ETV Bharat / state

গৰু বিহুৰ দিনাও নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 6:31 PM IST

Lok Sabha Election 2024: ৰঙালী বিহুক লৈ ৰাজ্যত ব্যাপক উছাহ । এই উছাহৰ মাজতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । আজি কাকপথাৰত মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাই বিৰোধীক তীব্ৰ সমালোচনা কৰে ।

Lok Sabha Election 2024
গৰু বিহুৰ দিনাও নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অসমৰ মুখ্যমন্ত্ৰী

তিনিচুকীয়া, ১৩ এপ্ৰিল : সমাগত লোকসভা নিৰ্বাচন । ৰাজ্যৰ প্ৰতিটো লোকসভা সমষ্টিত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । শাসকীয় দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰিছে । গৰু বিহুৰ দিনাও তেওঁ প্ৰচাৰ অব্যাহত ৰাখিলে ।

গৰু বিহুৰ দিনা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায় । লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কাকপথাৰত আজি নিৰ্বাচনী প্ৰচাৰ চলায় । সভাত অংশগ্ৰহণ কৰি প্ৰদান বৰুৱাক ভোট দি জয়ী কৰোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে । ইফালে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক নিৰ্বাচন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । মুখ্যমন্ত্ৰীয়ে দাবী কৰা মতে প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত কোনো প্ৰতিদ্বন্দ্বিতাই নহয় । তেওঁৰ মতে কেৱল কৰিমগঞ্জ, নগাঁও আৰু ধুবুৰীতহে প্ৰতিদ্বন্দ্বিতা হ'ব ।

যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক আক্ৰমণ কৰি তেওঁ কয় যে গৌৰৱ গগৈৰ যোৰহাটৰ সৈতে কোনো সম্পৰ্ক নাই । নিৰ্বাচনৰ পিচতো তেওঁৰ যোৰহাটৰ সৈতে কোনো সম্পৰ্ক নাথাকে । যোৱা ১০ বছৰত গৌৰৱ গগৈয়ে সংসদত এবাৰো যোৰহাটৰ হৈ মাত মতা নাই । কাজিৰঙাত গঁড় হত্যা হ'লেও তেওঁ ৰকিবুল হুছেইনকে সমৰ্থন কৰে । যোৰহাটৰ নিৰ্বাচনত এতিয়াও কলিয়াবৰ-নগাঁৱৰ মানুহে ঘূৰিপকি আছে বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে ।

কাকপথাৰৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত কেইবাহাজাৰ লোক উপস্থিত থাকে । মুখ্যমন্ত্ৰীৰ লগতে প্ৰাৰ্থী প্ৰদান বৰুৱা, বিধায়ক বলীন চেতিয়া, ৰূপেশ গোৱালাসহ বহু নেতাই এই সভাত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :চাহ বাগিচাৰ পৰা লাভ কৰা সঁহাৰিয়ে লাভান্বিত কৰিব মিত্ৰজোঁটক: কেশৱ মহন্ত - Lok Sabha Elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.