গুৱাহাটী: ৰাসৰ সময়তে মহানগৰীৰ বৰাগাঁৱৰ নিজৰাপাৰত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনাই জোঁকাৰি গৈছে গুৱাহাটী মহানগৰী । এই ঘটনা শেহতীয়াকৈ পোহৰলৈ অহাৰ পিছতে গড়চুক আৰক্ষীয়ে শুকুৰবাৰৰ পুৱতি নিশাৰ পৰা চলোৱা অভিযানত আঠজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে শনিবাৰে পুৱাৰ ভাগত আৰক্ষীৰ জালত পৰে আন এক অভিযুক্ত । গড়চুক আৰক্ষীয়ে ধুবুৰীৰ গোলকগঞ্জত অভিযান চলাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত কৃষ্ণ বৰ্মনক । ইফালে সময় বাগৰাৰ লগে লগে পোহৰলৈ আহিছে সমগ্ৰ ধৰ্ষণকাণ্ডৰ ন ন তথ্য ।
শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা আঠ অভিযুক্তক শনিবাৰে পুনৰ স্বাস্থ্যপৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়ত সংবাদ মাধ্যমত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে অভিযুক্ত কেইজনে । তেওঁলোকে প্ৰকাশ কৰা মতে জালুকবাৰীৰ পৰা ১০০০ টকাৰ বিনিময়ত মহিলাগৰাকীক অনা হৈছিল দুৰ্গা মন্দিৰলৈ ।
দুজনে ১০০০ টকা দি মহিলাগৰাকীৰ লগত লিপ্ত হৈছিল অপকৰ্মত । তাৰ পিছতেই উপস্থিত হৈছিল আন যুৱকসকল । ধর্ষণ কৰি ভিডিঅ' কৰা বুলি স্বীকাৰ অভিযুক্তৰ । ভিডিঅ' কৰিছিল কৃষ্ণ বর্মন আৰু ৰবীন দাসে ।
ইতিমধ্যে শুকুৰবাৰে জালুকবাৰী, গড়চুক, নুনমাটি আদি অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই আঠটা অভিযুক্ত হৈছে বৰাগাঁও গাখীৰ চ'কৰ কুলদীপ নাথ, বৰাগাঁৱৰ নিজৰাপাৰৰ পিংকু দাস, বৰাগাঁৱৰ বকুল নগৰৰ সৌৰভ বড়ো, জালুকবাৰীৰ তেতেলীয়াৰ দীপাংকৰ মুখীয়া, বৰাগাঁও শিৱনগৰ পথৰ বিজয় ৰাভা, বৰাগাঁও নিজৰাপাৰৰ গগন দাস, পশ্চিম বৰাগাঁৱৰ মৃণাল ৰাভা আৰু বৰাগাঁও বকুল নগৰৰ ৰবীন দাস । শুকুৰবাৰে গ্ৰেপ্তাৰ হোৱা আঠজনেই গুৱাহাটীৰ ।
ইফালে শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে ধুবুৰীৰ গোলকগঞ্জৰ কৃষ্ণ বৰ্মনক । গ্ৰেপ্তাৰ কৰা কৃষ্ণ বৰ্মনক লৈ ইতিমধ্যে আৰক্ষীৰ দল গুৱাহাটী অভিমুখে ৰাওনা হৈছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে । আনহাতে ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকী বৰ্তমানলৈ চিনাক্ত হোৱা নাই । মহিলাগৰাকীয়ে কোনো অভিযোগ দিয়া নাই বুলি আৰক্ষীয়ে সদৰী কৰে ।
উল্লেখযোগ্য যে, ৰাস মহোৎসৱৰ মাজতে যোৱা ১৭ নৱেম্বৰৰ নিশা বৰাগাঁৱৰ নিজৰাপাৰৰ পাহাৰৰ ওপৰত থকা এটা দুর্গা মন্দিৰৰ সমীপতে এই ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল । দুজন যুৱকে প্রথমে নিশা মাতি আনিছিল মহিলাগৰাকীক । পিছত যুৱকজনে মহিলাগৰাকীক নিজৰাপাৰ নামৰ অঞ্চলটোলৈ লৈ যায় আৰু তাতেই যুৱকজনে আন সহযোগীসকলেৰে মিলি মহিলাগৰাকীক দলবদ্ধভাবে ধর্ষণ কৰে ।
ইয়াতে ক্ষান্ত নাথাকি ৯ অভিযুক্তই দলবদ্ধ ধৰ্ষণৰ ঘটনা হাঁহি হাঁহি ম'বাইল ফোনত ৰেকর্ডিং কৰে অভিযুক্তৰ ভিতৰৰ এজনে । পিছত দলবদ্ধ ধৰ্ষণৰ এই ভিডিঅ' ম'বাইলে ম'বাইলে ভাইৰেল কৰি দিয়ে । ১৭ নৱেম্বৰতে সংঘটিত এই দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ তথ্য গড়চুক আৰক্ষীয়ে লাভ কৰে । লগে লগে গড়চুক থানাৰ আৰক্ষীৰ দলে ভিন্ন স্থানত অভিযান চলাই দলবদ্ধ ধর্ষণকাণ্ডত জড়িত আঠজন যুৱকক গ্ৰেপ্তাৰ কৰে ।