ETV Bharat / state

বিজ্ঞাপনৰ কভাৰত ফটো ওলোৱাৰ পাচতো লাভ নকৰিলে অৰুণোদয়ৰ ধন - Women deprived of Arunodoi scheme

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 4:13 PM IST

Women deprived of Arunodoi scheme: বকোত আজৱ ঘটনা । আঁচনিৰ সুবিধা লাভ নকৰাকৈয়ে অৰুণোদয়ৰ বিজ্ঞাপনৰ কভাৰত ওলাল মহিলাৰ ফটো । বজাৰত শাক-পাচলি বিক্ৰী কৰি থাকোতেই ফটো তুলি বিজ্ঞাপনত প্ৰকাশ কৰাৰ পাচতো নাপালে অৰুণোদয়ৰ ধন । ক্ষোভিত মহিলা কাষ চাপিল সংবাদ মাধ্য়মৰ ।

Women deprived of Arunodoi scheme
বিজ্ঞাপনৰ কভাৰত ফটো ওলোৱাৰ পাছতো লাভ নকৰিলে অৰুণোদয়ৰ ধন

বকো,২২ মাৰ্চ: ৰাজ্য চৰকাৰে বিভিন্ন সময়ত বিভিন্ন আঁচনি ৰূপায়ণ কৰি দৰিদ্ৰ জনতাক সকাহ দি আহিছে । ইয়াৰ মাজত কিন্তু একাংশ দৰিদ্ৰ লোকে আঁচনিসমূহৰ পিচত বাৰম্বাৰ দৌৰাৰ পাচতো কোনো সঁহাৰি লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি আহিছে । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ২৮ নং বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ বনগাঁও-ছয়গাঁও মণ্ডলৰ ৫ নং উত্তৰ পশ্চিম গাওঁ পঞ্চায়তৰ অন্তৰ্গত বাঁহজানিত অৰুণোদই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত আজব ঘটনা সংঘটিত হৈছে ।

হিতাধিকাৰীয়ে পোৱা নাই অৰুণোদয় আঁচনি । অথচ অৰুণোদই আঁচনিৰ কভাৰ ফটোত আছে হিতাধিকাৰীৰ ফটো । তিনিবাৰকৈ আচঁনিৰ পৰা বঞ্চিত বাঁহজানিৰ অভয় বড়োৰ পত্নী জুনু বড়ো । সম্প্ৰতি হাতত অৰুণোদয় আঁচনিৰ চৰকাৰী কভাৰ ফটো লৈ দম্পতি হালে ঘূৰি ফুৰিছে বিভাগীয় কাৰ্যালয়ে কাৰ্যালয়ে । অৰুণোদয় আঁচনিৰ বিজ্ঞাপনত ফটো ওলোৱাৰ স্বতেও জুনু বড়োয়ে নাপালে আঁচনিৰ ধন ৷ কেনেকৈ হ'ল এই ঘটনা অবুজ সাঁথৰ হৈ পৰিল এই দম্পতিৰ বাবে ।

এনেদৰে অৰুণোয় আঁচনিৰ কভাৰ ফটোত নিজৰ ফটো দেখি ক্ষোভিত হৈ পৰিছে জুনু বড়ো আৰু স্বামী অভয় বড়ো ৷ জুনু বড়োৱে জানিবলৈ দিয়া মতে, অৰুণোদয় আঁচনিৰ পৰা তিনিবাৰকৈ বঞ্চিত হোৱা জুনু বড়োৰ ফটো কিয় দিলে চৰকাৰী বিজ্ঞাপনৰ কভাৰ ফটোত সেয়া এক নুবুজা সাঁথৰ ৷ চৰকাৰে যে মিছাৰ আশ্ৰয় লৈছে সেয়া এই কাৰ্যই প্ৰমাণিত কৰিছে বুলি উল্লেখ কৰে সচেতন ৰাইজে ৷ ফটো যিহেতু প্ৰকাশ পাইছে গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৰুণোদয় আঁচনিৰ ধন দিবলৈ আহ্বান জনাই এই দম্পত্তিয়ে ।

বৰ্তমানেও চৰকাৰী ঘৰৰ পৰা বঞ্চিত বুলি জুনু বড়োয়ে দুখ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয়, দৰিদ্ৰ পৰিয়ালটোৰ পোহপাল দিয়াৰ বাবে সপ্তাহত তিনিদিন বামুণীগাঁও বজাৰত শাক-পাচলি বিক্ৰী কৰি আহিছে । ফটো সংক্ৰান্তত মহিলাগৰাকীয়ে জানিব দিয়ে যে, কেতিয়াবা বজাৰতে বেলেগ বেলেগ মানুহে ফটো তুলি নিয়ে মহিলাগৰাকীৰ । হয়তো তেনেদৰে ফটো লাভ কৰিব পাৰে বুলি সংবাদমাধ্যমৰ আগত মতপোষণ কৰে জুনু বড়োয়ে ।

লগতে পঢ়ক: কাৰ্বি পাহাৰতো জাকে জাকে মানুহ আহিছে বিজেপিলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.