ETV Bharat / state

কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ চাহ জনজাতি ছাত্ৰ সন্থা - BJP Government

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 10:12 PM IST

ATTSA Meeting in Golaghat : চাহ জনগোষ্ঠীৰ লোকক উচ্ছেদ কৰি পুঁজিপতি গোষ্ঠীক পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে ভূমি আবণ্টন দিয়া কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব ৷

ATTSA Meeting in Golaghat
গোলাঘাটত আটছাৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা (ETV Bharat Assam)

গোলাঘাট, 4 আগষ্ট : বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ চাহ জনজতি ছাত্ৰ সন্থা ৷ গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শনিবাৰে কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই ৷ কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাৰ লগতে কাষৰীয়া ভূমিৰ পৰা চাহ জনগোষ্ঠীৰ লোকক উচ্ছেদ কৰি পুঁজিপতি গোষ্ঠীক পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে ভূমি আবণ্টন দিয়া কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব ৷

বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ চাহ জনজাতি ছাত্ৰ সন্থা (ETV Bharat Assam)

এই সভাত অংশগ্ৰহণ কৰি চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালাই সাংবাদিকৰ আগত কয় যে একমাত্ৰ চাহ বাগিচাৰ মালিক পক্ষৰ বিৰোধিতাৰ বাবেই চাহ জনগোষ্ঠীৰ লোকসকলে বৰ্তমানলৈকে ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে ৷ কিয়নো বাগিচাৰ শ্ৰমিকে যদি ভূমিৰ যদিহে পট্টা লাভ কৰে আৰু পৰৱৰ্তী সময়ত সেই শ্ৰমিকৰ সন্তানে উচ্চ শিক্ষাৰে শিক্ষিত হয় তেতিয়া সেই শ্ৰমিকৰ সন্তানে কেতিয়াও চাহ বাগিচাত কাম নকৰে ৷ যাৰ বাবে চাহ বাগিচাৰ মালিক পক্ষই বাগিচাৰ শ্ৰমিকে ভূমিৰ অধিকাৰ লাভ কৰাৰ বিৰোধিতা কৰি আহিছে ৷

তেখেতে আৰু কয় যে আন্দোলনৰ নামত আমি আন্দোলন নকৰোঁ ৷ লগতে চৰকাৰক শলঠেকত পেলোৱাৰো আমাৰ উদ্দেশ্য নহয় ৷ কিন্তু চাহ জনগোষ্ঠীৰ লোকৰ ন্যায্য প্ৰাপ্য আমাৰ জন্মগত অধিকাৰ আৰু এই অধিকাৰৰ বাবে আমি মাত মাতিবলৈ বাধ্য ৷ ঠিক তেনেদৰে চাহ বাগিচাৰ ভূমি অধিগ্ৰহণ কৰি বণিয়াক গতাই দিয়াৰ ষড়যন্ত্ৰ আৰু তাৰ বিৰুদ্ধে মাত মাতিবলৈ যাওঁতে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ যোৱা চাহ জনগোষ্ঠীৰ লোক আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ ওপৰত আৰক্ষীৰ আতিশয্য কোনো কাৰণত মানি লোৱা নহ'ব ৷

আনহাতে এই সভাত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ বৰাইকে অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত কয় যে নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰতিশ্ৰুতি আজি দহ বছৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে ৷ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে কেন্দ্ৰত তৃতীয় কাৰ্যকাল আৰু অসমত দ্বিতীয় কাৰ্যকাল চলাই আছে ৷ কিন্তু নিৰ্বাচনৰ আগত চাহ জনগোষ্ঠীৰ লোকক জনজাতিকৰণ, ভূমিৰ অধিকাৰ প্ৰদান, উচ্চ শিক্ষাৰ বাবে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধিক আসন সংৰক্ষণৰ ব্যৱস্থা কৰা আদিকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতি আজি পৰ্যন্ত পূৰণ নহ'ল ৷ বৰঞ্চ ওলোটাই চাহ বাগিচাৰ ভূমিৰ লগতে বছৰ বছৰ ধৰি কৃষি কৰ্ম কৰি পৰিয়াল পোহপাল দি চাহ শ্ৰমিকৰ ভূমি অধিগ্ৰহণ কৰি বণিয়াক গতাই দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷

লগতে পঢ়ক : বিজেপিৰ পৰা নিলম্বনৰ পিচত মনোজ কুমাৰ মহন্তৰ প্ৰথমটো প্ৰতিক্ৰিয়া - Jorhat BJP leader suspended

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.