ETV Bharat / state

উজনিলৈ উপহাৰ, দিছপুৰৰ পিছত এইবাৰ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ নতুন দৰবাৰ - New secretariat in Dibrugarh

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 12:13 PM IST

New CM secretariat in Dibrugarh : শুকুৰবাৰে উজনি অসমবাসীক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিয়ে এক উপহাৰ ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ডিব্ৰুগড়ত উদ্বোধন কৰে মুখ্যমন্ত্ৰী সচিবালয় । মাহত কমেও ৪ দিন কাম কৰিব এই নতুন কাৰ্যালয়ে ৷

New CM secretariat in Dibrugarh
দিছপুৰৰ পিছত এইবাৰ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ নতুন দৰবাৰ (Assam CMO Official page)

ডিব্ৰুগড়, ৬ ছেপ্টেম্বৰ : ৰাজ্য প্ৰশাসন ব্যৱস্থাত এক নতুন যুগৰ সূচনা কৰি শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সচিবালয় উদ্বোধন কৰে । ইয়াৰ সৈতে দিছপুৰৰ পিছত, ডিব্ৰুগড় অসমৰ দ্বিতীয়টো স্থানত পৰিণত হয়, য'ত মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন কৰা হৈছে ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা, বিমল বড়া, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সচিবালয় উদ্বোধন কৰে ।

  • মাহত কমেও ৪ দিন কাম কৰিব নতুন কাৰ্যালয়ে :

উত্তৰ আৰু উজনি অসম অঞ্চলত সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে, ডিব্ৰুগড়ত নতুন মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে মাহত কমেও চাৰিদিন কাম কৰিব । নতুন মুখ্যমন্ত্ৰী কাৰ্যালয় স্থাপনৰ মুখ্য উদ্দেশ্য হৈছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা আৰু প্ৰশাসনিক কাৰ্যকলাপৰ সন্দৰ্ভত অঞ্চলটোৰ লোকসকলে ৰাজ্যৰ আনটো মূৰত অৱস্থিত দিছপুৰলৈ ভ্ৰমণ নকৰাকৈ তেওঁলোকৰ সম্পৰ্কিত সমস্যাবোৰ সমাধান কৰা ।

এতিয়ালৈকে উজনি অসমৰ মানুহে তেওঁলোকৰ বিভিন্ন কামৰ বাবে দিছপুৰলৈ যাবলৈ ৫০০-৫৫০ কিলোমিটাৰ যাত্ৰা কৰিব লগা হৈছিল, কিন্তু এতিয়া কোনো অসুবিধা নোহোৱাকৈ তেওঁলোকৰ কামবোৰ এই নতুন কাৰ্যালয়ৰ জৰিয়তে সমাধা কৰা হ'ব ।

  • উজনি অসমৰ ৯ খন জিলাই লাভ কৰিব সেৱা :

ৰাজধানী দিছপুৰত অৱস্থিত বৰ্তমানৰ অসম সচিবালয়ৰ সমান্তৰালভাৱে ডিব্ৰুগড়ত নতুন মুখ্যমন্ত্ৰীৰ সচিবালয় কাৰ্যকৰী হ'ব । নতুন মুখ্যমন্ত্ৰী কাৰ্যালয়ে উজনি অসমৰ 9 খন জিলা- ডিব্ৰুগড়, তিনিচুকীয়া, গুৱাহাটী, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, লখিমপুৰ আৰু ধেমাজিৰ সকলো প্ৰশাসনিক কাম-কাজ চোৱাচিতা কৰিব ।

  • চৰকাৰ আৰু ৰাইজৰ মাজত সুদৃঢ় হ’ব সম্পৰ্ক : মুখ্যমন্ত্ৰী

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই টুইটাৰযোগে এই সিদ্ধান্তক প্ৰশংসা কৰি কয় যে এই পদক্ষেপে চৰকাৰ আৰু ৰাইজৰ মাজত ঘনিষ্ঠতা বৃদ্ধি কৰিব । তেওঁ কয়, "প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আংশিকভাৱে ৰাজধানীৰ পৰা আঁতৰি যাব আৰু প্ৰশাসনৰ বিকেন্দ্ৰীকৰণ আৰু চৰকাৰক মানুহৰ ওচৰলৈ অনাৰ প্ৰচেষ্টাৰ সৈতে সামঞ্জস্য আনিব ।"

লগতে পঢ়ক : চৰকাৰী কৰ্মচাৰীৰ বাবে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত : পাব কি কি সুবিধা ? - HIMANTA BISWA SARMA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.