ETV Bharat / state

বৰপেটাত ৰাজ্যপালে মুকলি কৰিলে তৃতীয় ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলা

3rd Barpeta National book fair: তৃতীয় ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলাত উপস্থিত হৈ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই কয়, ‘গ্ৰন্থ হৈছে ভাৰতৰ আত্মা স্বৰূপ ৷ বাল্মিকীয়ে ৰামায়ণ নিলিখিলে আমি ৰামৰ কথা নাজানিলোহেতেন আৰু গীতা নাথাকিলে আমি কৃষ্ণৰ কথাও নাজানিলোহেতেন ৷’

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 12:03 PM IST

assam governor inaugurates barpeta 3rd national book fair
তৃতীয় ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলা
বৰপেটাত তৃতীয় ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলা

বৰপেটা, ১২ ফেব্ৰুৱাৰী : বৰপেটা গ্ৰন্থমেলা সমিতিৰ উদ্যোগত দেওবাৰৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ ৮ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে তৃতীয় ৰাষ্ট্ৰীয় বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলা ৷ গ্ৰন্থমেলা সমিতিৰ সভাপতি তথা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা আইন আৰু ন্যায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্তই গ্ৰন্থমেলা উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ এখন উন্মোচন কৰে ৷

উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ঔপন্যাসিক তথা লেখিকা অনুৰাধা শৰ্মা পূজাৰী ৷ অনুৰাধা শৰ্মা পূজাৰীয়ে অংশগ্ৰহণ কৰি বৰপেটাৰ সৈতে থকা সু-সম্পৰ্কৰ কথা উল্লেখ কৰে ৷ উদ্বেধনী সভাত সভাপতিত্ব কৰি দিয়া ভাষণত সভাপতি ৰণজিৎ কুমাৰ দাসে নৱ প্ৰজন্মৰ মাজত গ্ৰন্থ সংস্কৃতি গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখিয়েই আয়োজন কৰা গ্ৰন্থ মেলাই জ্ঞান পিপাসুসকলৰ সহায়ক হ’ব বুলি মত প্ৰকাশ কৰে ৷ আনকি তেওঁ বৰপেটাত প্ৰতিবছৰে গ্ৰন্থ আৰু বিজ্ঞান মেলা অনুষ্ঠিত কৰাৰ আহ্বান জনায় ৷

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৰপেটাৰ সকলো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলক মেলালৈ আহিবলৈ আহ্বান জনায় ৷ গ্ৰন্থ আৰু বিজ্ঞান মেলা মুকলিৰ পিচত ৰাজ্যপাল গৰাকীয়ে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে গ্ৰন্থ বিপণিসমূহ পৰিদৰ্শন কৰে ৷ গ্ৰন্থমেলাখনত ৰাজ্যৰ কেবাখনো প্ৰতিষ্ঠিত গ্ৰন্থ প্ৰকাশক আৰু গ্ৰন্থ বিপণিৰ লগতে কলিকতাৰ গ্ৰন্থ বিপণিয়েও অংশ গ্ৰহণ কৰিছে ৷ আনহাতে গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি অসম বিজ্ঞান সমিতি বৰপেটা জিলা শাখাৰ সহযোগত গ্ৰন্থমেলাৰ লগতে এখন বিজ্ঞান মেলাৰো আয়োজন কৰা হৈছে ৷ বিজ্ঞান মেলাত অসম বিজ্ঞান সমিতি আৰু ইছৰোই অংশ গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ গ্ৰন্থমেলাত অৰ্ধশতাধিক বিপণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.