ETV Bharat / state

গুৰুজনাৰ জন্মোৎসৱত একতাৰ বাণী

Sankardev Janmotsav: মহাপুৰুষ শংকৰদেৱৰ জন্মোৎসৱত হিন্দু-মুছলমানৰ মহামিলন । ভক্তিৰসৰ সমানে ভাঁহি আহিল আজানপীৰৰ জিকিৰ ।

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 4:58 PM IST

An example of Hindu-Muslim communal harmony at Sankardev Janmotsav
গুৰুজনাৰ জন্মোৎসৱত একতাৰ বাণী (ETV Bharat Assam)

যোৰহাট,১২ অক্টোবৰ: আজি সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্ম জয়ন্তী । সত্ৰ-নামঘৰ মুখৰিত হৈ পৰিছে হৰিনামৰ ধ্বনিৰে । গুৰুজনাৰ জন্ম জয়ন্তীৰ দিনা যোৰহাটত দেখা গ'ল হিন্দু আৰু মুছলমানৰ সম্প্ৰীতিৰ এক অনন্য নিৰ্দশন । কুহুমযোগনীয়া বৰনামঘৰ আৰু উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজৰ সহযোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৰৱ ৫৭৬ সংখ্যক জন্ম জয়ন্তী পালন কৰা হয় ।

জন্ম জয়ন্তী উপলক্ষে বৃহত্তৰ অঞ্চলটোৰ চৌপাশে ভাগৱত ভ্ৰমণ আৰু ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় । য'ত দেখা গ'ল হিন্দু আৰু মুছলমান একতাৰ এনজৰীডাল সুদৃঢ় হোৱা এক বাৰ্তা । ভাগৱত শোভাযাত্ৰাত মুছলমান সমাজে অংশগ্ৰহণ কৰি আজানপীৰৰ জিকিৰ পৰিৱেশন কৰে । যাৰ পৰিপ্ৰেক্ষিতত মহাপুৰুষ গুৰুজনাৰ জন্ম জয়ন্তীত মহাপুৰুষ গুৰুজনাই দি যোৱা সমন্বয়ৰ বাৰ্তা পৰিস্ফুট হৈ পৰে । আনহাতে নিজৰ গাঁৱৰ জন্ম জয়ন্তীত অংশগ্ৰহণ কৰি আনন্দিত হৈ পৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জীতেন হাজৰিকা ।

হাজৰিকাই কয়,"মই ডিব্ৰুগড় বিশ্ববিদ্যালয় উপাচাৰ্য হিচাপে নহয়, মই গাঁৱৰ বাসিন্দা হিচাপেহে গুৰুজনাৰ জন্ম জয়ন্তীত উপস্থিত আছো । গুৰুজনাৰ বৰগীতত হাৰমনিয়াম সংগত কৰাক লৈ বিতৰ্ক কৰাটো ঠেক মনোবৃত্তিৰ মানুহৰ কথা । শংকৰদেৱ ১২০বছৰ জীয়াই আছিল, যদি তেওঁ আৰু ২০ বছৰ জীয়াই থাকিলহেতেন তেন্তে শংকৰদেৱৰ দ্বাৰাই হাৰমনিয়াম সৃষ্টি হ'লহেতেন । গুৰুজনাৰ সৃষ্টিৰাজি আছিল গতিশীল আৰু গুৰুজনাৰ এই সৃষ্টিৰাজিক অসমীয়া জাতিয়ে ধৰি ৰাখিব লাগিব । ধৰ্মীয় সংকীৰ্ণ মনোভাৱ ত্যাগ কৰি গুৰুজনাৰ সৃষ্টিৰাজি আৰু আদৰ্শ কিদৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰি সেই বিষয়বস্তুৰ ওপৰত আমি কাম কৰিব লাগিব আৰু সমাজৰ পৰা ভেদাভেদ, হিংসা দূৰ কৰি গুৰুজনাই দেখুওৱা আদৰ্শৰে আমি সমাজ প্ৰতিষ্ঠা কৰিব লাগিব । "

লগতে পঢ়ক: ৰাজ্যজুৰি শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি পালন

বৰপেটা সত্ৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৬ সংখ্যক জন্মোৎসৱ পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.