ETV Bharat / state

উপ-নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে ভূপেন বৰাই - APCC president Bhupen Bora - APCC PRESIDENT BHUPEN BORA

By election in Assam: ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছ-বিৰোধী ঐক্য়মঞ্চৰ বাকযুদ্ধ আৰম্ভ । ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৰা মন্তব্য়ৰ প্ৰত্য়ুত্তৰত কি ক'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ?

By election in Assam
উপ-নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে ভূপেন বৰাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 2:55 PM IST

গুৱাহাটী ১৭ জুলাই: ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও ইতিমধ্য়ে ৰাজনৈতিৰ দলৰ মাজত আৰম্ভ হৈছে প্ৰস্তুতিপৰ্ব । যোৱা লোকসভা আৰু বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু বিৰোধী ঐক্য়মঞ্চই বিজেপিৰ বিৰুদ্ধে একলগ হৈ যুঁজ দিছিল যদিও এইবাৰ উপ-নিৰ্বাচনত এই মিত্ৰতা অব্য়াহত থাকিব নে নাথাকে সেই লৈ চৰ্চা অব্য়াহত থকাৰ মাজতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰিলে বিস্ফোৰক মন্তব্য় ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই সন্দৰ্ভত কয়,"বিৰোধী ঐক্যমঞ্চৰ লগত কেৱল লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা হৈছিল, উপ-নিৰ্বাচনক লৈ নহয় ।" বুধবাৰে মহানগৰীৰ হোটেল লিলিত অনুষ্ঠিত এখন বৈঠকৰ পূৰ্বে উপ-নিৰ্বাচন সন্দৰ্ভত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

উল্লেখ্য যে কেইদিনমান পূৰ্বে ভূপেন বৰাই অসমত অনুষ্ঠিত হ'বলগীয়া পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলে অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা উল্লেখ কৰিছিল । তাৰ পিচতেই মঙলবাৰে বিৰোধী ঐক্যমঞ্চৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰে । ইয়াৰ পিচতে আজি ভূপেন বৰাই অখিল গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," বিৰোধী ঐক্যৰ লগত কেৱল লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা হৈছিল । উপ-নিৰ্বাচনক লৈ কোনো কথা হোৱা নাছিল । উপ-নিৰ্বাচন হ'বনে নে নহয় সেয়া সেই সময়ত গম পোৱা হোৱা নাছিল । তৃণমূল কৰ্মীৰ বাবে চামগুৰিৰ লগতে আন কেইবাটাও সমষ্টিত আমি আগবাঢ়িছো । আমি তৃণমূল কংগ্ৰেছ কৰ্মীৰ পৰামৰ্শৰ কথাহে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিলো । ইয়াত হৈ-চৈ লগাবলগীয়া এনে একো হোৱা নাই ।"

তেওঁ পুনৰ কয়," তৃণমূল কংগ্ৰেছ কৰ্মীৰ পৰামৰ্শ নুশুনিম নেকি ? তৃণমূল কংগ্ৰেছ কৰ্মীয়ে মোক বিহালীত নিৰ্বাচন খেলাৰ আহ্বান জনাইছে । কিন্তু খেলা-নেখেলাটো মোৰ কথা ।" এই গোটেই বিষয়টো ৰাজনৈতিক পৰিক্ৰমা কমিটীয়ে বিবেচনা কৰিব বুলি তেওঁ মন্তব্য আগবঢ়ায় ।

লগতে পঢ়ক:ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰ'ছ ভোটিং কৰাসকল কেতিয়াবাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে : জীতেন্দ্ৰ সিং - APCC in charge Jitendra Singh

লক্ষ্য উপ আৰু পঞ্চায়ত নিৰ্বাচন : ৰাজীৱ ভৱনত এখনৰ পাচত আনখন বৈঠকৰে মন্থন - APCC MEETING IN GUWAHATI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.