ETV Bharat / state

নেপালী ভাষাৰ সাহিত্যিকে অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰিছে: মুখ্যমন্ত্ৰী - ASSAM CM SARUPOTHAR VISIT

সৰুপথাৰত অসম নেপালী সাহিত্য সভাৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । কেইবাটাও প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন ।

Assam CM Sarupothar visit
সৰুপথাৰত নেপালী সাহিত্য সভাৰ অধিবেশনত মুখ্যমন্ত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 9, 2024, 10:33 PM IST

সৰুপথাৰ : সোমবাৰে কেইবাটাও কাৰ্যসূচী লৈ সৰুপথাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । তেওঁ সৰুপথাৰত আয়োজিত নেপালী সাহিত্য সভাৰ অধিবেশনত অংশগ্ৰহণ কৰাৰ উপৰি কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানৰ শুভ উদ্বোধন কৰে । সৰুপথাৰ সমজিলা ঘোষণাৰ পিচত প্ৰথমবাৰৰ বাবে দিনজোৰা কাৰ্যসূচীৰে সৰুপথাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

উল্লেখ্য যে সৰুপথাৰত ৬ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈকে অনুষ্ঠিত নেপালী সাহিত্য সভাৰ ১৬ সংখ্যক ত্ৰিবাৰ্ষিক অধিবেশনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ অধিবেশনৰ বিভিন্ন দিনত বিদেশী পৰ্যটকৰ লগতে সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে ৷ সৰুপথাৰ ৰাজহুৱা খেলপথাৰত আয়োজন কৰা হয় অসম নেপালী সাহিত্য সভাৰ ১৬ সংখ্যক ত্ৰি-বাৰ্ষিক মহাধিবেশন তথা সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠান ৷

অনুষ্ঠানত অংশগ্ৰহণ কৰি উঠি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, "সৰুপথাৰত অসম নেপালী সাহিত্য সভাৰ সোণালী জয়ন্তীৰ সামৰণি সভাত যোগদান কৰাৰ মোৰ সৌভাগ্য হ'ল । অসমৰ জাতীয় জীৱনলৈ নেপালী ভাষাৰ সাহিত্যিকসকলে যি বিশাল বৰঙণি আগবঢ়াই আহিছে তাৰ বিষয়ে আজি আমি একেলগে ৰোমন্থন কৰোঁ । আমি সকলোৱে অসমৰ ভৱিষ্যতৰ বাবে, অসমৰ ভাষা-সংস্কৃতি সুৰক্ষিত কৰিবৰ বাবে ইতিবাচক বৰঙণি আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰোঁ । অসমৰ গোৰ্খা জনগোষ্ঠী অতিকে এটা প্ৰাচীন জনগোষ্ঠী । অসম বুৰঞ্জীৰ বৰ্মন বংশৰ দিনৰ পৰা অসমত গোৰ্খাসকলে বাস কৰাৰ প্ৰমাণ পোৱা যায় । ৰাজ্য চৰকাৰে যোৱা চাৰে তিনিটা বছৰত গোৰ্খাসকলক আৰু তেওঁলোকৰ কলা-কৃষ্টিক সুৰক্ষিত কৰিবলৈ নিৰন্তৰ প্ৰয়াস কৰিছে । আৰু আজি আমি সকলোৱে মিলি একেলগে বাস কৰি অসমখনক সমৃদ্ধ কৰাৰ বাবে আলোচনা কৰি আগবাঢ়ি যোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ।"

সৰুপথাৰত নেপালী সাহিত্য সভাৰ অধিবেশনত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে সৰুপথাৰত উপস্থিত হৈ প্ৰথমতে কুশল কোঁৱৰ ষ্টেডিয়ামৰ লগতে নতুনকৈ নিৰ্মাণ কৰা এটি ইনড'ৰ ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে আৰু সৰুপথাৰ কুশল কোঁৱৰ ষ্টেডিয়ামত এটি ছুইমিং পুলৰ আধাৰশিলা স্থাপন কৰে । পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে ৰাইজক সম্বোধন কৰি সৰুপথাৰ মণ্ডল বিজেপি কাৰ্যালয়ৰ এটি সভাগৃহৰ শুভ উদ্বোধন কৰে ।

ইয়াৰ সমান্তৰালকৈ তেওঁ সৰুপথাৰ ছেৱাগুৰিস্থিত এটি গ্ৰাম্য ষ্টেডিয়াম উদ্বোধন কৰে আৰু সৰুপথাৰত বিধায়ক বিশ্বজিৎ ফুকনৰ তত্ত্বাৱধানত প্ৰায় ১৫ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা সৰুপথাৰ সম-জিলাৰ অসামৰিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে ।

মুখ্যমন্ত্ৰীয়ে লগতে অসামৰিক চিকিৎসালয়তে নুমলীগড় তেল শোধনাগাৰৰ চি এছ আৰ পুঁজিৰ দ্বাৰা এটি অক্সিজেন প্লেণ্টৰ শুভ উদ্বোধন কৰে ।

আনহাতে, ইনড'ৰ ষ্টেডিয়াম শুভ উদ্বোধন কৰাৰ সময়ত অসম কন্যা লাভলীনা বৰগোহাঁই, লনবল খেলুৱৈ নয়নমণি শইকীয়া, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ যমুনা বড়ো, অসমৰ একমাত্ৰ মহিলা চেইলৰ নিশামণি বৰা উপস্থিত থাকে । ইয়াৰ উপৰি সাংসদ কামাখ্যা প্ৰসাদ তাছা, স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন আৰু গোলাঘাট জিলাৰ জিলা আয়ুক্ত, আৰক্ষী অধিক্ষক তথা সৰুপথাৰ সম-জিলাৰ প্ৰশাসনিক বিষয়াসকলো উপস্থিত থাকে ।

আনহাতে, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, মন্ত্ৰী অতুল বৰা, বিধায়ক ভাস্কৰ শৰ্মা, গণেশ লিম্বু, গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং, AAGSU-ৰ সভাপতি সুনীল চেত্ৰী, অসম নেপালী সাহিত্য সভাৰ সভাপতি ড৹ চিন্তামণি শৰ্মা প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে ।

লগতে পঢ়ক :কাৰোবাৰ দপ্তৰ কটা গ’ল, কোনোবাই পালে নতুন দপ্তৰ; চাওক অসম মন্ত্ৰীসভাৰ নতুন ৰূপ
লগতে পঢ়ক :ধৰ্মীয় গোড়ামিৰ ওপৰত নিৰ্মাণ হোৱা দেশে হিন্দুক সুৰক্ষা দিব নোৱাৰে: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.