ETV Bharat / state

এজাক বৰষুণতে বুৰ গ'ল ঐতিহাসিক চৰাইদেউৰ সদৰ সোণাৰি নগৰ - Artificial flood

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 7:31 PM IST

Artificial flood in Sonari : কৃত্ৰিম বানত বুৰিল চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ চৌহদৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান তথা ব্যৱসায়িক প্ৰতিষ্ঠান ৷ দেওবাৰে অহা এজাক বৰষুণতে বুৰিল নগৰখন ৷

ARTIFICIAL FLOOD IN SONARI
কৃত্ৰিম বানৰ কবলত সোণাৰি (ETV Bharat Assam)

ডিব্ৰুগড়, 11 আগষ্ট : চৰাইদেউক জিলা ঘোষণা কৰাৰ আঠটা বৰ্ষ উকলি যোৱাৰ পাচতো আজি পৰ্যন্ত জিলা খনৰ সদৰ সোণাৰিৰ আন্তঃগাঁথনি‌ উন্নয়ন নহ'ল ৷ ফলত বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হৈ আহিছে স্থানীয় ৰাইজৰ লগতে অঞ্চলটোলৈ অহা লোকসকল ৷

এজাক বৰষুণতে বুৰ গ'ল সোণাৰি নগৰ (ETV Bharat Assam)

আজি মাত্ৰ এজাক বৰষুণতে বুৰ গ’ল ঐতিহাসিক চৰাইদেউৰ সদৰ সোণাৰি ৷ ‌কৃত্ৰিম বানত বুৰিল চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ চৌহদৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান তথা ব্যৱসায়িক প্ৰতিষ্ঠান ৷ সোণাৰি পৌৰসভাৰ প্ৰায় সমূহ ৱাৰ্ডেই কৃত্ৰিম বানৰ কবলত পৰাত ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ সোণাৰিৰ প্ৰায়সমূহ উপপথ কৃত্ৰিম বানত বুৰ যোৱাত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ লগতে দেওবাৰৰ দিনটোত দৈনিক বজাৰ বহা মূল পদপথসমূহ কৃত্ৰিম বানত বুৰ যোৱাত গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে ৷

উল্লেখ্য যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিলে চৰাইদেউ মৈদামে ৷ কিন্তু এই অৱস্থাত বাৰিষা চৰাইদেউলৈ পৰ্যটক আহিব নে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে ৷ কিয়নো আজি এজাক বৰষুণতে বুৰ গ'ল সোণাৰি নগৰ ৷ ইফালে নগৰখনৰ এই অৱস্থাৰ বাবে সোণাৰি পৌৰসভাৰ বিৰুদ্ধে অকৰ্মণ্যতাৰ অভিযোগ কৰিছে ৰাইজে ৷ ৰাইজে অভিযোগ কৰা অনুসৰি সোণাৰি নগৰৰ নলা-নৰ্দমা নিষ্কাষণ নকৰাৰ বাবেই কৃত্ৰিম বানৰ সৃষ্টি হৈছে ৷

ৰাইজে অভিযোগ কৰা মতে আজি পৰ্যন্ত নলা নিৰ্মাণৰ কাম কৰিব নোৱাৰাৰ বাবে আজি কৃত্ৰিম বানত ডুবিল চৰাইদেউৰ সদৰ সোণাৰি ৷ উল্লেখ্য যে, সোণাৰিতে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ গৃহ থকাৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈৰ ঘৰো সোণাৰিতে ৷ ইয়াৰ পাচতো সোণাৰি চহৰৰ আন্তঃগাঁথনি আজি পৰ্যন্ত উন্নয়ন নোহোৱা বিষয়টোৱে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ উন্নয়নৰ বাস্তৱ ছবিখন উদঙাই দিছে বুলি মন্তব্য কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক : কৃত্ৰিম বান ডুবিল শিক্ষামন্ত্ৰীৰ ঘৰৰ পৰা মাত্ৰ ৫০০ মিটাৰ নিলগৰ এখন বিদ্যালয় - Flash flood in Dhemaji

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.