ETV Bharat / state

বিয়াগোম ট্ৰেডিং কেলেংকাৰীৰ ৩২ টা গোচৰ চি বি আইক হস্তান্তৰৰ সিদ্ধান্ত চৰকাৰৰ - Assam Trading Scam

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 9:48 PM IST

Assam cabinet decisions : ষ্টক ট্ৰেডিং কেলেংকাৰীৰ ৩২ টা গোচৰ চি বি আইক দিয়াৰ সিদ্ধান্ত ৷ ঠিকাভিত্তিক ৪,৬৬৯ গৰাকী শিক্ষকক নিয়মীয়া শিক্ষকৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত ৷ আৰু কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল কেবিনেট বৈঠকত ?

Assam cabinet decisions
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত শুকুৰবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সংবাদমেলত মন্ত্ৰী ডাঃ ৰণোজ পেগু, পীযুষ হাজৰীকা আৰু জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে ৷

কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

কেবিনেটৰ সিদ্ধান্তসমূহ :

  • ষ্টক ট্ৰেডিঙৰ নামত হোৱা বিয়াগোম কেলেংকাৰীৰ এতিয়ালৈকে ৰুজু হোৱা ৩২ টা গোচৰৰ তদন্তৰ দায়িত্ব চি বি আইক দিয়াৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্ৰহণ কৰে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনা কৰিছিল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অনুমতি দিছিল । তাৰ পিছতে আজি কেবিনেটত সিদ্ধান্ত লোৱা হয় । ৩২ টা গোচৰ চি বি আইলৈ হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াত এমাহমান সময় লাগিব আৰু তেতিয়ালৈকে অসম আৰক্ষীয়ে তদন্ত কৰি যাব । ট্ৰেডিং সম্পৰ্কীয় আৰু গোচৰ আহিলে ৩২টা গোচৰৰ সৈতে সংযোজিত কৰি দিয়া হ’ব ।
  • কংগ্ৰেছ চৰকাৰৰ সময়ত ১২ হাজাৰ টকাৰ দৰমহাৰে হাইস্কুলত ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিয়া হৈছিল । ২০২১ চনত তেওঁলোকৰ চাকৰিৰ সময়সীমা ৬০ বছৰলৈ কৰা হৈছিল । নিয়মীয়া হোৱা নাছিল যদিও নিয়মীয়া শিক্ষকৰ দৰে দা-দৰমহা লাভ কৰিছিল । আজিৰ কেবিনেটে ঠিকাভিত্তিক ৪,৬৬৯ গৰাকী শিক্ষকক নিয়মীয়া শিক্ষকৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । দহদিনৰ ভিতৰত ইয়াৰ বাবে বিজ্ঞাপন ওলাব আৰু হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকসকলে আবেদন কৰিব পাৰিব । অৱশ্যে এইটো নিৰ্ভৰ কৰিব শিক্ষকসকলৰ ইচ্ছাৰ ওপৰত । ইচ্ছা কৰিলে চুক্তিবদ্ধ শিক্ষক হৈও থাকিব পাৰিব ।
  • ছেপ্টেম্বৰ মাহৰ ১৯ তাৰিখে অৰুণোদয়-৩.O মুকলি কৰা হ’ব । প্ৰতিটো সমষ্টিত ইয়াৰ বাবে সভা কৰা হ’ব । গুৱাহাটীত সংবাদমেল সম্বোধন কৰা হ’ব । অৰুণোদয়ত নতুনকৈ ১২.৬০ লাখ হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হ’ব । পুৰণিৰ ক্ষেত্ৰত নতুনকৈ সমীক্ষা হ’ব । প্ৰতিটো সমষ্টিতে প্ৰায় ১০ হাজাৰকৈ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ’ব । মন্ত্ৰী-বিধায়কসকলে সভাসমূহত অংশগ্ৰহণ কৰিব । বিৰোধী সাংসদ-বিধায়কসকলকো আমন্ত্ৰণ জনোৱা হ’ব ।
  • ছেপ্টেম্বৰৰ ১৯ তাৰিখে নতুনকৈ ১৭ লাখ নতুন লোকক ৰেচন কাৰ্ড দিয়া হ’ব । ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপাব ।
  • মুখ্যমন্ত্ৰীৰ অসম আত্মনিৰ্ভৰশীল আঁচনিৰ অধীনত ২৫২৩৮ গৰাকী হিতাধিকাৰীক আজিৰ কেবিনেটে অনুমোদন দিয়ে । তেওঁলোকে ২ লাখ টকাকৈ লাভ কৰিব । ইয়াৰে এক লাখ টকা ঘূৰাই দিব নালাগে । বাকী এক লাখ টকা পাঁচ বছৰ পিছত কিস্তি হিচাপত ঘূৰাই দিব পাৰিব ৷ ৩ নৱেম্বৰত এই ধন দিয়া হ’ব । ইয়াৰ পিছতে আৰু ৭৫ হাজাৰক দিয়াৰ বাবে আবেদন সংগ্ৰহ কৰা হ’ব ।
  • আজিৰ কেবিনেটে কোকৰাঝাৰত এখন ষ্টেডিয়াম নিৰ্মাণৰ বাবে ১০৭ কোটি টকাৰ অনুমোদন জনায় ।
  • গুৱাহাটীৰ ডাউন টাউনৰ সমীপত এখন উৰণসেতু নিৰ্মাণৰ বাবে আজিৰ কেবিনেটে ১১১ কোটি টকাৰ অনুমোদন দিয়ে ।
  • অসম ৰাজ্যিক চিৰিয়াখানাৰ সৌন্দৰ্যবৰ্ধনৰ বাবে আজিৰ কেবিনেটে ৩২২ কোটি টকাৰ অনুমোদন জনায় ৷
  • ডিজিটেল টেকন’লজীৰ ওপৰত কাম কৰা প্ৰতিষ্ঠিত ‘ড’চাল’ নামৰ কোম্পানীটোৱে প্ৰশিক্ষণ হাব বনোৱাৰ বাবে ২০০ কোটি টকা বিনিয়োগ কৰিব । ইয়াত অসম চৰকাৰে বিনিয়োগ কৰিব ৪০ কোটি টকা । গুৱাহাটীৰ অভিযান্ত্ৰিক মহাবিদ্যালয় ইয়াৰ হাব হ’ব আৰু ৫০ খন মহাবিদ্যালয় ইয়াৰ অধীনলৈ আহিব । ড’চাল বিশ্বৰ আগশাৰীৰ ডিজিটেল টেকন’লজীৰ ওপৰত কাম কৰা কোম্পানী ৷

লগতে পঢ়ক : লক্-আপৰ ভিতৰত শোৱাৰ সুন্দৰ ব্যৱস্থা ! চুমী-তাৰ্কিক প্ৰসংগত বিস্ফোৰক অভিযোগ

'ডেষ্টিনেশ্যন' লকআপ ! ডিব্ৰুগড় ক্লাৱ হাউচৰ পৰা পোনে পোনে লক আপলৈ

বিলাসী হোটেলত ব্ৰেকফাষ্ট ! চুমী-তাৰ্কিকক দিয়া হৈছে নেকি ৰাজ আতিথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.