ETV Bharat / state

কৃত্ৰিম বানত বুৰিল বিলাসী আৱাসিক এলেকা; জলবন্দী ১৫৩ টা পৰিয়াল - Artificial flood

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 10:31 PM IST

Updated : Jun 21, 2024, 9:34 PM IST

Artificial flood in North Guwahati: কৃত্ৰিম বান বুলিলেই আপোনাৰ নিশ্চয় মনলৈ আহে গুৱাহাটী মহানগৰীৰ ছবি ৷ কিন্তু এতিয়া কেৱল গুৱাহাটী মহানগৰীয়েই এই সমস্যাৰ ভুক্তভোগী নহয় ৷ উত্তৰ গুৱাহাটীতো কৃত্ৰিম বানত জলবন্দী হ’বলগীয়া হৈছে ১৫৩ ঘৰ বাসিন্দা ৷ পঢ়ক সবিশেষ...

Artificial flood
Artificial flood in North Guwahati (ETV Bharat Assam)

গুৱাহাটী, 20 জুন: কৃত্ৰিম বানে প্ৰায়েই জলা-কলা খুৱাই আহিছে গুৱাহাটী মহানগৰবাসীক । এইবাৰ গুৱাহাটী মহানগৰীৰ সমান্তৰালকৈ কৃত্ৰিম বানত বুৰ গৈছে উত্তৰ-গুৱাহাটীৰ বহু অঞ্চল ৷ এইমছ, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, উচ্চ ন্যায়ালয়কে আদি কৰি বৃহৎ বৃহৎ প্ৰতিষ্ঠানেৰে সমৃদ্ধ হৈ বিকাশ লাভ কৰাৰ পূৰ্বেই কৃত্ৰিম বানত বুৰ গৈছে উত্তৰ গুৱাহাটীৰ বিশাল অঞ্চল ।

Artificial flood in North Guwahati
কৃত্ৰিম বানত বুৰিল বিলাসী আৱাসিক এলেকা (ETV Bharat Assam)

বানত বুৰ গৈছে উত্তৰ গুৱাহাটীৰ অভয়পুৰত অৱস্থিত আৰ্য স্মাৰ্ট লিভিং নামৰ বিলাসী আৱাসিক চৌহদ । বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰা আৰ্য স্মাৰ্ট লিভিঙৰ চৌহদ ৷ ফলত ইয়াত বাস কৰা ১৫৩ ঘৰ বাসিন্দা জলবন্দী হৈ পৰিছে । আৰ্য স্মাৰ্ট লিভিঙৰ কৰ্তৃপক্ষৰ অদূৰদৰ্শিতা আৰু নীতি বিৰুদ্ধ নিৰ্মাণৰ বাবেই ১৫৩ ঘৰ মানুহ জলবন্দী হ’ব লগা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

Artificial flood in North Guwahati
কৃত্ৰিম বান (ETV Bharat Assam)

লগতে পঢ়ক: নেৰানেপেৰা বৰষুণত ভূমিস্খলনৰ আশংকা : নিদ্ৰাহৰণ গুৱাহাটীৰ পাহাৰবাসীৰ - Guwahati Landslide

এই চৌহদত বাস কৰা বাসিন্দা ডাঃ গণেশ দাসে অভিযোগ কৰা অনুসৰি বিল্ডাৰ তথা Ms Arya Erector Pvt Ltd ৰ গাফিলতিৰ বাবেই দুৰ্ভোগ ভুগিব লগীয়া হৈছে আৰ্য স্মাৰ্ট লিভিং কেম্পাছৰ বাসিন্দাসকলে । তেওঁলোকে অভিযোগ কৰা অনুসৰি নীতি বহিৰ্ভূতভাৱে তাত কেম্পাছ সাজিছে বিল্ডাৰে ।

Artificial flood in North Guwahati
আৰ্য স্মাৰ্ট লিভিঙৰ চৌহদ (ETV Bharat Assam)

প্ৰকৃতে আৰ্য স্মাৰ্ট লিভিং কেম্পাছটো থকা ঠাইত পূৰ্বতে আছিল এটা জলাশয় । এই জলাশয় পুতি তাত সজা হৈছিল কেম্পাছ । মূল পথৰ পৰা কেম্পাছতো নামনিত হোৱাৰ বাবে পথৰ পানী কেম্পাছত সোমায় । আনহাতে কেম্পাছৰ পানী ওলাই যোৱাৰ ক্ষেত্ৰতো নাই কোনো ৰাস্তা । যাৰ ফলত এতিয়া জলমগ্ন হৈ পৰিছে সমগ্ৰ চৌহদ । বৰষুণৰ পানী বাহিৰলৈ ওলাই যোৱাৰ কোনো ৰাস্তা নথকাৰ বাবে ঘৰবোৰৰ ভিতৰতো সোমাইছে পানী ।

লগতে পঢ়ক: ৰাজ্যৰ ১৯ খন জিলাৰ ৫৭৯ খন গাঁও বানৰ কবলত, অধিক জটিল পৰিস্থিতি কৰিমগঞ্জ-নলবাৰীত - ASSAM FLOOD 2024

ইফালে এই কেবাশ কোটিটকীয়া বিশাল চৌহদটোত আছে বহুতো বয়সস্থ ব্যক্তি আৰু বিদ্যালয়লৈ যোৱা শিশু । পানীৰ বাবে কণ কণ শিশুসকলো বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি হৈছে । আবাসীসকলৰ তৰফৰ পৰা এই সমস্যা সমাধানৰ বাবে Ms Arya Erector Pvt Ltd অনুৰোধ জনোৱা হৈছে যদিও আজি পৰ্যন্ত একো সমাধান পোৱা নাই বুলি বাসিন্দাসকলৰ একাংশই জনাইছে ৷

এককথাত গুৱাহাটীৰ নবীন নগৰ, অনিল নগৰত পৰিণত হৈছে আৰ্য স্মাৰ্ট লিভিঙৰ বিলাসী চৌহদ । এই সম্পৰ্কে Ms Arya Erector Pvt Ltd ক যোগাযোগ কৰা হৈছিল যদিও, তেওঁলোকে মন্তব্য প্ৰদানৰ বাবে বিৰত থাকে ।

লগতে পঢ়ক: আহাৰমহীয়া বানে প্ৰাণ ল’লে শিশুৰ - ASSAM FLOOD 2024

Last Updated : Jun 21, 2024, 9:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.