ETV Bharat / state

চকুৰ সন্মুখতে উটি গ’ল সমস্ত: কন্দাৰ বাহিৰে উপায় নাই বানাক্ৰান্তৰ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 5:17 PM IST

Assam Flood 2024: দুটাকৈ জলবিদ্যুৎ প্ৰকল্পই জটিল কৰিছে লখিমপুৰৰ বান পৰিস্থিতি ৷ আনহাতে মাজুলীতো বানে লৈছে সংহাৰী ৰূপ ৷ চাওক নৈ-পৰীয়া ৰাইজে কিদৰে পাৰ কৰিছে এটা এটা দিন ৷

FLOOD IN ASSAM
কন্দাৰ বাহিৰে উপায় নাই বানাক্ৰান্তৰ (ETV Bharat Assam)

লখিমপুৰ/মাজুলী, ২ জুলাই : অসমৰ অন্যতম প্ৰাকৃতিক সমস্যা বান ৷ প্ৰতিবছৰে বানত জুৰুলা হৈ পৰে অসম ৷ বাৰিষা আহিলেই ভয় বাঢ়ে ৰাইজৰ ৷ প্ৰতিবছৰে আৰু কিমান হেৰুৱাব কষ্টোপাৰ্জিত ধনেৰে গোটোৱা সা-সামগ্ৰী ! প্ৰতিবাৰেই বানে ধুই লৈ যায় সজাই-পৰাই থান-থিত লগাই লোৱা ঘৰখন ৷ অসমৰ শেহতীয়া বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে ৷

বানাক্ৰান্ত তথা স্থানীয় নেতাৰ ক্ষোভ (ETV Bharat Assam)

লখিমপুৰৰ বান এটা দীর্ঘদিনীয়া সমস্যা । এই বান সমস্যা সমাধান হোৱাৰ বিপৰীতে দিনে দিনে জটিলহে হৈ গৈ আছে । শেহতীয়াকৈ নীপকো আৰু এন এইচ পি চিয়ে দুটাকৈ প্ৰকল্পৰ অতিৰিক্ত পানী এৰি দিয়াৰ ফলত জিলাখনৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে ৷ দুটাকৈ নদীবান্ধে অধিক জটিল কৰি তুলিছে লখিমপুৰৰ বান পৰিস্থিতি ।

বান প্ৰভাৱিত লখিমপুৰ জিলাত বছৰি বানৰ পুনৰাবৃত্তি ঘটে । লখিমপুৰ জিলাত বান সংকট নতুন কথা নহয় । বছৰি বাৰিষা কালত জিলাখনৰ নদীসমূহ বৰষুণৰ ফলত ওফন্দি উঠে আৰু বিভিন্ন স্থানত বান সৃষ্টি কৰে । এয়া জিলাখনৰ এক দীর্ঘদিনীয়া সমস্যা । পিছে বিগত কেইবছৰমানৰ পৰা জিলাখনত বান সংকট অধিক জটিল হৈ পৰিছে । ইয়াৰ মূলতে ৰঙা নদীৰ জলবিদ্যুৎ প্ৰকল্প । অৰুণাচলৰ য়াজালীত স্থাপন কৰা ৪০৫ মেগাৱাটৰ ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হ’লেই নীপকোৱে ৰঙানদীত অতিৰিক্ত পানী মোকলাই দিয়ে আৰু তাৰ ফলত নদীখনে লখিমপুৰ জিলাত তাণ্ডৱ সৃষ্টি কৰে ।

লগতে পঢ়ক : তেজপুৰৰ ভিন্ন প্ৰান্তত ভয়াৱহ বান পৰিস্থিতি, গণেশ মন্দিৰলৈ ভাবুকি - Assam Flood 2024

শেহতীয়াকৈ একেই কাম কৰিছে নামনি সোৱণশিৰি নিৰ্মাণকাৰী প্ৰতিষ্ঠান এন এইচ পি চিয়ে । প্ৰকল্পটোৰ উৎপাদন আৰম্ভ নৌহওতেই এন এইচ পি চিয়ে সোৱণশিৰি নদীত অতিৰিক্ত পানী মোকলাই দিছে । যাৰ বাবে সোৱণশিৰি নদীয়ে লখিমপুৰ জিলাত তাণ্ডব চলাবলৈ লৈছে । এই দুটা জলবিদ্যুৎ প্ৰকল্পই এতিয়া লখিমপুৰৰ বান পৰিস্থিতি অধিক জটিল কৰি তুলিছে ৷ জিলাখনত বৰষুণৰ ফলত নৈসমূহৰ জলস্তৰ বৃদ্ধি হৈ যি পৰিমাণৰ বান সৃষ্টি হয় তাতকৈ দুটা প্ৰকল্পই এৰি দিয়া পানীয়ে অধিক ক্ষতি কৰিছে ।

বিভিন্ন দল সংগঠন তথা ৰাইজে প্ৰকল্প কেইটাত পানীৰ চাপ বৃদ্ধি হোৱাৰ লগে লগে কম পৰিমাণে পানী মোকলাই দিবলৈ আহ্বান জনাই আহিছে যদিও নিৰ্মাণকাৰী প্ৰতিষ্ঠান কেইটাই গুৰুত্ব দিয়া নাই । বিপৰীতে প্ৰকল্পত অধিক পানী জমা হ’লে একেলগে বহু পৰিমাণৰ পানী মোকলাই দিয়ে । এনেবোৰ কাৰণতে সোৱণশিৰি প্ৰকল্প বন্ধ কৰাৰ দাবীত লখিমপুৰত দীর্ঘদিন ধৰি আন্দোলন চলি আহিছে । কোনোৱে প্ৰকল্পটো ভাঙি পেলোৱাৰো দাবী উত্থাপন কৰিছে ।

কেইদিনমানৰ পূৰ্বে লখিমপুৰলৈ অহা ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে পুনৰবাৰ সোৱণশিৰি প্ৰকল্প ভাঙি দিব লাগে বুলি দাবী জনায় । ৰাইজৰ দল ৰাজ্যত ক্ষমতা লৈ আহিলে এই প্ৰকল্পটো ভাঙি পেলোৱা হ’ব বুলিও তেও হুংকাৰ দি যায় । আনহাতে মাজুলীতো দেখা গৈছে হৃদয়বিদাৰক ছবি ৷ বানে বিধ্বস্ত কৰা পাচত আপোন ঘৰখন থকা ঠাইলৈ চাই মাজুলীৰ এজন ব্যক্তিয়ে চকুলো টুকিছে ৷

মাজুলীৰ আউনীআটী সত্ৰৰ সমীপৰ জুগুনধাৰি গাঁও আৰু বোকোৰা গাঁৱৰ মাজৰ মথাউৰি কালি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় । বাঢ়নী পানীয়ে কেইবাটাও বাসগৃহ উটুৱাই লৈ যায় । সৰ্বস্ব হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে সকলো । এয়া মাজুলীৰ শেহতীয়া ভয়ংকৰ বান পৰিস্থিতিৰ এক জীয়া ছবি ।

লগতে পঢ়ক : চাৰিওফালে কেৱল পানী; কাজিৰঙাত জলমগ্ন ৯৫ টা বনশিবিৰ এলেকা - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.