ETV Bharat / state

ধনশিৰিৰ আৰ্জিনা হ'লগৈ ইটালীৰ নাগৰিক - Italian couple adopt a child

Italian couple adopt a child: ইটালীৰ নাগৰিক হ'ব কাৰ্বি আংলং জিলাৰ ধনশিৰিৰ শিশুগৃহৰ এটি শিশু । শিশুটিক নিজৰ কৰি ল’বলৈ ৬ বছৰীয়া অপেক্ষাৰ অন্তত ইটালীৰ পৰা ধনশিৰিলৈ আহিল এটা দম্পতী ৷

An Italian couple comes all the way to Assam's Karbi Anglong to adopt a child
ধনশিৰিৰ আৰ্জিনা হ'লগৈ ইটালীৰ নাগৰিক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 5:02 PM IST

ধনশিৰিৰ আৰ্জিনা হ'লগৈ ইটালীৰ নাগৰিক (ETV Bharat Assam)

ডিফু, 10 মে': সুদুৰ ইটালীৰ পৰা এটি ১২ বছৰীয়া শিশুক নিজৰ সন্তান হিচাপে লৈ যাবলৈ আহিল হৃদয়বান পিতৃ-মাতৃ জাৰ্জিঅ' কাভকাৰ আৰু এলিছা ডেভট ৷ কাৰ্বি আংলং জিলাৰ ধনশিৰিৰ শিশুগৃহৰ পৰা আৰ্জিনা নামৰ শিশুটিক নিজৰ কৰি ল’বলৈ ৬ টা বছৰ অপেক্ষা কৰিবলগা হ’ল জাৰ্জিঅ' আৰু এলিছে ৷

মঙলবাৰে ডিমাপুৰত আহি উপস্থিত হোৱা দম্পতীটোৱে বুধবাৰে পুৱাতে আহি কাৰ্বি আংলং জিলাৰ ধনশিৰিত থকা মিছন কনছান নামৰ শিশুগৃহত উপস্থিত হয় ৷

জিলা প্ৰশাসনৰ তৰফৰ পৰা এ ছি এছ বিষয়া আৰাধনা দাস আৰু এ পি এছ বিষয়া অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা, জিলা চাইল্ড প্ৰটেকচন বিষয়া বাছাপী টেৰণপী, নটাৰী ফুনু বৰ্মনসহ শুভাকাংক্ষীসকলৰ উপস্থিতিত অশ্ৰুসিক্ত নয়নেৰে আৰ্জিনাক বিদায় দিয়া হয় ৷ শিশুগৃহটোৰ সকলোৰে মাতৃ হিচাপে থকা অম্বিকা প্ৰধানে নিজৰ ভাষণত কয় যে, ৬ বছৰ বয়সতে আৰ্জিনাক শিশুগৃহলৈ অনা হৈছিল ৷

পিছত মেঘালয়ৰ খাচী পৰিয়াল এটাই শিশুটিক নিজৰ সন্তান হিচাপে স্বীকৃতি দি লৈ গৈছিল যদিও তেওঁলোকৰ সৈতে আৰ্জিনা সুখী নোহোৱাত ঘূৰি আহে শিশুগৃহলৈ ৷

উল্লেখ্য যে, এইটো শিশুগৃহৰ পৰা ২০১৯ চনত ফ্ৰান্সলৈ যোৱা পূৰবী, ২০২১ ত মাল্টালৈ যোৱা ফ্ল’ৰিণ, ২০২২ ত স্পেইনলৈ যোৱা খুশী আৰু ডেনমাৰ্কলৈ যোৱা জেমছৰ জীৱনশৈলী ভিডিঅ' কলযোগে দেখি আৰ্জিনাই নিজেই যোৱাৰ মন মেলে আৰু আজি তাই পিতৃ-মাতৃক পাই সুখী অনুভৱ কৰে ৷

আৰ্জিনাৰ পিতৃ-মাতৃয়ে ইটালিয়ান ভাষাতে দিয়া ভাষণ দোভাষীয়ে অনুবাদ কৰি স্থানীয় লোকক বুজাই দিয়ে ৷ তেওঁলোকে কয় যে, আজি তেওঁলোক যথেষ্ট সুখী ৷ আৰ্জিনাক নিজ সন্তান হিচাপে লাভ কৰি নিজকে সৌভাগ্যৱান বুলি কয় দম্পতীটোৱে ৷

পিতৃ জাৰ্জিঅ'ই আবেগিক হৈ কয় যে, এই দিনটোৰ বাবে তেওঁলোকে ৬ বছৰে অপেক্ষা কৰি আছিল ৷ তেওঁলোকে আৰ্জিনাৰ বাবে এটা নতুন কোঠা সকলো সা-সুবিধা উপলব্ধ হোৱাকৈ নিৰ্মাণ কৰিছে ৷ তেওঁলোকে আৰ্জিনাৰ যিটো বিষয়তে ৰাপ আছে, সেই বিষয়তে জীৱনটো গঢ়িবলৈ সুবিধা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, আৰ্জিনাই গীত গাই আৰু খেলা-ধূলা কৰি ভালপায় ৷ শিশুগৃহৰ কেঁচুৱা কেইটাৰ লগতে আৰ্জিনাই কটাই অধিকতম সময় ৷ বৃহস্পতিবাৰে কলকাতালৈ গৈ ভিছাৰ কাম সম্পূৰ্ণ কৰি দিল্লীৰ পৰা আৰ্জিনা উৰা মাৰিব ইটালীলৈ ৷ এক আৱেগিক পৰিৱেশত আৰ্জিনা নামৰ শিশুটিয়ে এৰিলে মিছন কনচাৰ্ণ শিশুগৃহ ৷

লগতে পঢ়ক: Child Adoption: ডেনমাৰ্কৰ মহিলাই সন্তানৰূপে গ্ৰহণ কৰিলে অসমৰ দেৱশিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.