ETV Bharat / state

কুকি-মেইটেইৰ মাজত পুনৰ সংঘৰ্ষৰ ফলত অগ্নিগৰ্ভা মণিপুৰ, কাছাৰত আশ্ৰয় বিচাৰি প্ৰৱেশ ৫ শতাধিকৰ - MANIPUR VIOLENCE

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 1:39 PM IST

KUKI MEITEI CLASH : মণিপুৰৰ হিংসাত্মক ঘটনাই ইতিমধ্যে সম্পূৰ্ণ কৰিছে এবছৰ ৷ কিন্তু এবছৰৰ এক সুদীৰ্ঘ সময় পাৰ হৈ যোৱাৰ পিছতো ৰাজ্যখনলৈ পূৰ্বৰ শান্তি-শৃংখলা ঘূৰি নাহিল ৷ যাৰ বাবে পুনৰ উমি উমি জ্বলিব ধৰিছে গোষ্ঠী সংঘৰ্ষৰ জুই ৷ পিছে পৰিতাপৰ বিষয় যে, কেন্দ্ৰই আজিলৈকে এই বিষয়ত হস্তক্ষেপ প্ৰদান কৰাৰ সদিচ্ছা প্ৰকাশ নকৰিলে ৷

MANIPUR VIOLENCE
মণিপুৰত পৰিস্থিতি উত্তপ্ত (ETV Bharat Assam)

শিলচৰ, ১০ জুন : ইফালে কেন্দ্ৰত নতুন চৰকাৰ গঠন হৈছে, আনফালে অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছে মণিপুৰত ৷ মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ ৩৬৫ দিন উকলি যোৱাৰ পিছতো উমি উমি জ্বলি আছে সাতভনীৰ অন্যতম ৰাজ্যখন ৷ যাৰ বাবে ৰাজ্যখন এৰি তাৰ বাসিন্দাসকলে ঢাপলি মেলিছে অসম-মণিপুৰ সীমান্তৰ কাছাৰ জিলালৈ ৷

সষ্টম কাছাৰ জিলা আৰক্ষী অধীক্ষক (ETV Bharat Assam)

প্ৰাণৰ মমতাত ঢপলিয়াই অহা অসহায় লোকসকলে অসম-মণিপুৰ সীমান্তৰ জিৰিঘাট হৈ প্ৰৱেশ কৰিছে কাছাৰত ৷ পুনৰ এবাৰ গোষ্ঠী সংঘৰ্ষৰ জুই জ্বলিব ধৰিছে ৰাজ্যখনত ৷ বিশেষকৈ জিৰিবাম জিলাত দুই গোষ্ঠী ক্ৰমে কুকি আৰু মেইটেই সকলৰ মাজতে গোষ্ঠী সংঘৰ্ষই প্ৰবল ৰূপত ধৰা দিছে ৷ জিৰিবামত বিগত তিনিদিন ধৰি এনেধৰণৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰাৰ কথা জানিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক: মণিপুৰ গোষ্ঠী সংঘৰ্ষৰ ৩৬৫ দিন : এতিয়াও উমি উমি জ্বলি আছে প্ৰকৃতিৰ ৰম্যভূমি - Manipur conflicts

আনহাতে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলাখনত জাৰি কৰা হৈছে 144 ধাৰা ৷ এই ধাৰা অব্যাহত থকাৰ মাজতে একাংশ কুকি আৰু মেইটেই লোকে পৰস্পৰে পৰস্পৰৰ বাসগৃহ জ্বলাই দি হিংসাৰ প্ৰশ্ৰয় লৈছে ৷ আনকি গুলীয়াগুলী, বোমা বিস্ফোৰণ আৰু অগ্নিসংযোগৰ দৰে ঘটনাও জিৰিবামত সংঘটিত হৈছে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিৰিবামত মোতায়েন কৰা হৈছে সেনা জোৱান ৷

ইতিমধ্যে আতংকিত স্থানীয় বাসিন্দাসকলে নিৰাপদ আশ্ৰয় বিচাৰি কাছাৰত থকা আত্মীয়ৰ ঘৰলৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰৰ শান্তি-শৃংখলা যাতে বিঘ্নিত নহয়, তাৰ প্ৰতি বিশেষভাৱে সষ্টম হৈছে জিলাখনৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তা ৷

লগতে পঢ়ক: মণিপুৰত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ দাবীৰে ৭ গৰাকী মহিলাৰ মুণ্ডন - one year of Manipur conflicts

বৰ্তমানলৈকে প্ৰায় 500 গৰাকী মণিপুৰী লোকে কাছাৰত বাহৰ পাতি থকা বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে ৷ অৱশ্যে বৰ্তমানলৈকে চৰকাৰীভাৱে কোনো আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হোৱা নাই যদিও কাছাৰৰ লক্ষীপুৰ মাৰকুলিনত অস্থায়ীভাৱে স্থাপন কৰা আশ্ৰয় শিবিৰত নিশা পাৰ কৰিছ বহু মণিপুৰী লোকে ৷

সীমান্তৱৰ্তী এলেকা লক্ষীপুৰত যাতে কোনো অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰৰ জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে নিতৌ এটা আৰক্ষীৰ দলৰ সৈতে উক্ত অঞ্চলত তহল দিয়াৰো ব্যৱস্থা কৰিছে ৷

লগতে পঢ়ক: মণিপুৰ গোষ্ঠী সংঘৰ্ষৰ এবছৰ সম্পূৰ্ণ; গৃহ মন্ত্ৰণালয়ক প্ৰতিবেদন দাখিল মেইটেই গ্ল'বেল ফ'ৰামৰ - One Year of Manipur Conflict

মুঠৰ ওপৰত মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ প্ৰভাৱ যাতে কাছাৰৰ লক্ষীপুৰত নপৰে, তাৰ বাবে যথেষ্ট তৎপৰ হৈ আছে জিলা প্ৰশাসনৰ লগতে আৰক্ষী । কাছাৰবাসীয়ে যাতে উৰাবাতৰিত গুৰুত্ব নিদিয়ে, তাৰ বাবে আহ্বান জনাইছে আৰক্ষী অধীক্ষক নোমল মাহাত্তাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.