ETV Bharat / state

ভয়ংকৰ গতিত বৃদ্ধি পাইছে দেশত আৰ্থিক অসমতা: বিৰোধীৰ দলপতিৰ উদ্বিগ্নতা - Economic inequality in India

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 9:09 PM IST

Economic inequality in India: ৱৰ্ল্ড ইনইকুৱেলিটী লেবৰ উদ্বেগজনক প্ৰতিবেদনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ বিজেপি চৰকাৰৰ আৰ্থিক নীতিক সমালোচনা জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ ৷

ECONOMIC INEQUALITY IN INDIA
আৰ্থিক অসমতাৰ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

গুৱাহাটী, ২৪ মাৰ্চ : দেশৰ বিজেপি চৰকাৰৰ অৰ্থনৈতিক নীতিৰ ফলত যোৱা ১০ বছৰত দেশত বৃদ্ধি পোৱা আৰ্থিক বৈষম্যক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে বিৰোধীৰ দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়াই ৷ উল্লেখ্য যে শেহতীয়াকৈ ‘ৱৰ্ল্ড ইনইকুৱেলিটী লেব’ নামৰ প্ৰতিস্থানটোৱে দেশৰ আৰ্থিক অৱস্থা সন্দৰ্ভত আগবঢ়োৱা এক প্ৰতিবেদনে যোৱা ১০ বছৰত দেশত বৃদ্ধি পোৱা আৰ্থিক বৈষম্যৰ এক চিন্তনীয় প্ৰতিচ্ছবি দাঙি ধৰিছে ৷

উক্ত প্ৰতিবেদনৰ আধাৰত আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰৰ আৰ্থিক নীতিক পুনৰ জনসাধাৰণৰ আগত উদঙাই দিলে বুলি আজি মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই ৷ বিৰোধী দলপতিগৰাকীয়ে কয়, ‘‘২০১৪ চনৰ লোকসভা নিৰ্বাচনত, বিকাশ আৰু দেশৰ আৰ্থিক সংস্কাৰৰ প্ৰতিশ্ৰুতি দি শাসনত অহা মোদী চৰকাৰৰ ১০ বছৰ উকলি যোৱাত আজিৰ প্ৰকৃত ছবি হ’ল দেশৰ ৪০ শতাংশ অৰ্থৰ অধিকাৰী মাত্ৰ ১ শতাংশ ধনী লোক৷ ৫০ শতাংশ লোকৰ হাতত আছে মাত্ৰ ৬.৫ শতাংশ সম্পদ । বৃটিছ আমোলতো দেশত এইধৰণৰ অৰ্থনৈতিক বৈষম্য নাছিল বুলি প্ৰতিবেদনখনত কোৱা হৈছে ।”

বিৰোধেৰ দলপতিগৰাকীয়ে লগতে উল্লেখ কৰে, “এই প্ৰতিবেদনখনত কোৱা হৈছে যে বিগত সময়ছোৱাত ভাৰতবৰ্ষত অর্থনৈতিক বৈষম্য ইমানেই বৃদ্ধি হৈছে যে দেশৰ মুঠ জাতীয় উপাৰ্জনৰ ২২.৬ শতাংশ যায় মাত্ৰ এক শতাংশ লোকৰ হাতলৈ । আনহাতে, নিম্নস্তৰৰ ৫০গৰাকী লোকে মিলি হাড়ভঙা শ্ৰম কৰিও সাধাৰণ ভাষাত বুজিবলৈ গ'লে এক টকাৰ তেওঁলোকে মাত্ৰ ১৫ পইচাহে উপার্জন কৰিবলৈ সক্ষম হয় । প্ৰতিবেদনখনত কেৱল দেশৰ জাতীয় উপাৰ্জনৰ ক্ষেত্ৰতেই নহয়, দেশৰ মুঠ জাতীয় সম্পদো যে এটা মুষ্টিমেয় শ্ৰেণীৰ পকেটলৈ গৈছে তাৰো তথ্য দাঙি ধৰা হৈছে । ”

ইয়াৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰি কয় যে তেওঁলোকৰ নেতা ৰাহুল গান্ধীয়ে আগৰ পৰাই কৈ আহিছে মোদী চৰকাৰখন হৈছে ‘চুট-বুট’ৰ চৰকাৰ । য’ত বিজেপিৰ কাৰণে একমাত্ৰ ভোটৰ বাহিৰে সাধাৰণ জনতাৰ কোনো মূল্য নাই । ইয়াৰ বিপৰীতে কেন্দ্ৰৰ বিজেপি চৰকাৰে দেশৰ সকলো নীতি, আইন উদ্যোগপতিসকলৰ নিৰ্দেশমৰ্মে তৈয়াৰ কৰি অহাৰো অভিযোগ উত্থাপন কৰে দেৱব্ৰত শইকীয়াই ।

ইয়াৰ প্ৰমাণস্বৰূপে শেহতীয়াকৈ প্ৰকাশিত এই প্ৰতিবেদনখনৰ পৰা পোৱা গৈছে বুলি উল্লেখ কৰে শইকীয়াই । ইয়াৰ উপৰিও দেশৰ আৰ্থিক অসমতাৰ আন এক উদাহৰণ স্বৰূপে SBI য়ে প্ৰকাশ কৰা ইলেক্ট’ৰেল ব’ণ্ডৰ তথ্যৰ পৰাও কেন্দ্ৰৰ বিজেপি চৰকাৰে দেশৰ সকলো নীতি, আইন উদ্যোগপতিসকলৰ নিৰ্দেশমৰ্মে তৈয়াৰ কৰাৰ কথাও তেওঁ উল্লেখ কৰে ৷ ৰাজনৈতিক দলসমূহলৈ দিয়া মুঠ চান্দাৰ ৫০ শতাংশতকৈও অধিক ধন অকলে বিজেপিয়ে পাইছে আৰু অন্যখিনি ২৬ টা বিভিন্ন দলৰ মাজত বিতৰণ হৈছে ।

ইলেক্ট’ৰেল বণ্ডৰ এই তথ্যই প্ৰতিবেদনখনত উল্লেখ কৰা দেশত ভয়ংকৰ গতিত আৰ্থিকক অসমতা বৃদ্ধিৰ তথ্য সঁচা প্ৰমাণ কৰে বুলি দাবী কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াৰ ।

লগতে পঢ়ক: উন্নত অৰ্থনীতিৰ দেশত মন্দাৱস্থা, ভাৰতীয় অৰ্থনীতিৰ ওপৰত ইয়াৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.