ETV Bharat / state

পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্নৰ ক্ষেত্রত শিক্ষাৰ্থীয়ে লাভ কৰিব সম্পূৰ্ণ নম্বৰ : শিক্ষামন্ত্রীৰ ঘোষণা - Minister Ranoj Pegu

SEBA Controversy: হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিতৰ পৰীক্ষাত পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্ন অহাৰ অভিযোগ । প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ । দুটা প্ৰশ্ন কঠিন আহিছে । পাঠ্যক্ৰমৰ বাহিৰৰ হ'লে লাভ কৰিব সম্পূৰ্ণ নম্বৰ । মেট্ৰিকৰ প্ৰশ্নকাকতৰ পেটাৰ্ন সলনি হৈছে । একে কৰা হৈছে ছেবা আৰু চি বি এছ ইৰ প্ৰশ্নকাকতৰ পেটাৰ্ন ।

HSLC Math Paper Controversy
Minister Ranoj Pegu
author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 6:38 PM IST

প্ৰশ্নকাকত বিসংগতিৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

গুৱাহাটী, ১ মাৰ্চ: পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্নৰ ক্ষেত্ৰত সম্পূৰ্ণ নম্বৰ লাভ কৰিব পৰীক্ষাৰ্থীসকলে । এই কথা সদৰী কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ গণিত বিষয়ৰ প্ৰশ্নত বিসংগতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । বিশেষকৈ পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্ন অহাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । আনকি এই সন্দৰ্ভত বামুণীমৈদামত অৱস্থিত অসমৰ মাধ্যমিক শিক্ষা ব’ৰ্ড চৌহদত পৰীক্ষাৰ্থীৰ অভিভাৱকসকল উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় । লগতে আছুৰ প্ৰতিনিধি দলে শিক্ষাৰ্থীৰ ন্যায় দাবী কৰি সাক্ষাৎ কৰে ছেবাৰ অধ্যক্ষক ।

২৯ ফেব্ৰুৱাৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ পৰীক্ষা অনুষ্ঠিত হৈছিল । গণিতৰ পৰীক্ষাত পাঠ্যপুথিৰ বাহিৰৰ পৰা প্ৰশ্ন অহাৰ লগতে প্ৰশ্নকাকত যথেষ্ট জটিল হোৱা বুলি পৰীক্ষাৰ্থী-অভিভাৱকসকলে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

শুকুৰবাৰে গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীয়ে কয় যে প্ৰশ্নকাকতৰ পেটাৰ্ন তথা ধৰণ সলনি কৰা হৈছে । আনহাতে এই ধৰণে হঠাতে সলনি কৰা হোৱা নাই । বিগত বৰ্ষতে সকলোকে অৱগত কৰোৱা হৈছে আৰু এই সন্দৰ্ভত শিক্ষকসকলক লৈ কৰ্মশালাও কৰা হৈছে । পূৰ্বতে ছেবা আৰু চি বি এছ ইৰ প্ৰশ্নকাকতৰ ধৰণ পৃথক আছিল । কিন্তু এইবাৰ ছেবা আৰু চি বি এছ ইৰ প্ৰশ্নকাকতৰ ধৰণ একে কৰা হৈছে ।

ইয়াৰ কাৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে কয় যে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত যাতে ছেবাৰ শিক্ষাৰ্থীসকলে জটিলতা অনুভৱ নকৰে তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে । গণিতৰ প্ৰশ্নকাকতৰ প্ৰসংগত তেওঁ কয় যে দুটা প্ৰশ্নক বাদ দি বাকী কোনো প্ৰশ্ন টান অহা নাই । প্ৰশ্নসমূহ পাঠ্যক্ৰমৰ বাহিৰৰ নহয় ।

নিৰ্দিষ্ট প্ৰশ্ন দুটা পাঠ্যক্ৰমৰ অন্তৰ্গত হয়নে নহয় সেয়া পৰীক্ষা কৰিবলৈ দিয়া হৈছে । যদি প্ৰশ্ন দুটা পাঠ্যক্ৰমৰ বাহিৰৰ হয় তেন্তে পৰীক্ষাৰ্থীসকলে প্ৰশ্ন দুটাৰ সম্পূৰ্ণ নম্বৰ লাভ কৰিব বুলি শিক্ষামন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক: গণিতৰ প্ৰশ্নকাকত বিসংগতি সন্দৰ্ভত ছেবাৰ সচিবক সাক্ষাৎ আছু প্ৰতিনিধি দলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.