ধেমাজি, 27 ফেব্ৰুৱাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বসুন্ধৰা 2.0 ৰ অধীনত ভূমিপট্টা প্ৰদান কাৰ্যসূচীৰ ৷ সোমবাৰে ধেমাজি জিলাৰ চিলাপথাৰৰ লগতে ঢকুৱাখনাৰ ৰাজহুৱা খেলপথাৰত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি ভূমিপট্টা প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সবলীকৰণৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰে এই পদক্ষেপ ৷
মিছন বসুন্ধৰা 2.0 ৰ অধীনত ঢকুৱাখনাত সোমবাৰে ভূমি পট্টা লাভ কৰে 11,483 গৰাকী খিলঞ্জীয়াই ৷ বিয়লি প্ৰায় 4 বজাত উপস্থিত হৈ ঢকুৱাখনা বিধানসভা সমষ্টিটোৰ মুঠ 11,483 টা ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ স্বাধীনতাৰ 75 বছৰ পাছত এই কাৰ্য সম্ভৱ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে ৷
দীৰ্ঘদিন ধৰি ঢকুৱাখনাবাসীয়ে স্বাস্থ্যক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছিল ৷ পৰ্যাপ্ত চিকিৎসকৰ অভাৱ আছিল ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ৷ এই দিশলৈ লক্ষ্য ৰাখি পৰ্যাপ্ত চিকিৎসক নিয়োগেৰে ঢকুৱাখনা সদৰত লখিমপুৰ জিলা অসামৰিক চিকিৎসালয়খন স্থাপন কৰা হ’ব বুলি স্থানীয় লোকক আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
বাল্য বিবাহ আৰু ড্ৰাগছৰ প্ৰচলন সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰে ৷ ৰাজ্য চৰকাৰৰ নেতৃত্বত বাল্য বিবাহ, বহু বিবাহ আৰু ড্ৰাগছ বিৰোধী অভিযানে ৰাজ্যৰ সমাজ ব্যৱস্থাত যোগাত্মক প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ পুনৰ কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, " বাল্য বিবাহ, বহু বিবাহ আৰু ড্ৰাগছ বিৰোধী অভিযানৰ কংগ্ৰেছ চৰকাৰে যিমানেই বিৰোধ নকৰক কিয়, বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এইধৰণৰ সামাজিক ব্যাধি সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ ৷"
লগতে পঢ়ক: মই জীয়াই থকালৈকে অসমত বাল্য বিবাহ হ’বলৈ নিদিও: মুখ্যমন্ত্ৰী