ETV Bharat / state

'ডানা'ৰ প্ৰভাৱত ৰাজ্যৰ ক'ত ক'ত হ'ব বৰষুণ ?

'ডানা'ৰ প্ৰভাৱত ৰাজ্যত হ'ব বৃষ্টিপাত । কোন কোন জিলাত পৰিব প্ৰভাৱ ? আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিলে কি তথ্য ?

Assam will also witness the impact of Cyclone Dana, there will be rain
'ডানা'ৰ প্ৰভাৱত ৰাজ্যৰ ক'ত ক'ত হ'ব বৰষুণ ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

গুৱাহাটী: বুধবাৰৰ পৰা তীব্ৰতৰ হৈ পৰিছে সামুদ্ৰিক ঘূৰ্ণী বতাহ 'ডানা' । 'ডানা'ৰ প্ৰভাৱ অসমতো পৰিব বুলি উল্লেখ কৰে বৰঝাৰস্থিত গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । অৱশ্যে বৰ্তমান পৰ্যন্ত এই ক্ষেত্ৰত কোনো ধৰণৰ সতৰ্কবাণী জাৰি কৰা নাই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । আই এম ডিয়ে সদৰী কৰা তথ্য মতে বৃহস্পতিবাৰৰ নিশা বা ২৫ অক্টোবৰৰ পুৱাৰ ভাগত সামুদ্রিক ঘূর্ণী বতাহ 'ডানা'ৰ ওড়িশাত প্ৰৱেশ কৰিব ।

লগতে পৰৱৰ্তী সময়ত পশ্চিমবংগৰ উপকুলীয় অঞ্চলত প্ৰৱেশ কৰিব । আই এম ডিয়ে ঘূৰ্ণী বতাহৰ গতিবেগ প্রতি ঘণ্টাত ১০০ৰপৰা ১১০ কিলোমিটাৰ হোৱাৰ লগতে ভূমিস্পৰ্শৰ সময়ত ইয়াৰ বেগ ১২০ কিলোমিটাৰলৈ বৃদ্ধি পাব বুলি আশংকা কৰিছে । সামুদ্রিক ঘূর্ণী 'ডানা'কলৈ সতৰ্ক হৈছে ওড়িশা আৰু পশ্চিমবংগ চৰকাৰ । ওড়িশা আৰু পশ্চিমবংগ চৰকাৰে উপকূলীয় অঞ্চলৰপৰা তাৰ বাসিন্দাসকলক স্থানান্তৰ কৰা কাম তীব্ৰতৰ কৰি তুলিছে ।

Assam will also witness the impact of Cyclone Dana, there will be rain
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য (ETV Bharat Assam)

বংগোপসাগৰত সৃষ্টি হোৱা তীব্র চাপৰ প্ৰভাৱত 'ডানা' ঘূৰ্ণীৰ উদ্ভৱ হৈছে আৰু ই অচিৰেই তীব্ৰ ৰূপ ধাৰণ কৰাৰ আশংকাৰ সৃষ্টি হৈছে । দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি এই ঘূৰ্ণী বতাহে ওড়িশাৰ কণিকা পাৰ্ক আৰু ধামৰা বন্দৰৰ মাজৰ উপকূলত প্রথমে আঘাত হনা আশংকা আছে । 'ডানা'ৰ প্রভাৱ ওড়িশাতেই আটাইতকৈ বেছি পৰাৰ লগতে ইয়াৰ প্ৰভাৱত তীব্ৰ ধুমুহা আৰু বৃষ্টিপাত হোৱাৰ আশংকা কৰা হৈছে ।

'ডানা'ৰ প্ৰভাৱত ৰাজ্যত হ'ব বৃষ্টিপাত (ETV Bharat Assam)

পশ্চিমবংগতো 'ডানা'ৰ ক্ষয়ক্ষতি ৰোধৰ বাবে বিভিন্ন সতর্কতামূলক ব্যৱস্থা লোৱা হৈছে । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 'ডানা'ৰ প্ৰভাৱত অসমৰ ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, কামৰূপ, কামৰূপ মহানগৰ, কৰিমগঞ্জ, পশ্চিম কাৰ্বি আংলং, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও আৰু গোলাঘাট জিলাত বৰষুণ হ'ব । ইপিনে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি গুৱাহাটীত অহা ২৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ দিনৰ ভাগত ঘন কুঁৱলী পৰিব ।

উল্লেখ্য যে, সামুদ্ৰিক ধুমুহাৰ 'ডানা' প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই দেশৰ আন ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চললৈ পশ্চিমবংগ, ওড়িশাকে ধৰি দক্ষিণ ভাৰতৰ পৰা অহা-যোৱা কৰা কেবাখনো ৰে’লৰ চলাচল বাতিল কৰাৰ লগতে বহুকেইখন ৰে’লৰ নিয়ন্ত্ৰণ আৰু গতিপথৰ সলনি কৰিছে ।

২৪ অক্টোবৰত অসমৰ পৰা বহিঃৰাজ্যলৈ চলাচল কৰা চাৰিখন ৰে’লৰ সেৱা বাতিল কৰিছে উত্তৰ পূৱ সীমান্ত ৰে’লৱে ।

লগতে পঢ়ক: অসমতো পৰিছে 'ডানা'ৰ প্ৰভাৱ: ব্যাহত ৰে’লসেৱা

গঠন হ'ল 'ডানা'; ১০ লাখ লোকক স্থানান্তৰ ওড়িশা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.