ETV Bharat / state

কেৰালাত সংঘটিত হত্যাকাণ্ডৰ অভিযুক্তক কাছাৰত গ্ৰেপ্তাৰ; হত্যাৰ অভিযুক্ত অসমৰেই মহিলা - KERALA MURDER CASE

Kerala Police: কেৰালাত স্বামীক হত্যা কৰি কাছাৰত আত্মগোপন এগৰাকী মহিলাৰ । অসম আৰক্ষীৰ সহযোগত কেৰালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মহিলাগৰাকীক ।

Kerala Murder
স্বামীহন্তা মহিলাক কাছাৰৰ পৰা গ্ৰেপ্তাৰ কেৰালা আৰক্ষীৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 2:26 PM IST

শিলচৰ, ১৪ অক্টোবৰ: কেৰালাত নৃশংস হত্যাৰ বলি অসমৰ এজন লোক । পত্নীৰ বিৰুদ্ধে হত্যাৰ গুৰুতৰ অভিযোগ উত্থাপন । কাছাৰ জিলাৰ পৰা গ্ৰেপ্তাৰ হৈছে অভিযুক্ত পত্নী । অসম আৰক্ষীৰ সহযোগত কেৰালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক । ঘটনাৰ বিষয়ে শুনিলে আপোনাৰ গাৰ নোম শিয়ঁৰি উঠিব ।

ঘটনাটো কি ?

জানিব পৰা মতে, নগাঁৱৰ মৈৰাবাৰীৰ বাবুল হুছেইন আৰু তেওঁ দ্বিতীয়া পত্নী কৰ্মসূত্ৰে দীৰ্ঘদিনৰ পৰা কেৰালাৰ এৰ্নাকুলাম জিলাত আছিল । ইফালে বাবুল হুছেইনৰ প্ৰথমা পত্নীক কেন্দ্ৰ কৰি বাবুল হুছেইন আৰু দ্বিতীয়া পত্নীৰ মাজত বিবাদ চলি আহিছিল । যোৱা ১ অক্টোবৰত তেওঁলোকৰ মাজত কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল । এই কাজিয়াৰ পৰিণতি স্বৰূপে ভাড়াঘৰৰ ভিতৰতে পত্নীৰ হাতত নিহত হয় বাবুল হুছেইন । অভিযোগ অনুসৰি দ্বিতীয়া পত্নীয়ে প্ৰথমে চোকা অস্ত্ৰৰে বাবুলক আক্ৰমণ কৰে আৰু পিছত দেহত এচিড নিক্ষেপ কৰে । এই হত্যাকাণ্ডৰ পাচতে পত্নীয়ে কেৰালাৰ পৰা পলায়ন কৰি কাছাৰৰ ভাগা অঞ্চলত আত্মগোপন কৰে । হত্যাকাণ্ডত মহিলাগৰাকীৰ ভগ্নীও জড়িত আছিল বুলি অভিযোগ উঠিছে ।

স্বামীহন্তা মহিলাক কাছাৰৰ পৰা গ্ৰেপ্তাৰ কেৰালা আৰক্ষীৰ (ETV Bharat)

কাছাৰত আত্মগোপন :

কাছাৰলৈ পলাই আহি ভাগাৰ ইটাভাটাত শ্ৰমিক হিচাপে নিয়োজিত হৈ পৰে মহিলাগৰাকী । ইফালে ভাড়াঘৰৰ পৰা কেৰালা আৰক্ষীয়ে স্বামী বাবুল হুছেইনৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে । তদন্তৰ সময়ত কেৰালা আৰক্ষীয়ে অভিযুক্ত পত্নীয়ে কাছাৰৰ ভাগাত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল । সেই তথ্যৰ ভিত্তিত দেওবাৰে কেৰালা আৰক্ষীৰ এটা দল কাছাৰত উপস্থিত হয় । কাছাৰ আৰক্ষীৰ সহযোগত ভাগাত অভিযান চলাই অভিযুক্ত পত্নীক গ্ৰেপ্তাৰ কৰে । কেৰালা আৰক্ষীয়ে ইতিমধ্যে স্বামীহন্তা মহিলাগৰাকীক কেৰালালৈ লৈ গৈছে ।

লগতে পঢ়ক :মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন কৰা কয়েদীৰ মৃতদেহ উদ্ধাৰ লাহৰীঘাটত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.