ETV Bharat / state

পূৰ্বৰ তুলনাত চলিত বৰ্ষত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ সংখ্যা হ্ৰাস - REVIEW MEETING ON ROAD SAFETY

ৰাজ্যত সংঘটিত হোৱা পথ দুৰ্ঘটনাক লৈ ডিব্ৰুগড়ৰ সচিবালয়ত পৰ্যালোচনা সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ ৷

Assam CM Chaired an important Review Meeting on Road Safety with stakeholders in Dibrugarh
ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 24, 2024, 3:50 PM IST

ডিব্ৰুগড় : পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ অসম আৰক্ষী আৰু পৰিবহণ বিভাগে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও হ্ৰাস পোৱা নাই পথ দুৰ্ঘটনাৰ সংখ্যা ৷ সেয়ে ৰাজ্যত সংঘটিত এই পথ দুৰ্ঘটনাক লৈ উদ্বিগ্ন অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । যোৱা দেওবাৰৰ পৰা ডিব্ৰুগড়ৰ সচিবালয়ত থাকি ৰাজ্য চৰকাৰৰ কাম-কাজ তদাৰক কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অনুষ্ঠিত কৰে পথ দুৰ্ঘটনা নিয়ন্ত্ৰণক লৈ এখন পৰ্যালোচনা সভা ।

এই পৰ্যালোচনা সভাত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিং, অসম আৰক্ষীৰ শীৰ্ষ বিষয়া, পৰিবহণ বিভাগৰ মন্ত্ৰী যোগেন মহনৰ লগতে পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়া, লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷ লগতে এই পৰ্যালোচনা সভাত ভাৰ্ছুৱেলী মুখ্য সচিবৰ লগতে অসম চৰকাৰৰ বহুকেইটা বিভাগৰ শীৰ্ষ বিষয়াসকলেও অংশগ্ৰহণ কৰে । এই সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত সংঘটিত হৈ থকা পথ দুৰ্ঘটনাসমূহৰ কাৰণসমূহ বিশ্লেষণ কৰে ।

পূৰ্বৰ বৰ্ষৰ তুলনাত এই বৰ্ষত ১৪% পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা কমিল বুলিও পৰ্যালোচনাৰ সভাত বিষয়াসকলে মুখ্যমন্ত্ৰীক অৱগত কৰে ।

  • ৰাষ্ট্ৰীয় ঘাইপথত স্পীড ব্ৰেকাৰ নিৰ্মাণৰ নিৰ্দেশ :

মুখ্যমন্ত্ৰীয়ে পথ দুৰ্ঘটনাক লৈ অনুষ্ঠিত কৰা পৰ্যালোচনা সভাত আৰক্ষী আৰু পৰিবহণ বিভাগে মুখ্যমন্ত্ৰীক অৱগত কৰে ৰাজ্যৰ বেছি পথ দুৰ্ঘটনা ৰাষ্ট্ৰীয় ঘাইপথসমূহতেই হৈছে । ৰাষ্ট্ৰীয় ঘাইপথসমূহ ভাল হৈ উঠাত পথ দুৰ্ঘটনাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে । ইয়াৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা সময়ত পৰিকল্পিতভাৱে স্পীড ব্ৰেকাৰ দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

পথ এটা নিৰ্মাণ কৰাৰ বাবে যি বাজেট ধাৰ্য কৰা হয়, তাতে স্পীড ব্ৰেকাৰ নিৰ্মাণ কৰাৰ বাবে ধন নিৰ্ধাৰণ কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । লগতে স্পীড ব্ৰেকাৰ নিৰ্মাণ কৰাৰ বাবে যাতে ৰাইজে যাতায়ত কৰোতে অসুবিধা নহয় তাৰ বাবেও দৃষ্টি ৰাখিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

  • পাৰ্কিঙৰ ব্যৱস্থা নথকা ধাবাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ :

ধাবা সন্মুখত দিনে নিশাই বাহন ৰখাই থোৱা বাবেই বিভিন্ন সময়ত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । সেয়ে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ধাবাৰ সন্মুখত পথত যাতে ট্ৰাকৰ লগতে আন বাহন ৰখোৱা নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই । লগতে তেওঁ নিশা ৯ বজাৰ পিছত ধাবাৰ সন্মুখৰ পথত গাড়ী ৰখোৱা বন্ধ কৰিবলৈ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়ে ।

  • কুঁৱলী শেষ নোহোৱা পৰ্যন্ত পিকনিক দলৰ গাড়ী চলাচল বন্ধ :

পুৱতি নিশাতে বনভোজ খাবলৈ যোৱাৰ ফলত ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ঘটনা প্ৰায়ে সংঘটিত হৈছে । সেয়ে আজি মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা সভাত কুঁৱলী শেষ নোহোৱা পৰ্যন্ত পিকনিক দলৰ গাড়ী চলাচল বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে । পিকনিক দল ঘূৰি অহা সময়ত চালকে যাতে মদ সেৱন নকৰে, তাৰবাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে শৰ্মাই ।

লগতে তেওঁ প্ৰতিখন থানাৰ আৰক্ষীক নিজ নিজ এলেকাত থকা পিকনিক স্থানসমূহত দৃষ্টি ৰাখিবলৈ আহ্বান জনায় । জিলা আয়ুক্তসকলক নিজৰ জিলাত থকা পিকনিক স্থানত আৰক্ষীক ডিউটি দিয়াৰ লগতে পুৱা-গধূলি পৰিস্কাৰ কৰাৰ ব্যৱস্থা কৰিবলৈ তেওঁ আহ্বান জনায় ।

  • ৰাজ্যৰ বাহন চালকৰ চকু পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ :

পথ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে বাহন চালকসকলৰ চকু পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । প্ৰয়োজন অনুসৰি, চালকক চশমাৰ দৰকাৰ হ'লে বা আন কিবা সমস্যা হ'লে তাৰো ব্যৱস্থা কৰিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ।

  • গুৱাহাটীৰ বাৰসমূহৰ সময় সলনিৰ নিৰ্দেশ :

পথ দুৰ্ঘটনাৰ মূল কাৰণেই সুৰা সেৱন বুলি নিশ্চিত হোৱা পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আবকাৰী বিভাগৰ দলক নতুন নিৰ্দেশ দিয়ে । গুৱাহাটীকে ধৰি আন স্থান থকা বাৰসমূহ বন্ধ কৰাৰ সময় সলনি কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । বছৰৰ সকলো সময়তেই একে সময়তে যাতে বাৰ বন্ধ কৰা নহয় তাৰবাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবকাৰী বিভাগক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ।

লগতে পঢ়ক : বনগাঁৱৰ গাঁওবুঢ়াৰ মাননিৰ পৰা স্কিল চেণ্টাৰলৈকে; কি কি সিদ্ধান্ত হ’ল ডিব্ৰুগড়ৰ কেবিনেট বৈঠকত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.