ETV Bharat / state

ধিংকাণ্ডৰ বিৰুদ্ধে ৩০ টা সংগঠনৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ, মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কংগ্ৰেছৰ - Dhing Rape Case

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 8:48 PM IST

Protest against rape in Assam: নাবালিকা ধৰ্ষণকাণ্ডক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । নাৰী নিৰ্যাতনৰ বিৰুদ্ধে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ ।

Protest against rape in Assam
অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী, ২৩ আগষ্ট: নাৰী নিৰ্যাতনৰ বিৰুদ্ধে অসম প্ৰদেশ মহিলা কংগ্ৰেছে মহানগৰীত শুক্ৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে । ধিং,বিহালী, লখিমপুৰ আৰু মাজুলীৰ ঘটনাৰ বিৰুদ্ধে ৰাজীৱ ভৱনৰ সন্মুখত প্ৰদেশ মহিলা কংগ্ৰেছে প্ৰতিবাদ জনায় । ইপিনে, শিৱসাগৰতো আজি বিয়লি ৩০ টা জাতীয় সংগঠনে ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত ৰাজপথ কঁপাই তোলে ।

ধিংকাণ্ডৰ বিৰুদ্ধে ৩০ টা সংগঠনৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ, মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কংগ্ৰেছৰ (ETV Bharat)

মহিলাক সুৰক্ষা দিব নোৱৰা মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী :

প্ৰতিবাদকাৰীসকলে 'মহিলাক সুৰক্ষা দিব নোৱৰা মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক ',দোষীক দৃষ্টান্তমূলক শাস্তি দিয়ক ', 'নাৰী নিৰ্যাতন বন্ধ কৰক ', ' অসমী আইক সুৰক্ষা দিয়ক ' আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । এই সন্দৰ্ভত মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কয় ," অত্যন্ত দুৰ্ভাগ্যজনক কথা । আজি ওলাই আহোতে আমাৰো চিন্তা হয় নিৰ্যাতন হ'ব নেকি ? ধিংকাণ্ডই নহয়, এমাহত ২৩ টাকৈ ঘটনা ঘটিছে । চৰকাৰে নাৰীক সুৰক্ষা দিব পৰা নাই । অপৰাধীসকলক হিন্দু-মুছলমান সজাব আহিছে । ধৰ্ষণকাৰী হিন্দুৱে হওক বা মুছলমানেই হওক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তি দিয়ক । এমাহত ২৩ টা ঘটনা ঘটাৰ পিছত নৈতিক অধিকাৰ আছেনে মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী হৈ থকাৰ ? হিন্দু-মুছলমান খেলি থাকিলে নহ'ব । মুখ্যমন্ত্ৰীয়ে যদি ধৰ্ষণকাৰী ক'ত আছে গমেই পায় তেনেহ'লে ঘোঁৰাৰ ঘাঁহ কাটি আছে নেকি ?"

শনিবাৰে জিলাই জিলাই প্ৰতিবাদ :

২২ আগষ্টত নগাঁও জিলাৰ ধিঙত এগৰাকী ১৪ বছৰীয়া ছাত্ৰী টিউচনৰ পৰা ঘৰলৈ চাইকেলেৰে উভতি অহা সময়ত বাটত তিনিজনীয়া যুৱকৰ দলে ধৰ্ষণ কৰাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দোষীক কৰায়ত্ত কৰি উচিত শাস্তি দিয়াৰ দাবী উত্থাপন হৈছে । এনে ঘটনাৰ বিৰুদ্ধে শনিবাৰে জিলাই জিলাই প্ৰতিবাদ সাব্য়স্ত কৰিব কংগ্ৰেছে ।

শিৱসাগৰৰ ৰাজপথত ৩০ সংগঠনৰ উত্তাল প্ৰতিবাদ :

ৰাজ্য জোঁকাৰি যোৱা ধিঙৰ ধৰ্ষণকাণ্ডৰ অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবীত শিৱসাগৰৰ ৰাজপথত ৩০ সংগঠনে সাব্য়স্ত কৰিলে উত্তাল প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে পূৰ্ববংগীয়মূলৰ মুছলমানৰ বাবে আজি অসমীয়া মুছলমানৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰা বুলি ক্ষোভ প্ৰকাশ কৰে ।

লগতে পঢ়ক:ধিংকাণ্ড : দোষীক ফাঁচীৰ দাবী আলফা স্বাধীনৰ - Dhing rape case

মানুহৰ ভিতৰত থকা জন্তুটো কেনেকৈ চৰকাৰে বুজি উঠিব ? ধিং কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া - Assam CM reacts on Dhing rape case

নাবালিকা ধৰ্ষণৰ ঘটনাক লৈ উত্তাল ধিং: শীঘ্ৰে ঘটনাস্থলী পৰিদৰ্শন কৰি ব্যৱস্থা ল’বলৈ ডিজিপিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ - Dhing rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.