ETV Bharat / state

বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈ যোৱা এপিডিচিএলৰ কৰ্মচাৰীক আক্ৰমণ, আহত তিনি - APDCL Employee Attacked - APDCL EMPLOYEE ATTACKED

APDCL employee attacked: চামগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীক কিয় আক্ৰমণ কৰিলে ৰাইজে ? বিল পৰিশোধ কৰাৰ পাছতো সংযোগ বিচ্ছিন্ন কৰাৰ অভিযোগ । কোন সঁচা,কোন মিচা ?

Power connection disconnect
ৰূপহীহাটত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 8:17 PM IST

চামগুৰি, ২৮ জুলাই : নগাঁও জিলাৰ ৰূপহীহাটৰ ঘেহুৱা চলচলিত বিদ্যুৎ সংযোগ কৰ্তনক কেন্দ্ৰ কৰি শনিবাৰে সন্ধিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বিদ্যুৎ মিটাৰৰ বাহিৰেৰে বিদ্যুৎ সংযোগ কৰাৰ অভিযোগত বিদ্যুৎ কৰ্তন কৰাৰ চেষ্টা চলোৱাৰ সময়তেই আক্ৰমণৰ বলি হয় অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এটা দল ।

ৰূপহীহাটত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

এ পি ডি চি এলৰ তিনি কৰ্মচাৰী আহত :

চামগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰ এটা দলে ঘেঁহুৱা চলচলিৰ এটা পৰিয়ালৰ বিদ্যুৎ কৰ্তন কৰাৰ সময়তেই দলটোক দলবদ্ধভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই আক্ৰমণত এপিডিচিএলৰ তিনিজনকৈ কৰ্মচাৰী আহত হয় । আক্ৰমণত আহত হয় চামগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ সহকাৰী পৰিচালক কৌশিক ভূঞা, বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বাহাৰুল ইছলাম আৰু দীপজ্যোতি বৰা । তদুপৰি এপিডিচিএলৰ দলটোৱে লৈ যোৱা AS 21 E1499 নম্বৰৰ বাহন এখনৰো ক্ষতিসাধন কৰে উত্তেজিত ৰাইজে ।

ঘেহুৱা চলচলিৰ ছহিদুল ইছলামৰ ঘৰত মিটাৰৰ বাহিৰেৰে গোপনে বিদ্যুৎ সংযোগ কৰি ব্যৱহাৰ কৰাৰ অভিযোগত বিভাগীয় বিষয়া-কৰ্মচাৰীৰ দলটোৱে অভিযান চলাবলৈ যাওঁতেই এই আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে বিভাগীয় লোকে।

বিল পৰিশোধ কৰাৰ পাছতো সংযোগ বিচ্ছিন্ন :

ইফালে, প্ৰতি মাহে নিয়মীয়াকৈ বিদ্যুৎ বিল পৰিশোধ কৰাৰ পাছতো কোনো জাননী নিদিয়াকৈ উৎকট গৰমৰ দিনটোত বিদ্যুত সংযোগ বিচ্ছিন্ন কৰিবলৈ যোৱা বুলি বিভাগীয় দলটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে । যাৰ বাবে ক্ষুব্ধ হৈ বিভাগীয় বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালটোৰ সদস্য়ৰ লগতে স্থানীয় লোক সৰৱ হৈ পৰে ।

লগতে পঢ়ক:পৰীক্ষাৰ সময়ত অসম শক্তি বিতৰণ কোম্পানীৰ আজৱ কাণ্ড

বিলাসীপাৰাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ - Power Supply Disrupt

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.