ETV Bharat / state

এতিয়াও পানীৰ তলত ৰাজ্যৰ ১৮ খন জিলা; মৃতকৰ সংখ্যা ৯৩ লৈ বৃদ্ধি - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 8:39 AM IST

Assam flood report : আৰু কিমান দিন ! এতিয়াও পানীৰ তলতে আছে ৰাজ্যৰ ১৮ খন জিলা ৷ শেহতীয়াকৈ লাভ কৰা তথ্য মতে, যোৱা ২৪ ঘণ্টাত এই বানত পুনৰ দুজনৰ মৃত্যু হৈছে ৷ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৩ লৈ বৃদ্ধি ৷

Assam flood report
ক্ৰমাৎ হ্ৰাস পাইছে বানৰ প্ৰকোপ (ETV Bharat assam)

গুৱাহাটী, ১৫ জুলাই : শেহতীয়াকৈ ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি কিছু উন্নত হৈছে । ৰাজ্যৰ প্ৰায়বোৰ জিলাতে বানৰ প্ৰকোপ কমিবলৈ ধৰিছে ৷ ইয়াৰ মাজতে বৰাকৰ কৰিমগঞ্জ জিলাত যোৱা ২৪ ঘণ্টাত এটি শিশুকে ধৰি দুজন লোকে এই বানত প্ৰাণ হেৰুৱাইছে । এই দুজনকে ধৰি বৰ্তমান পর্যন্ত বানত মৃত্যু হোৱা লোকৰ সংখ্যাই ৯৩ ঘৰ স্পৰ্শ কৰিছে ।

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহৰ পানী ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰিছে ৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত বনাক্ৰান্ত জিলাৰ সংখ্যা ২১খনৰ পৰা ১৮ খনলৈ হ্ৰাস পাইছে । বানৰ প্ৰকোপ কমিলেও ৰাজ্যৰ বিভিন্ন জিলাত এতিয়াও বহু বন্যাৰ্তৰ দুখ-দুৰ্দশা অন্ত পৰা নাই । সেই অঞ্চলৰ বানাক্ৰান্ত লোকসকলে এতিয়াও সমস্যাৰ সন্মুখীন হৈ আছে ।

লগতে পঢ়ক : পথাৰত গেলিছে ফচল, পাচলিৰ খেতিপথাৰলৈ চাই কৃষকৰ হুমুনিয়াহ - Assam Flood 2024

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই প্ৰকাশ কৰা শেহতীয়া তথ্য মতে, ৰাজ্যৰ ১৮ খন জিলাৰ ৫২ টা ৰাজহ চক্ৰৰ ১৩৪২ খন গাঁৱৰ ৫.৯৭ লাখ লোক বানৰ কবলত আছে । শনিবাৰৰ তুলনাত আক্ৰান্তৰ সংখ্যা প্ৰায় ডেৰ লাখ হ্ৰাস পাইছে । এতিয়াও প্ৰায় ৩০ হেজাৰ লোক বিভিন্ন আশ্ৰয় শিবিৰতে আছে ।

আনহাতে, বিভিন্ন আশ্ৰয় শিবিৰৰ পৰা নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ ক্ষেত্ৰত বন্যাৰ্তসকলে কিছু সমস্যাৰ সন্মুখীন হৈছে ৷ ইফালে দিচাং নঙলামূৰা ঘাটত বিপদ সীমাৰ ওপৰেৰে বৈয়ে আছে নদীৰ পানী ।

লগতে পঢ়ক : ৰ‍াজ্যৰ ২১খন জিলাৰ আঠ লক্ষাধিক লোক এতিয়াও বানৰ কবলত; মৃতকৰ সংখ্যা ৯১ লৈ বৃদ্ধি - Assam Flood 2024

আনহাতে, গুৱাহাটীৰ বৰঝাৰত থকা বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য মতে, অহা ১৭ জুলাইকৈ ৰাজ্যত অধিকাংশ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । লগতে একাংশ জিলাত প্ৰবল বৰষুণ হোৱাৰ কথাও গুৱাহাটীৰ বৰঝাৰত থকা বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে ৷

লগতে পঢ়ক : বঙাইগাঁৱৰ টেন্টনপুৰত আই নৈৰ খহনীয়াত সৰ্বহাৰা নৈপৰীয়া - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.