ETV Bharat / state

অৰুণাচলত পুতি থোৱা অৱস্থাত উদ্ধাৰ অসমৰ অপহৃত ট্ৰাক চালকৰ মৃতদেহ, গ্ৰেপ্তাৰ চাৰি - Assam driver killed in Arunachal

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 11:05 AM IST

Demand for safety of truck driver: অৰুণাচলত প্ৰায়েই হত্য়া-অপহৰণৰ বলি হয় অসমৰ চালক । বিগত সময়ত অসমৰ ট্ৰাক চালকৰ সুৰক্ষাৰ দাবী উত্থাপিত হৈ আহিছে যদিও অৰুণাচল চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে । ট্ৰাক চালকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই জনাইছে দাবী ।

Sensational Murder in Arunachal
ট্ৰাক চালকক অৰুণাচলত হত্যা (ETV Bharat Assam)

জোনাই, ৪ ছেপ্টেম্বৰ: অসমৰ ট্ৰাক চালকক অৰুণাচলত হত্যা । অসম-অৰুণাচল সীমান্তৰ মাদুৰিপথাৰ অঞ্চলৰ হত্য়াৰ বলি হোৱা চালকজনে আন এজন চালকৰ সৈতে অৰুণাচললৈ যোৱাৰ সময়তেই সংঘটিত হয় এই নৃশংস ঘটনাটো । যোৱা ২২ আগষ্টৰ বিয়লি ৪ মান বজাত অৰুণাচললৈ ট্ৰাকেৰে যোৱাৰ পিচতেই ৬ জনীয়া দুৰ্বৃত্তৰ দলে ট্ৰাক চালক সঞ্জয় নাথক অপহৰণ কৰে । তেতিয়াৰে পৰাই চালকজনৰ কোনো শুংসূত্ৰ পোৱা নাছিল পৰিয়ালৰ লোকৰ লগতে আৰক্ষীয়ে । কিন্তু আৰক্ষীয়ে এই ঘটনাৰে জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিচতেই পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় চালকজনৰ মৃতদেহ ।

যোৱা ২২ আগষ্টৰ বিয়লি ৪ মান বজাত মাদুৰিপথাৰ ৰাইবস্তিৰ ট্ৰাক চালক অৰুণ চেত্ৰীৰ লগত অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ গেলিম নামৰ ঠাইলৈ মালিনীপুৰ পঞ্চায়তৰ মাদুৰিপথাৰ আলিকাশ গাঁৱৰ সোমনাথ নাথৰ পুত্ৰ সঞ্জয় নাথে (২৩) ইটা কঢ়িয়াই লৈ যায় । ডা'পৰিজু দলঙ পোৱা মাত্ৰকে এখন বগা ৰঙৰ বাহনত অহা ৬ জনীয়া দুৰ্বৃত্তৰ দলে সঞ্জয় নাথক মাৰপিট কৰি বলপূৰ্বকভাৱে গাড়ীত উঠাই লৈ যায় । তাৰ ৪ ঘন্টাৰ পিছত ৯৬৩০৮০৯৮৫৮/ ৯৮৬২২৫৮০৮১ অচিনাক্ত মোবাইল নম্বৰৰ পৰা ফোন কৰি লগত থকা আনজন ট্ৰাক চালক অৰুণ চেত্ৰীক প্ৰাণে মৰাৰ ভয় ভাবুকি দি অজ্ঞাত স্থানত মাতি পঠোৱাত চালকজনে এ এছ ১৮ চি /৪৭৪১ নম্বৰৰ মালবাহী ট্ৰাকখন ডা'পৰিজুতে এৰি পলাই আহে ঘৰলৈ ।

  • কেনেকৈ উদ্ধাৰ হ'ল মৃতদেহ ?

এই বিষয়টো সন্দৰ্ভত পৰিয়ালৰ লোকে লিকাবালি টহলদাৰী আৰক্ষী চকীৰ লগতে ল’ৱাৰ ছিয়াং জিলাৰ লিকাবালি থানাত গোচৰ দাখিল কৰে । ঘটনাৰ উপযুক্ত ন্যায় বিচাৰি যোৱা ৩০ আগষ্টত ধেমাজি জিলা আৰক্ষী অধীক্ষকৰ ওচৰত আছু, নাথ যোগী ছাত্ৰ সন্থা আৰু মাদুৰিপথাৰ ট্ৰাক ড্ৰাইভাৰ এছোচিয়েচনে ৩ টা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে । ইয়াৰ পাছতেই অৰুণাচল আৰক্ষীয়ে ঘটনাত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰাত অভিযুক্তই স্বীকাৰ কৰে যে চালক সঞ্জয় নাথক হানি-খুচি হত্যা কৰি পুতি থৈছে । লগে লগেই ঘটনাস্থলীত অসম-অৰুণাচল আৰক্ষীৰ এটি দল উপস্থিত হৈ তদন্ত কৰি অৰুণাচলৰ সোৱণশিৰি নৈৰ বালিচৰত পুতি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ অন্তত সেই নিশা মাদুৰিপথাৰ আলিকাশ গাঁৰ বাসগৃহত মৃতদেহ উপস্থিত হোৱাৰ পাছত এক শোকাকুল পৰিবেশে বিৰাজ কৰে । নিশাই স্থানীয় শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় ।

  • চাৰি অভিযুক্তক গ্ৰেপ্তাৰ

ইফালে, অৰুণাচল আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । ধৃত অভিযুক্তৰ ভিতৰত দুগৰাকী মহিলাও আছে । এই ঘটনাৰ মাষ্টৰমাইণ্ড ডাপৰিজু পাকুম ক'লনীৰ টাবু দনিকে ইতিমধ্যেই আত্মসমৰ্পণ কৰিছে আৰক্ষীৰ ওচৰত ।

  • অৰুণাচলত অসমৰ ট্ৰাক চালকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী

অসমৰ ট্ৰাক চালকৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত হত্যা হোৱা ঘটনাক একেমুখে ধিক্কাৰ দি অসম তথা অৰুণাচল চৰকাৰক সঞ্জয় নাথৰ পৰিয়ালক এককালীন সাহাৰ্য প্ৰদান কৰাৰ লগতে অৰুণাচলত অসমৰ ট্ৰাক চালকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপক নাথৰ লগতে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দ্বীপজ্যোতি মুণ্ডাই দাবী জনাইছে । অন্যথা অৰুণাচল চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অৰ্থনৈতিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক:মৰিয়নীত চাঞ্চল্যকৰ হত্যাকাণ্ড : পুত্ৰই মাতৃক হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ - Murder at Mariani

শোৱাপাটীতে দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিলে বিবাহিত যুৱকক - Sensational Murder

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.