ETV Bharat / state

প্ৰায় ১৩ লাখ সদস্যভৰ্তি, দেশৰ শীৰ্ষ ৫ ৰাজ্যৰ ভিতৰত অসম : মুখ্যমন্ত্ৰী - BJP Memberships Drive

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 7:17 PM IST

Assam CM on BJP memberships drive : সোমবাৰে বিজেপিৰ সদস্যভৰ্তি কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ ল'বলৈ বিজেপিৰ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনত উপস্থিত হয় মুখ্যমন্ত্ৰী । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু সদস্যভৰ্তি অভিযানৰ আহ্বায়ক পল্লৱলোচন দাসৰ উপস্থিতিত ৯ ছেপ্টেম্বৰলৈকে ৰাজ্যত বিজেপিৰ নতুন সদস্যভৰ্তি সন্দৰ্ভত তথ্য প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে । লগতে আন কেইবাটাও বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

Assam CM on BJP Memberships Drive
বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ কেইবাটাও বিষয়ত মন্তব্য (ETV Bharat Assam)

গুৱাহাটী, ৯ ছেপ্টেম্বৰ : 2 ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশজুৰি ভাৰতীয় জনতা পাৰ্টীৰ সদস্যতা নবীকৰণ আৰু নতুন সদস্যভৰ্তি অভিযান চলি আছে । ইতিমধ্যে এই অভিযানৰ এসপ্তাহ সম্পূৰ্ণ হৈছে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু সদস্যভৰ্তি অভিযানৰ আহ্বায়ক পল্লৱলোচন দাসৰ উপস্থিতিত সোমবাৰে দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এখন বৈঠকত মিলিত হয় ।

উক্ত বৈঠকত মুখ্যমন্ত্ৰীয়ে ৱাৰ্ড পাৰিষদসকলৰ সৈতেও মত বিনিময় কৰে । বৈঠকত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাস, মেয়ৰ মৃগেন শৰণীয়াও উপস্থিত থাকে । সভাৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি কেইবাটাও মন্তব্য আগবঢ়ায় ।

সদস্যভৰ্তি অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰী

বৰ্তমান দেশজুৰি চলি থকা বিজেপিৰ সদস্যভৰ্তি অভিযানত অসমৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "আমি সদস্যভৰ্তি অভিযান ২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিছিলো আৰু ৯ ছেপ্টেম্বৰৰ পুৱা ১০.৪৫ বজালৈকে ১২ লাখ ৯০ হাজাৰ ২৭৯ জন সদস্য ভৰ্তি কৰাবলৈ সক্ষম হৈছো । প্ৰথম এসপ্তাহত আমি প্ৰায় ১৩ লাখ সদস্য ভৰ্তি কৰাই দেশৰ প্ৰথম ৫ খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হৈছো । অহা ২৫ ছেপ্টেম্বৰলৈকে এই সদস্যভৰ্তি অভিযান চলিব । অসমবাসী ৰাইজক 8800002024 নম্বৰত মিছকল দি সদস্যভৰ্তি অভিযানৰ অংশীদাৰ হ'বলৈ আহ্বান জনাইছো ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "আজি মই সদস্যভৰ্তি অভিযানৰ বুজ ল'বলৈ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হওঁ । মই ভাবো অহা ২৫ ছেপ্টেম্বৰলৈ নিশ্চিত লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ম ।"

অৰ্ণমাই বৰা হত্যাৰ গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

আনহাতে, ৰাজ্য কঁপাই যোৱা অৰ্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যা গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "গুৱাহাটী উচ্চ ন্যায়ালয়ত মূল অভিযুক্তৰ শাস্তি লাঘৱ হোৱাৰ পাছত উচ্চতম ন্যায়ালয়লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছিল ৰাজ্য চৰকাৰে ।‌ এই সন্দৰ্ভত ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন হৈছে । অচিৰেই উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ যাব চৰকাৰ ।"

আনহাতে, পৰিয়ালটোৰ নিৰাপত্তা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, "অসমৰ এতিয়া পৰিৱেশ সলনি হৈছে, তেনেকুৱা কাম কোনেও ভুলতেও নকৰে । আজিৰ তাৰিখত কোনেও এই দুঃসাহস কৰিব নোৱাৰে, নিশ্চিন্ত থাকক ।"

ট্ৰেডিঙৰ প্ৰৱঞ্চক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি ক'লে

ট্ৰেডিঙৰ প্ৰৱঞ্চক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, "ট্ৰেডিঙৰ প্ৰৱঞ্চকসকলক আৰক্ষীয়ে ধৰিব নোৱৰালৈকে সংবাদ মাধ্যমে নিউজ কৰি থাকক, আৰক্ষীক প্ৰেচাৰ দিয়ক যাতে আৰক্ষীয়ে শীঘ্ৰেই ধৰিব পাৰে । কিছুমান অপৰাধীক অলপ সোনকালে ধৰা হয়, কিছুমান অপৰাধীক অলপ পলম হয় । আন বিষয়ৰ দৰে ইয়াৰ বিষয়ে মোক সুধি থাকিলে ক'বলৈ দৈনিক আপডেট একো নাথাকে । কিন্তু আৰক্ষীয়ে যেতিয়াই ধৰিব সংবাদ মাধ্যমক খবৰ দিব ।"

ৰিপুণ বৰাৰ পুনৰ কংগ্ৰেছত যোগদান সন্দৰ্ভত প্ৰতিক্ৰিয়া

আনহাতে, তৃণমূল কংগ্ৰেছ ত্যাগ কৰি পুনৰ কংগ্ৰেছত ৰিপুণ বৰাই যোগদান কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তীৰ্যক মন্তব্য, "ৰিপুণ বৰা আৰু সুস্মিতা দেৱৰ মাজত কথা কটা-কটি, যুঁজ চলি আছে । তাত মই আৰু কিয় সোমাওঁ ! তেওঁ তৃণমূলৰ পৰা কংগ্ৰেছলৈ গৈছিল, আকৌ কংগ্ৰেছলৈ আহিছে । তাত বিজেপিক টানি অনাৰ যুক্তি নাই । কংগ্ৰেছলৈ আশীৰ্বাদ থাকিল, শক্তিশালী কৰক ভেটি ।"

লগতে পঢ়ক :অহা মাৰ্চত প্ৰণয়ন হ'ব নতুন ভূমি আইন; কি থাকিব এই আইনত ? - Assam New Land Act
লগতে পঢ়ক :কলৰ ভূৰেই সম্বল, ৩০ বছৰে নিৰ্মাণ নহ'ল এখন দলং - POOR COMMUNICATION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.