ETV Bharat / state

প্ৰাপ্য নোপোৱাৰ ক্ষোভত বাগিচাৰ পৰিচালকক দৌৰালে ৰাষ্ট্ৰীয় ঘাইপথত - Tea workers protest

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 7:41 PM IST

Rongajan TE: এখন চাহ বাগিচাৰ পৰিচালক আৰু শ শ চাহ শ্ৰমিকৰ ৰাজপথত খেদা-খেদি । ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত শ্ৰমিক প্ৰতিবাদকাৰীসকল উদ্যত হ'ল পৰিচালকক প্ৰহাৰ কৰিবলৈ । উগ্ৰ প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষী । প্ৰাপ্য নোপোৱাৰ ক্ষোভত বাগিচাৰ পৰিচালকলৈ চোঁচা ল'লে চাহ শ্ৰমিকে ।

Anger over pending dues, tea workers chase away garden manager in Golaghat
বাগিচাৰ পৰিচালকক দৌৰালে ৰাষ্ট্ৰীয় ঘাইপথত (ETV Bharat Assam)

গোলাঘাট,২৮ আগষ্ট: গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি । প্ৰাণৰ মমতাত একাংশ ক্ষোভিত শ্ৰমিকৰ হাতৰ পৰা বাচিবলৈ দৌৰিছে গোলাঘাট ৰঙাজান চাহ বাগিচাৰ পৰিচালক । বছৰ বছৰ ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত হৈ অহা যোৰহাটৰ ৰিণিকি খৈতান মালিকানাধীন ৰঙাজান চাহ বাগিচাখনৰ শ্ৰমিকসকলৰ যেন ধৈৰ্যৰ বান্ধ ছিগিল বুধবাৰে ! অৱশেষত শ্ৰমিকসকলে বাগিচাখনৰ পৰিচালকক জবাবদিহি কৰাৰ লগতে হাজাৰ হাজাৰ শ্ৰমিকে পৰিচালকগৰাকীক প্ৰহাৰ কৰিবৈল চোঁচা লয় ।

সৌভাগ্যক্ৰমে ঘটনাস্থলীত গোলাঘাট আৰক্ষীৰ দল উপস্থিত হৈ বাগিচাখনৰ পৰিচালকৰ লগতে আন দুগৰাকী বাগিচাৰ কৰ্তৃপক্ষক গোলাঘাট আৰক্ষী থানলৈ লৈ যায় । যিসময়ত ৰাজ্যৰ বাগিচাসমূহৰ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে তেনে সময়তে গোলাঘাটৰ ৰঙাজান চাহ বাগিচাৰ শ্ৰমিকসকলে প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হোৱাৰ লগতে ৰেচন-বোনাছ আদিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

ক্ষোভিত শ্ৰমিকসকলে কয়,"২৪ দিনে আমাৰ দৰমহা আদায় দিয়া নাই মালিকপক্ষই । এই বিষয়ে পৰিচালকজনক বহুবাৰ আবেদন কৰিছিলো যদিও, তেখেতে গুণ্ডাৰাজ চলাই বাগিচা চলাই আছে । বাগিচাখনৰ দৰিদ্ৰ শ্ৰমিক সকলে গোটেই সপ্তাহ কঠোৰ পৰিশ্ৰম কৰি শনিবাৰৰ দিনটোলৈ প্ৰাপ্য মজুৰি আশাত থাকে । কিন্তু ২০১৭ চনৰ পৰা পৰাই মালিক পক্ষই বাগিচাৰ শ্ৰমিকৰ লগত শোষণ নীতি চলাই আহিছে । অকল মজুৰি নহয় শ্ৰমিকৰ পি এফ, বোনাছ, আদি সকলো দিশৰ পৰা বঞ্চিত কৰি আহিছে । গতিকে এনে স্বত্বাধিকাৰী আমাক নালাগে ।" আনকি বাগিচাখন পৰিদৰ্শন কৰিবলৈ অহা দলক ভুল পথে পৰিচালনা কৰাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে শ্ৰমিকসকলে ।

আনহাতে চাহ বাগিচাত উপস্থিত হৈ অসম চাহ মজদুৰ সংঘ গোলাঘাট জিলা সমিতিৰ সম্পাদক ঘনশ্যাম বাঢ়ৈয়ে কয়,"মালিকপক্ষই নিজৰ দোষতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে । তেওঁ বাগিচাখনৰ শ্ৰমিকসকলক মজুৰিৰ লগতে অন্যান্য সা-সুবিধাৰ পৰা বঞ্চিত কৰি অহাৰ লগতে চাহ বাগিচাখন ধ্বংসৰ মুখলৈ ঠেলি দিছে যাৰ বাবে শ্ৰমিকসকলে এক অনিশ্চিতাত ভুগিছে যে আমাৰ পৰৱৰ্তী প্ৰজন্মৰ ভবিষ্যত কি হ'ব । যাৰ বাবে ক্ষুব্ধ শ্ৰমিকসকলে এই মালিক পক্ষৰ ওপৰত আস্থা হেৰুৱাইছে ।"

ইয়াৰ পিছতে ঘটনাস্থলীত গোলাঘাট সদৰ আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ হস্তক্ষেপত বাগিচাখনৰ শ্ৰমিকসকল ক্ষান্ত হয় যদিও বাগিচাখনৰ কাৰ্যালয়ৰ সন্মুখত শ শ পুৰুষ মহিলাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক: চাহ জনগোষ্ঠীক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা নাই: দূৰ্গা ভূমিজ - Assam Pradesh Congress Committee

অসমৰ চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ৭০০ কোটি টকা - Assam tea gardens

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.