ETV Bharat / state

অচিৰেই কংগ্ৰেছৰ সভাপতি, উপ-সভাপতিও আহিব বিজেপিলৈ: মুখ্যমন্ত্ৰী - অসম গণ পৰিষদ

Railway flyover inauguration : ৰাণা গোস্বামীৰ পিচতেই অচিৰেই কংগ্ৰেছৰ সভাপতি, উপ-সভাপতি তথা সকলো বিষয়ববীয়াই বিজেপিত যোগদান কৰিব ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

Railway flyover inauguration
কৰিশ্মা মোদী ডাঙৰীয়াৰ, মোৰ লগত কংগ্ৰেছৰ ব্যক্তিগত সম্পৰ্ক -মুখ্যমন্ত্ৰী
author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 4:48 PM IST

Updated : Feb 29, 2024, 10:55 PM IST

কৰিশ্মা মোদী ডাঙৰীয়াৰ, মোৰ লগত কংগ্ৰেছৰ ব্যক্তিগত সম্পৰ্ক -মুখ্যমন্ত্ৰী

বৰপেটাৰোড, 29 ফেব্ৰুৱাৰী : "মই আপোনালোকক আগতেই কৈছো, কংগ্ৰেছৰ কোনো নেতাক ৰাইজে বিশ্বাস নকৰিব ৷ যিসকল কংগ্ৰেছী নেতাই সংবাদমাধ্যমৰ আগত বেছি কথা কয় তেওঁলোকৰে বিজেপিৰ সৈতে সম্পৰ্ক ভাল ৷ তেওঁলোকে আটাইতকৈ আগতেই বিজেপিত যোগদান কৰিব ৷ কংগ্ৰেছৰ কেইজনমান বিধায়কহে থাকিব ৷ তেওঁলোক সকলোৱে মোৰ লগতেই ডাঙৰ হৈছে ৷ কৰিশ্মা মোদী ডাঙৰীয়াৰ, মোৰ লগত ব্যক্তিগত সম্পৰ্ক ৷" বৃহস্পতিবাৰে বৰপেটাৰোডৰ ৰে‘লৱে উৰণ সেতু আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য প্ৰকাশ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বৰপেটাৰোডৰ ৰে’ল লাইনৰ উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰলৈ যাতায়তৰ বাবে দীৰ্ঘদিনৰে পৰা জলাকলা খাই অহা লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ’ল বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । সৰ্বমুঠ 43 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে বৰপেটাৰোডৰ ৰে’লৱে উৰণ সেতুখন ৷ আনহাতে সমগ্ৰ বৰপেটা জিলাৰ বাবে সৰ্বমুঠ 624 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ কেবাটাও প্ৰকল্পৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

ইয়াৰ পিচতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অচিৰেই কংগ্ৰেছৰ সভাপতি, উপ-সভাপতি তথা সকলো বিষয়ববীয়াই বিজেপিত যোগদান কৰিব ৷ কংগ্ৰেছ দলত মাত্ৰ ৰকিবুল হুছেইন , ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন শিকদাৰ, নুৰুল হুদাহে থাকিব ৷ বাকী আৰু কোনেও কংগ্ৰেছ দলত নাথাকে ৷

লগতে আগন্তুক লোকসভা নিৰ্বাচনত 2/3 টা সমষ্টি বাহিৰে বাকী সকলো আসনতে বিজেপি জয়ী হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বৰপেটা সমষ্টিৰ আসনখন অসম গণ পৰিষদক এৰি দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, বৰপেটাত অসম গণ পৰিষদৰ প্ৰাৰ্থী কোন হ’ব সেয়া অগপই ঠিক কৰিব ৷

লগতে পঢ়ক: ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰ বাৰ্ষিক ATGM ৰ প্ৰশিক্ষণ সমাপ্ত

Last Updated : Feb 29, 2024, 10:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.