ETV Bharat / state

কেবিনেট বৈঠকত মন্ত্ৰীয়ে নিব নোৱাৰিব মোবাইল: গোপনীয় জাননী জাৰি - ASSAM CABINET

এতিয়াৰে পৰা কেবিনেট বৈঠকত ভাগ ল'বলৈ যাওতে মন্ত্ৰীয়ে বাহিৰতে থৈ যাব লাগিব নিজা নিজা মোবাইল ফোন ৷

assam government bans mobile phones during cabinet meetings
কেবিনেট বৈঠকত মন্ত্ৰীৰ বাবে মোবাইল নিষিদ্ধ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 14, 2024, 3:31 PM IST

হায়দৰাবাদ: জাননীখন আছিল গোপনীয় ৷ পিছে গোপন হৈ নাথাকিল ৷ ১০ ডিচেম্বৰতেই গোপনীয়তাৰে এই চৰকাৰী জাননীখন জাৰি কৰা হৈছিল ৷ বিষয়টো আছিল- মোবাইল ফোন ব্যৱহাৰত নিষেধাজ্ঞা ৷ তাকো সাধাৰণ মানুহৰ বাবে নহয়, মন্ত্ৰীসকলৰ বাবে ৷ মন্ত্ৰীৰ লগতে শীৰ্ষস্তৰীয় আমোলাৰ বাবেও ৷

প্ৰকৃততে ঘটনাটো এনেধৰণৰ- এতিয়াৰে পৰা অসম চৰকাৰৰ কেবিনেট বৈঠকত ভাগ লৈ থকাৰ সময়ত কোনো মন্ত্ৰীয়ে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব ৷ ব্যৱহাৰতো দুৰৰেই কথা, সভাকক্ষত প্ৰবেশ কৰাৰ পূৰ্বে মন্ত্ৰীসকলে বাহিৰতে থৈ যাব লাগিব নিজা নিজা মোবাইল ফোন ৷ ১০ ডিচেম্বৰত অসম চৰকাৰৰ ৰাজনৈতিক (কেবিনেট কোষ) বিভাগৰ যুটীয়া সচিবে জাৰি কৰিছে এই গোপনীয় জাননীখন ৷

assam government bans mobile phones during cabinet meetings
ৰাজনৈতিক (কেবিনেট কোষ) বিভাগৰ যুটীয়া সচিবে জাৰি কৰা গোপনীয় জাননীখন (ETV Bharat Assam)

জাননীখনত স্পষ্টকৈ কোৱা হৈছে যে বিগত ৭ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত লোৱা সিদ্ধান্তমৰ্মেই এতিয়াৰে পৰা কেবিনেটত মন্ত্ৰী আৰু শীৰ্ষস্তৰীয় আমোলাসকলে মোবাইল ফোন ব্যৱহাৰ কৰাটো বন্ধ কৰা হৈছে ৷ কেবিনেটৰ সভাকক্ষত প্ৰবেশ কৰাৰ সময়তেই মন্ত্ৰী আৰু আমোলাই তেওঁলোকৰ মোবাইল ফোনসমূহ বাহিৰত থৈ যাব লাগিব ৷

ইয়াৰ কাৰণো জনাই দিয়া হৈছে জাননীখনত ৷ জাননীখনত উল্লেখ কৰা হৈছে এইবুলি যে কেবিনেট হৈছে ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ ক্ষমতাশালী ৷ গতিকে ইয়াৰ বৈঠক, আলোচনা বা সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ ৷ সেয়েহে এনে গুৰুত্বপূৰ্ণ আলোচনাৰ সময়ত বৈঠকত উপস্থিত থকা মন্ত্ৰী বা আমোলাসকলৰ মনোযোগ যাতে আনফালে আতৰি নাযায় তাৰ বাবেই মোবাইল নিষিদ্ধৰ এই সিদ্ধান্ত লোৱা হৈছে বুলি জাননীখনত কোৱা হৈছে ৷ উল্লেখ্য যে বিগত বহু সময়ত এনেধৰণৰো অভিযোগ উঠিছিল যে কেবিনেট বৈঠক চলি থকা অৱস্থাতে সভাস্থলীৰ পৰা কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে মোবাইল যোগে কোনোবাই সংবাদ মাধ্যম বা আন কোনো পক্ষক যোগান ধৰে ৷ তাৰ পিছতেই মোবাইল নিষিদ্ধকৰণৰ এই সিদ্ধান্ত গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে ৷

লগতে পঢ়ক: অসমত কঠোৰ হ’ব আধাৰ আবেদন অনুমোদন প্ৰক্ৰিয়া: কেবিনেটৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.