ETV Bharat / state

হাফলং শ্মশানত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন সেনা জোৱান কমল যোশীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 8:58 PM IST

Updated : Feb 26, 2024, 10:56 PM IST

Bareilly Army Camp Murder Update : হাফলং শ্মশানত সেনা জোৱান কমল যোশীৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন ৷ 23 ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ বৰেলী আৰক্ষী থানাৰ অন্তৰ্গত 606 ই এম ই সেনা শিবিৰত হাবিলদাৰ কমল যোশীক তেওঁৰ সহকৰ্মীয়ে গুলীয়াই হত্যা কৰিছিল ৷

Assam Army Man Shoot
সামৰিক মৰ্যাদাৰে সেনা জোৱান কমল যোশীৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন
সেনা জোৱান কমল যোশীৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন

হাফলং, 26 ফেব্ৰুৱাৰী : পাহাৰীয়া জিলা ডিমা হাছাওৰ বাসিন্দা তথা উত্তৰ প্ৰদেশৰ বৰেলী আৰক্ষী থানাৰ অন্তৰ্গত 606 ই এম ই সেনা শিবিৰত হাবিলদাৰ কমল যোশীক তেওঁৰ সহকৰ্মী অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা ৰাজেশ ৰত্নাই গুলীয়াই হত্যা কৰিছিল ৷ 23 ফেব্ৰুৱাৰীত এই ঘটনা সংঘটিত হৈছিল ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাহুল ভাট্টিয়ে জনোৱা মতে 23 ফেব্ৰুৱাৰীত বৰেলী আৰক্ষী থানাৰ অন্তৰ্গত 606 ই এম ই সেনা কেম্পত অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা সেনা জোৱান ৰাজেশ ৰত্নাই কেম্পৰ চকীদাৰৰ পৰা বন্দুক কাঢ়ি লৈ 40 বছৰীয়া হাবিলদাৰ কমল যোশীক গুলীয়াই হত্যা কৰে ৷ এই খবৰ লাভ কৰাৰ পিচতে উত্তৰ প্ৰদেশৰ বৰেলী থানাৰ আৰক্ষী সেনা কেম্পত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু চি চি টিভি ফুটেজৰ ভিত্তিত হত্যাকাৰী সেনা জোৱান ৰাজেশ ৰত্নাক গ্ৰেপ্তাৰ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ডিমা হাছাওৰ সদৰ চহৰ হাফলঙৰ বাসিন্দা, তথা এছ এছ বিত কৰ্মৰত কমল যোশীৰ ভাতৃয়ে আজি জানিবলৈ দিয়ে যে, 23 ফেব্ৰুৱাৰীত তেওঁলোকলৈ খবৰ আহে যে তেওঁৰ ভাতৃৰ সেনা কেম্পত ষ্ট্ৰোক হৈ মৃত্যু হৈছে ৷ তেওঁ জানিবলৈ দিয়া অনুসৰি 40 বছৰীয়া হাবিলদাৰ কমল যোশীয়ে 31 মাৰ্চত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা আছিল ৷ ছুটীৰ পিচত পুনৰ উত্তৰ প্ৰদেশৰ সেনা শিবিৰলৈ যোৱাৰ পিচতে শিবিৰৰ গাৰ্ড কামাণ্ডাৰ ৰাজেশ ৰত্নাৰ সৈতে কোনো কথাত তেওঁৰ কাজিয়াৰ সূত্ৰপাত হয় ৷ ইয়াৰ পিচতে সেনা শিবিৰৰ চকীদাৰৰ ৰাইফল কাঢ়ি লৈ সেনা জোৱান ৰাজেশ ৰত্নাই গুলীয়াই হত্যা কৰে হাবিলদাৰ কমল যোশীক ৷

ভাতৃয়ে অভিযোগ কৰে যে, সেনাৰ 606 ই এম ই ৰেজিমেন্টে এই ঘটনাটো গাপ দিয়াৰ বাবে কমল যোশীৰ ষ্ট্ৰোক হৈ মৃত্যু হৈছে বুলি জনায় ৷ কিন্তু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চি চি টিভি ফুটেজ চাই সেনা জোৱান ৰাজেশ ৰত্নাক গ্ৰেপ্তাৰ কৰাৰ পিচতে ঘটনাটো পোহৰলৈ আহে ৷ ইতিমধ্যে কমল যোশীৰ পৰিয়ালে এই ঘটনা সন্দৰ্ভত দাখিল কৰা অভিযোগৰ ভিত্তিত উত্তৰ প্ৰদেশৰ বৰেলী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে ৷ কমল যোশীৰ ভাতৃৰ অভিযোগ যে, এই ঘটনাত সেনা শিবিৰৰ চকীদাৰ আৰু ৰাজেশ ৰত্নাই মিলি পৰিকল্পিতভাবে এই হত্যা কৰিছে ৷

ইফালে হত্যাকাৰী সেনা জোৱানৰ কঠোৰ শাস্তিৰ দাবী জনাইছে হাবিলদাৰ কমল যোশীৰ ভাতৃয়ে ৷ আনহাতে অসম গোর্খা সন্মিলন আৰু গোর্খা ছাত্ৰ সন্থাই এই ঘটনাৰ তীব্ৰ গৰিহণা দি হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী জনায় চৰকাৰৰ তৰফৰ পৰা মৃত্যু হোৱা কমল যোশীৰ পৰিয়ালক এককালীন আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী জনাইছে ৷ উল্লেখ্য যে, আজি হাফলং শ্মশানত সামৰিক মৰ্যাদাৰে সেনা জোৱান কমল যোশীৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷

লগতে পঢ়ক : কাৰ ভুলৰ বাবে উত্তৰ প্ৰদেশত কৰ্মৰত অৱস্থাত নিহত অসমৰ জোৱান কমল যোশী ?

Last Updated : Feb 26, 2024, 10:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.