ETV Bharat / state

অফিচলৈ পলমকৈ অহাৰ অভ্যাস এৰক নহ’লে লোৱা হ’ব ব্যৱস্থা; কালৈ আহিল এই সকীয়নি - Assam Secretariat issue notice

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 2:29 PM IST

Assam Secretariat : সকলো বিষয়া-কৰ্মচাৰীক পুৱা ৯.৩০ বজাৰ ভিতৰত উপস্থিত হৈ পুৱা ৯.৪৫ বজাৰ ভিতৰত অসম সচিবালয়ত স্থাপন কৰা এফ আৰ এ এছত নিজৰ উপস্থিতি পঞ্জীয়ন কৰাৰ নির্দেশ । সময় মানি কাৰ্যালয়লৈ অহা-যোৱা কৰাৰসকল ‘মাহটোৰ পুৰুষ' আৰু ‘মাহটোৰ মহিলা’ হিচাপে স্বীকৃতি দিব সাধাৰণ প্ৰশাসন বিভাগে । অভ্যাসগত পলমকৈ অহাসকলক উপযুক্তভাৱে অনুশাসন ব্যৱস্থা লোৱাৰ লগতে কৰ্তন কৰা হ'ব নৈমিত্তিক ছুটী ।

Assam Secretariat issue notice
সচিবালয়ৰ সময় মানি চলিবলৈ কৰ্মচাৰীলৈ পুনৰ নিৰ্দেশনা জাৰি (Etv Bharat)

গুৱাহাটী, ১ জুন : পুনৰ জাৰি নিৰ্দেশনা । সময়মতে কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা । এই নিৰ্দেশনা জাৰি কৰা হৈছে সচিবালয়ৰ কৰ্মচাৰীসকলৰ বাবে । লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দীঘলীয়া সময়ৰ বাবে একপ্ৰকাৰ স্তব্ধ হৈ পৰিছিল ৰাজ্যৰ প্রশাসনিক ব্যৱস্থাটো ।

নিৰ্বাচনৰ বাবে ৰাজ্যৰ চালিকাশক্তি স্বৰূপ জনতা ভৱনত মন্ত্ৰীৰ উপৰি নাছিল একাংশ বিষয়া । ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থাটো পৰিচালিত হয় সচিবালয়ৰ পৰা । সেই সচিবালয়ে নিৰ্বাচনৰ বাবে একপ্ৰকাৰ উদং হৈ পৰিছিল । যাৰ ফলত সচিবালয়ৰ কৰ্মচাৰীসকলৰ উপস্থিতি আৰু প্ৰস্থানৰ ক্ষেত্রত সময়ৰ গাফিলতি হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা হৈছে নিৰ্দেশনা ।

Assam Secretariat issue notice
সচিবালয়ৰ সময় মানি চলিবলৈ কৰ্মচাৰীলৈ পুনৰ নিৰ্দেশনা জাৰি (ETV Bharat Assam)

অৱশ্য এনে নিৰ্দেশনা জাৰি কৰাটো নতুন কথা নহয় । পূৰ্বেও জাৰি কৰা হৈছিল এনেধৰণৰ নিৰ্দেশনা । এইবাৰ পুনৰ অসম সচিবালয়ৰ কৰ্মচাৰীসকলে কাৰ্যালয়ত উপস্থিতি আৰু প্ৰস্থানৰ সময় অৱমাননা কৰাৰ কথা সাধাৰণ প্ৰশাসন জ্ঞাত হোৱাৰ পাচত নির্দিষ্ট সময় মানি চলিবলৈ নিৰ্দেশনা জাৰি কৰিছে ।

সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে অসম সচিবালয়ৰ একাংশ কৰ্মচাৰীয়ে সময়মতে কাৰ্যালয়ত উপস্থিত নোহোৱাৰ ফলত মসৃণভাৱে চৰকাৰী কাম-কাজ চলাত ব্যাঘাত জন্মে । সকলো বিষয়া-কৰ্মচাৰীক পুৱা ৯.৩০ বজাৰ ভিতৰত উপস্থিত হৈ পুৱা ৯.৪৫ বজাৰ ভিতৰত অসম সচিবালয়ত স্থাপন কৰা মুখমণ্ডল চিনাক্তকৰণ উপস্থিতিৰ ব্যৱস্থা (এফ আৰ এ এছ) ব্যৱহাৰ কৰি নিজৰ উপস্থিতি পঞ্জীয়ন কৰিবলৈ সাধাৰণ প্ৰশাসন বিভাগে নির্দেশ দিছে ।

আনহাতে নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি যিসকল কৰ্মচাৰীয়ে ধাৰাবাহিকভাৱে পুৱা ৯.৪৫ বজাৰ আগতে উপস্থিত হয় আৰু বিয়লি ৫ বজাৰ আগতে কাৰ্যালয় এৰি নাযায় তেওঁলোকক সময় মানি কাৰ্যালয়লৈ অহা-যোৱা কৰাৰ বাবে ‘মাহটোৰ পুৰুষ' আৰু ‘মাহটোৰ মহিলা’ হিচাপে স্বীকৃতি দিব সাধাৰণ প্ৰশাসন বিভাগে । যদি তেওঁলোকে একেৰাহে কমেও তিনি মাহলৈকে উপস্থিতি আৰু প্ৰস্থানৰ সময় বৰ্তাই ৰাখিব পাৰে তেন্তে তেওঁলোকে মুখ্য সচিবৰ পৰা লিখিত প্ৰশংসা-পত্ৰ লাভ কৰিব ।

আনহাতে পলমকৈ অহাসকলৰ ক্ষেত্ৰত প্ৰতি মাহে বিভাগসমূহৰ জ্যেষ্ঠ সচিবসকলে নামসমূহ সাধাৰণ প্ৰশাসন বিভাগক অৱগত কৰিব লাগিব । সাধাৰণ প্ৰশাসন বিভাগে অতিৰিক্ত সময় কাম কৰা, বন্ধৰ দিনতো কাম কৰা কৰ্মচাৰীসকলক চিনাক্ত কৰি উলিয়াব । আনহাতে অভ্যাসগত পলমকৈ অহাসকলক উপযুক্তভাৱে অনুশাসন ব্যৱস্থা লোৱাৰ লগতে নৈমিত্তিক ছুটী কৰ্তন কৰা হ'ব বুলিও সাধাৰণ প্রশাসন বিভাগে নির্দেশটোত উল্লেখ কৰিছে ।

এক কথাত এইবাৰ সময়ৰ মূল্য নুবুজা কৰ্মচাৰীক নাকী লগোৱাৰ বিপৰীতে সময়ৰ মূল্য বুজি পোৱা কৰ্মচাৰীক উৎসাহিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে সাধাৰণ প্ৰশাসন বিভাগে ।

লগতে পঢ়ক : পৰ্যটকৰ বাবে বন্ধ হ’ল কাজিৰঙা - Tourism in Kaziranga Shuts Down

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.