যৱস্থা কৰিবলৈ ভাৰতীয় চাহ ব'ৰ্ড আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে সংগঠনটোৱে ৷ সংবাদমেলত অংশগ্ৰহণ কৰি আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন বুঢ়াগোহাঁইয়ে ভাৰতীয় চাহ ব'ৰ্ডক কঠোৰ সমালেচনা কৰি কয় যে বৃহৎ পুঁজিপতিৰ স্বাৰ্থৰ বাবে চাহ ব'ৰ্ডে লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কক অন্ধকাৰলৈ ঠেলি দিছে ৷

ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিচাত ৰাসায়নিক সাৰৰ অথবা ৰাসায়নিক কীটনাশক ঔষধ প্ৰয়োগৰ ক্ষেত্ৰত স্পষ্ট নীতি-নিৰ্দেশনা, চাহ-বগিচাসমূহত ইয়াৰ প্ৰয়োগৰ লগতে সাৰৰ প্ৰতিষ্ঠানসমূহত বিক্ৰীৰ সম্পৰ্কতো কোনোধৰণৰ কাৰ্যকৰী ব্যৱস্থা ভাৰতীয় চাহ ব'ৰ্ডে গ্ৰহণ নকৰাৰ ফলতে আজি এনে অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি অভিযোগ কৰে মিলন বুঢ়াগোহাঁইয়ে ৷ এই সমস্যাসমূহ সমাধান নোহোৱা পৰ্যন্ত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উৎপাদিত কেঁচা চাহপাত বটলিফ ফেক্টৰীসমূহে ল'বই লাগিব বুলিও আটাছুৰ সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷

একেদৰে সংবাদমেলত উপস্থিত থাকি আটাছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি দেৱজিত গগৈ, যুটীয়া সম্পাদক ভাস্কৰজ্যোতি বৰগোহাঁইয়ে অসমৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা শীঘ্ৰে সমাধানৰ দাবী জনায় ৷ অন্যথা সংগঠনটোৱে ভাৰতীয় চাহ ব'ৰ্ডৰ জিলা আৰু আঞ্চলিক কাৰ্যালয়সমূহৰ সমুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক:অনিদিৰ্ষ্ট কাললৈ বন্ধ কলঘৰ : ভাৰতীয় টি ব’ৰ্ডক জগৰীয়া বটলিফ ফেক্টৰী মালিকৰ - Assam Tea Industry

শিৱসাগৰৰ দুটা বটলিফ কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ দাবী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ - Small Tea Growers Association

বটলিফ ফেক্টৰীয়ে কিয় নলয় ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ? - Small Tea Growers

বটলিফ ফেক্টৰীয়ে নলয় কেঁচা চাহপাত : আন্দোলনৰ হুংকাৰ আটাছুৰ - Assam Tea Industry

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.