ETV Bharat / state

মিনি দিশপুৰত পৰিণত নলবাৰী, জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক - CABINET MEETING IN NALBARI

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 1:10 PM IST

Assam Cabinet Meeting : নলবাৰীলৈ বহুকেইটা সুখবৰ কঢ়িয়াই অনাৰ সম্ভাৱনাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ প্ৰতিকূল বতৰৰ মাজতে এই কেবিনেট বৈঠকক কেন্দ্ৰ কৰি যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নলবাৰী জিলা প্ৰশাসনে ৷ ইতিমধ্যে নলবাৰীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

CABINET MEETING IN NALBARI
দিশপুৰৰ বাহিৰত এয়া 14 নং কেবিনেট বৈঠক (ETV Bharat Assam)

নলবাৰী, 27 জুন: বৃহস্পতিবাৰৰ দিনটোত নলবাৰীত অনুষ্ঠিত হৈছে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ একপ্ৰকাৰ মিনি দিশপুৰত পৰিণত হৈছে নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয় ৷ দিশপুৰৰ বাহিৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এয়া 14 নং কেবিনেট বৈঠক ৷

মিনি দিশপুৰত পৰিণত নলবাৰী (ETV Bharat Assam)

পুৱাৰে পৰা এই বৈঠকক কেন্দ্ৰ কৰি নলবাৰী জিলা আয়ুক্তৰ চৌহদত দেখা গৈছে উখল-মাখল পৰিৱেশ ৷ পূৰ্বৰ সময়সূচী অনুসৰি, 26 জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল এই কেবিনেট বৈঠক ৷ কিন্তু অম্বুবাচী মেলাৰ শেষৰটো দিন হোৱা হেতুকে বুধবাৰে বাতিল কৰা হৈছিল এই কেবিনেট বৈঠকখন ৷

লগতে পঢ়ক: ১২৬ টা য়ুথ ক্লাবলৈ ১৫ লাখকৈ টকা চৰকাৰৰ : ৩০ আগষ্টৰ ভিতৰত পঞ্চায়তৰ সীমা পুনৰনিৰ্ধাৰণ - Decision of Assam cabinet

ইতিমধ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ত এজন এজনকৈ আহি উপস্থিত হৈছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীসকল ৷ স্থানীয় বিধায়ক তথা কেবিনেটৰ অন্যতম সদস্য জয়ন্ত মল্ল বৰুৱাই উপস্থিত আটাইকে আদৰণি জনায় ৷ বৰুৱাৰ সৈতে একেলগে আহি উপস্থিত হৈছে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰণজিৎ দাস ৷

ইফালে কেবিনেট বৈঠকৰ বাবে ইতিমধ্যে নলবাৰীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ নলবাৰীৰ কেবিনেট বৈঠকৰ সামৰণিৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হ’ব বৰপেটালৈ ৷ বৰপেটা সত্ৰ আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

দুয়োগৰাকী মন্ত্ৰীয়ে ৰাজ্যৰ ভিন্ন স্থানৰ লগতে বিশেষকৈ নলবাৰীৰ বাবে বহুকেইটা ভাল খবৰ থকা বুলি একপ্ৰকাৰ ইংগিত প্ৰদান কৰে ৷ জিলাখনৰ বান পৰিস্থিতিৰ সমাধানৰ সন্দৰ্ভতো এইখন কেবিনেট বৈঠকতে সিদ্ধান্ত লোৱাৰ আশা প্ৰকাশ কৰে মন্ত্ৰী দুগৰাকীয়ে ৷ প্ৰতিকূল বতৰৰ মাজতে এই কেবিনেট বৈঠকক কেন্দ্ৰ কৰি যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নলবাৰী জিলা প্ৰশাসনে ৷

লগতে পঢ়ক: ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত: ছেপ্টেম্বৰত ৩০ হাজাৰ যুৱক-যুৱতীয়ে পাব নিবনুৱা ঋণ - Assam Cabinet Key decisions

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.