ETV Bharat / state

মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবদ চৰকাৰে ২৩০০ কোটি টকা ব্যয় কৰিছে: বিমল বড়া - MICROFINANCE LOAN WAIVER

তিনিচুকীয়াত ১৯১৬ গৰাকীক ঋণমুক্ত প্ৰমাণপত্ৰ আৰু ২৫৩ গৰাকীক ৰাজসাহাৰ্য প্ৰদান । ২৩০০ কোটি টকাৰে ২৩০০ কিলোমিটাৰ ৰাস্তা বনাব পৰা গ'লহেতেন বুলি মন্তব্য মন্ত্ৰী বড়াৰ ৷

Distribution of loan waiver certificate in Tinsukia
তিনিচুকীয়াত ১৯১৬ গৰাকীক ঋণমুক্ত প্ৰমানপত্ৰ প্ৰদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 17, 2024, 10:16 AM IST

তিনিচুকীয়া: অসম চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অধীনত সোমবাৰে তিনিচুকীয়া জিলাৰ মাইক্ৰ'ফাইনেন্স উদগণি আৰু সকাহ আঁচনিৰ অধীনত তৃতীয় বৰ্গৰ ঋণীলৈ দ্বিতীয় পৰ্যায়ত ঋণমুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় । এই অনুষ্ঠানত উদ্যোগ তথা বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়াই চৰকাৰৰ এনে পদক্ষেপক ভূয়সী প্ৰসংসা কৰে ।

মন্ত্ৰী বিমল বড়াই কয়, ‘‘মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ বাবদ ৰাজ্য চৰকাৰে ২৩০০ কোটি টকা ব্যয় কৰিব লগীয়া হৈছে । এয়া বৰ সহজ কথা নহয় । এই টকাৰে ৰাজ্যৰ ২৩০০ কিলোমিটাৰ ৰাস্তা বনাব পৰা গ'লহেতেন ।” মন্ত্ৰীগৰাকীয়ে লগতে কয়, "ৰাজ্যৰ ৩.৩১ কোটি লোকৰ মাজৰ কেৱল ১২ লাখ মহিলাক এই সুবিধা দিয়াটো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এটা অতি সাহসী সিদ্ধান্ত আছিল । আমাৰ চৰকাৰে ৰাস্তা-পদুলি সাজি উন্নয়নৰ কামো কৰি আছে আৰু মানুহৰ আশা, অনুভূতি আৰু আবেগৰ প্ৰতিও সঁহাৰি জনাই আহিছে ।"

তিনিচুকীয়াত ১৯১৬ গৰাকীক ঋণমুক্ত প্ৰমানপত্ৰ প্ৰদান (ETV Bharat Assam)

মাইক্ৰ'ফাইনেন্সৰ ক্ষেত্ৰত এবাৰ ব্যৰ্থ হ'লেও তেওঁলোকক চৰকাৰৰ সদিচ্ছাৰ প্ৰতি সহাঁৰি জনাই পুনৰ নতুন উদ্যমেৰে কামত নামি পৰিবলৈ জিলাখনৰ অভিভাৱক মন্ত্ৰী গৰাকীয়ে আহ্বান জনায় । তেওঁ কয়, "ন ন উদ্ভাৱনী অৰ্থনৈতিক কাম-কাজেৰে আপোনালোকেই সমাজখনক আগবঢ়াই নিব লাগিব । "

সভাখনত তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা অসম ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ সঞ্জয় কিষাণে তিনিচুকীয়া জিলাত বেছিকৈ উৎপাদন হোৱা কাজি নেমুৰে খাদ্য সংসাধন উদ্যোগ গঢ়িবলৈ পৰামৰ্শ আগবঢ়ায় । আৰম্ভণিতে জিলা আয়ুক্ত স্বপ্নীল পালে কয়, "অসম মাইক্ৰ'ফাইনেন্স উদগণি আৰু সকাহ আঁচনিৰ অধীনত তৃতীয় বৰ্গৰ ঋণীলৈ দ্বিতীয় পৰ্যায়ত আজি ১,৯১৬ গৰাকী মহিলালৈ ঋণমুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰা হ'ব । তদুপৰি প্ৰধান মন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ আঁচনিৰ অধীনত মূলধনী বিনিয়োগৰ ওপৰত ২৫৩ গৰাকীলৈ ৰাজসাহায্য প্ৰদান কৰা আৰু দুৰ্যোগত ক্ষতিগ্ৰস্ত ১৯২ টা পৰিয়াললৈ পোনপটীয়া আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব ।’’

তেওঁ কয় যে ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩০ শতাংশ ৰাজসাহাৰ্য দিবলৈ লোৱা আঁচনিৰ পৰা তিনিচুকীয়া জিলাৰ উদ্যমী লোকসকলে যথেষ্ট সুবিধা লাভ কৰিব পাৰিব ।

এই সভাত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী অৰুণজ্যোতি মৰাণ, জিলা উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাস, তিনিচুকীয়া আৰু মাকুম পৌৰসভাৰ সভাপতি প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত তালাপত বন্ধন বেংকৰ কাৰ্যালয় ঘেৰাও অৰ্ধশতাধিক মহিলাৰ - Microfinance Loan Relief

মাইক্ৰ'ফাইনেন্স ঋণ মাফ, চৰকাৰক পুনৰ কটাক্ষ অখিল গগৈৰ - Microfinance loan Waiver

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.