ETV Bharat / state

নিয়তিয়ে লৈছে ভাগ্য পৰীক্ষা: অকলশৰীয়া বৃদ্ধ দম্পতিৰ কৰুণ গাঁথা... - Helpless Elderly couple

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 7:42 PM IST

Titabor elderly helpless couple: এহাল বৃদ্ধ পতি-পত্নীৰ কৰুণ কাহিনী । দুয়োৰে বিছনাখনেই একমাত্ৰ সম্বল । চিকিৎসা কৰাতো দূৰৰ কথা এসাঁজ খাবলৈয়ো দহবাৰ ভাবিব লগা হয় পৰিয়ালটোৱে ৷ ওচৰ-চুবুৰীয়াৰ সহায়ৰ অবিহনে একোৱেই কৰিব নোৱাৰে পৰিয়ালটোৱে ৷ উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰীৰ পৰা তেওঁলোকে বিচাৰিছে সহায় ৷

helpless Elderly couple from Titabor
এক কৰুণ বৰ্তমানৰ সাক্ষী এহাল বৃদ্ধ (ETV Bharat)

তিতাবৰ, 25 আগষ্ট : এক কৰুণ পৰিস্থিতিৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে এহাল বৃদ্ধ পতি-পত্নীয়ে ৷ আজিৰ পৰা প্ৰায় পাঁচ-ছয় বছৰৰ পূৰ্বে এক দুৰাৰোগ্য ৰোগত ভুগি শয্যাশায়ী হয় বৃদ্ধগৰাকী ৷ তেতিয়াৰ পৰাই বিছনাখনেই হৈছে তেওঁৰ শেষ ভৰষা ৷ খোৱা-ৱোৰাৰ পৰা আদি কৰি পুৱাৰ পৰা নিশালৈকে সকলো কাম তেওঁ সেই বিছনাতেই কৰিব লাগে ৷

এনেকৈয়ে সময় বাগৰি থাকিল ৷ ৰুগীয়া বৃদ্ধগৰাকীক পৰিচৰ্যা কৰি কৰি অৱশেষত বিভিন্ন ৰোগে আগুৰি ধৰিলে তেওঁৰ পত্নীকো ৷ ভালদৰে উঠা-বহা, চলা-ফুৰা কৰিব নোৱাৰা হ’ল ৰুগীয়া বৃদ্ধগৰাকীৰ পত্নীয়ে ৷ আৰ্থিক অনাতনে জুৰুলা কৰা এই পৰিয়ালটোলৈ নামি আহিল কাল অমানিশা ৷

কি কৰিব, ক’লৈ যাব ? নিৰূপায় তেওঁলোক ৷ উপায়ন্তৰ হৈ এতিয়া ৰুগীয়া বৃদ্ধাগৰাকীয়ে বিচাৰিছে অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা সহায়ৰ হাত ৷

লগতে পঢ়ক : Life struggle of a adolescent: দৃষ্টিহীন অৰণ্যত ঐনিতমৰ মধুৰ তান

  • অসহায় বৃদ্ধ দম্পতি :

আমি উল্লেখ কৰা এই বৃদ্ধ দম্পতিটোৰ ঘৰ হৈছে মেৰাপানীৰ 2 নং ওপৰ তৰানি গাঁৱত ৷ আৰ্থিক অনাতনৰ বাবে তেওঁলোকে বৰ্তমান ঘৰতে থাকি ভগৱানৰ ওপৰত এৰি দিছে জীৱন বাকী দিনকেইটা । উল্লেখিত বৃদ্ধগৰাকীৰ নাম পৱন চুতীয়া আৰু বৃদ্ধাগৰাকীৰ নাম মিনু চুতীয়া ৷

চাৰি জীয়ৰী সন্তানৰ পিতৃ-মাতৃ এই দম্পতিটোৱে খেতি কৰি দুবেলা দুসাঁজ খাইছিল ৷ কিন্তু হঠাৎ এক অচিন ৰোগত আক্ৰন্ত হৈ পৰৱৰ্তী সময়ত পক্ষাঘাতত শয্যাসায়ী হয় পৱন চুতীয়া ৷ ঘৰৰ একমাত্ৰ উপাৰ্জনকৰীৰ এনে অৱস্থা হোৱাত দিশহাৰা হৈ পৰে পৰিয়ালটো ৷

স্বামীক পুনৰ সুস্থ কৰি তোলাৰ বাবে পত্নী মিনু চুতীয়াই খেতিৰ মাটি কেইডৰাকে বন্ধকত ৰাখে ৷ তাৰ পাচত যোৰহাট-গোলাঘাটৰ চিকিৎসালয়ত চিকিৎসা কৰে ৷ তথাপিও সুস্থ হৈ নুঠিল মিনু চুতীয়াৰ স্বামী পৱন চুতীয়া ৷

  • ৰোগাক্ৰান্ত মিনু চুতীয়া :

এনেকৈয়ে পাৰ হৈ থাকিল সময় ৷ স্বামীৰ শুশ্ৰূষা কৰি অৱশেষত মিনু চুতীয়াও ৰোগাক্ৰান্ত হৈ পৰিল । এতিয়া পৱন চুতীয়াৰ স্বাস্থ্য যতনৰ নামত মিনু চুতীয়াই দিব পাৰে কেৱল সজল নয়নে ভৰা ভগ্ন হৃদয়ৰ এষাৰি মাত । ওচৰ-চুবুৰীয়াৰ সহায়তহে বৃদ্ধ দম্পতিটোৱে কৰিব পাৰে নিত্য-নৈতিমিত কাম-কাজ ৷

ৰুগীয়া পিতৃ-মাতৃৰ এই অৱস্থা দেখি বিগত কিছুদিন ধৰি তেওঁলোকক সংগ দিছে কনিষ্ঠ জীয়ৰীয়ে ৷ এতিয়া তেওঁলোকৰ চিকিৎসা কৰাটো দূৰৰ কথা এবেলা এসাঁজ খাবলৈও দহবাৰ ভাবিব লগা পৰিস্থিতি আহি পৰিছে ৷ উপায়ন্তৰ হৈ এই পৰিয়ালটিয়ে মুখ্যমন্ত্ৰীৰ পৰা আৰ্থিক সাহাৰ্যৰ লগতে চিকিৎসা সেৱাৰ ব্যৱস্থা কৰি দিবলৈ বিছাৰিছে সহায়ৰ হাত ।

লগতে পঢ়ক : পিতৃ-মাতৃহীন তিনি সন্তানৰ কৰুণ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.