ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কোনো বেআইনী কাম আমি ভাল পাব নোৱাৰো: মুখ্যমন্ত্রীক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছে - Congress Slams Assam CM

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 10:16 PM IST

Congress slams Assam CM : "মুখ্যমন্ত্রীৰ বহু কথা আমি বেয়া পাওঁ । বশিষ্ঠ থানাত বিজেপি বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে বিজেপি নেত্রী এগৰাকীয়ে দিয়া গোচৰৰ ওপৰত কুইক একচন ল'লে আমি হিমন্ত বিশ্ব শৰ্মাক বেয়া নাপালোহেঁতেন । যদিহে ইন্দ্ৰাণী তহবিলদাৰৰ দৰে জ্যেষ্ঠ বিজেপি নেত্রী এগৰাকীয়ে আত্মহত্যা কৰা ঘটনাৰ কাৰণ পোহৰলৈ অহাৰ পিছত বিজেপি নেতাৰ বিৰুদ্ধে কুইক একচন লোৱা হ'লে আমি বেয়া নাপালোহেঁতেন ।" এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ ।

Congress Slams Assam CM
মুখ্যমন্ত্রীক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছে (ETV Bharat Assam)

গুৱাহাটী, ২০ আগষ্ট : কলকাতাৰ বৰ্বৰ কাণ্ডৰ প্ৰসংগৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছে । গুৱাহাটীৰ ৰাজীৱ ভৱনত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই কয়, "কলকাতাৰ ঘটনাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কৈছিল যে অসমত নাৰী নিৰ্যাতনৰ ক্ষেত্রত তেওঁ লগে লগে পদক্ষেপ গ্ৰহণ কৰে আৰু যাৰ বাবে বিৰোধীয়ে বেয়া পায় । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদায়ে নিজকে আইনৰ ঊৰ্ধ্বত বুলি ভাবে আৰু তেওঁ নিজৰ হাতত আইন ৰাখিব বিচাৰে ।"

কংগ্ৰেছ নেতাগৰাকীৰ দাবী, "হিমন্ত বিশ্ব শৰ্মাই কোৱা বেআইনী কথা আৰু কৰা বেআইনী কামৰ কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে বিৰোধিতা কৰিবই । কোনো বেআইনী কামক আমি হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে ভাল পাব নোৱাৰো । আমি প্ৰতিটো বেআইনী কামৰ বিৰোধিতা কৰি যাম ।"

বিজেপি দলতে নাৰী নিৰ্যাতনৰ প্ৰসংগ উল্লেখ কৰি তেওঁ লগতে কয়, "মুখ্যমন্ত্রীয়ে কৈছিল যে নাৰী নিৰ্যাতন হ'লে তেখেতে হিচাপ লয় আৰু বিৰোধীয়ে বেয়া পায় । হয়, মুখ্যমন্ত্রীৰ বহু কথা আমি বেয়া পাওঁ । কিন্তু আমি বেয়া নাপালোহেতেন, যদিহে বশিষ্ঠ থানাত বিজেপি নেত্রী এগৰাকীয়ে বিজেপি বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে দিয়া গোচৰৰ ওপৰত কুইক একচন ল'লেহেঁতেন । যদিহে ইন্দ্ৰাণী তহবিলদাৰৰ দৰে জ্যেষ্ঠ বিজেপি নেত্রী এগৰাকীয়ে আত্মহত্যা কৰা ঘটনাৰ কাৰণ পোহৰলৈ অহাৰ পিছত জঘন্য বিজেপি নেতাৰ বিৰুদ্ধে কুইক একচন তথা হিচাপ লোৱা হ'লে আমি বেয়া নাপালোঁহেঁতেন । গোৱালপাৰাত বিজেপি নেত্রীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ ক্ষেত্রত কুইক একচন লোৱা হ'লে আমি বেয়া নাপালোহেঁতেন ।"

তেওঁ লগতে কয়, "অৰ্ণমাই বৰাৰ ধৰ্ষণকাৰী মুকলি আকাশৰ তলত নথকা হ'লে আমি মুখ্যমন্ত্রীক বেয়া নাপালোহেতেন । তিনিচুকীয়াৰ ১৩ বছৰীয়া কিশোৰী এগৰাকীক ধৰ্ষণ কৰা বিজেপি নেতাজনক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহাৰ ব্যৱস্থা কৰা হ'লে আমি বেয়া নাপালোহেঁতেন । আমি বেয়া পাবলৈ বাধ্য হৈছো এইকাৰণেই যে হিমন্ত বিশ্ব শৰ্মাই নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত কৰা নিজৰ ঘনিষ্ঠ-সতীৰ্থ তথা বিজেপি নেতাক মুকলি আকাশৰ তললৈ যাবলৈ দিয়ে ।"

ৰাতুল কলিতাই লগতে কয়, "মন্ত্রী অজন্তা নেওগে বিধানসভাত অসমত ৩৭০০ গৰাকী মহিলা নিৰুদ্দেশ হৈ আছে বুলি ক'বলগীয়া হৈছে । এই কথা ক'বলগীয়া নোহোৱা হ'লে আমি মুখ্যমন্ত্রীক বেয়া নাপালোহেঁতেন । এটা বছৰতে অসমত ১,৪৭৮ গৰাকী মহিলা ধৰ্ষণৰ বলি নোহোৱা হ'লে আমি হিমন্ত বিশ্ব শৰ্মাক বেয়া পাবলগীয়া একো কথা নাছিল । এনেবোৰ ঘটনাৰ পাছত মুখ্যমন্ত্রীয়ে আইনৰ ঊৰ্ধ্বলৈ গৈ দম্ভালি মাৰি কথা ক'লে আমি বিৰোধ কৰিম ।"

আনহাতে, মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ নেতাগৰাকীয়ে কয়, "যদি হিমন্ত বিশ্ব শৰ্মাৰ সৎসাহস আছিল তেন্তে ৰঙিয়াৰ এগৰাকী মহিলাই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে মানসিক আতিশয্য চলোৱা বুলি অনা অভিযোগৰ ওপৰত কুইক একচন লোৱা হ'লে আমি মুখ্যমন্ত্রীৰ বিৰুদ্ধে বেয়া পাবলগীয়া একো নাছিল ।"

উল্লেখ্য যে সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :বসুন্ধৰা আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰীৰহে মাটিৰ পৰিমাণ বাঢ়িছে : গৌৰৱ গগৈ - Gaurav Gogoi Slams Assam CM
লগতে পঢ়ক :ৰাজ্যসভা নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী-মিছন ৰঞ্জন দাস - RAJYA SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.