ETV Bharat / state

তেজপুৰত বানৰ মাজতে বন্যহস্তীৰ ত্ৰাস : ছটা বনৰীয়া হাতীৰ অৱস্থান - Wild elephant terror

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 8:39 PM IST

Wild elephant in Tezpur : বানৰ মাজতে তেজপুৰত বনৰীয়া হাতীৰ আগমন ৷ আশ্ৰয় বিচাৰি গাঁৱত প্ৰৱেশ কৰিছে ছটা বনৰীয়া হাতীয়ে ৷

Wild elephant in Tezpur
তেজপুৰত বানৰ মাজতে বন্যহস্তীৰ ত্ৰাস (ETV Bharat Assam)

তেজপুৰ, ২ জুলাই : ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তেজপুৰ চহৰৰ সমীপৱৰ্তী কলিবাৰী অঞ্চলত প্ৰলয়ৰ সৃষ্টি কৰিছে ৷ সমান্তৰালভাৱে বনৰীয়া হাতীৰ বিচৰণৰ মাজেৰে দিন-ৰাতি কটাইছে ৰাইজে ৷ কেবাটাও বাসগৃহ জলমগ্ন হৈ পৰাত স্থানীয় লোকে ঘৰৰ সামগ্ৰী লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । বানৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ কাষতে আশ্ৰয় লৈ থকা ছটা বনৰীয়া হাতী সোমাইছে গাঁৱৰ মাজলৈ ।

বানৰ সমান্তৰালকৈ বনৰীয়া হাতীৰ ত্ৰাসে সমগ্ৰ অঞ্চলত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ বন বিভাগৰ ডালবাৰো আৰক্ষীয়ে পৃথকে পৃথকে হাতীকেইটা জনাঞ্চলৰ পৰা উলিয়াই নিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ খাদ্যৰ সন্ধানত হাহাকাৰ কৰি থকা বনৰীয়া হাতীকেইটা পোৱালীসহ গাঁৱৰ ভিতৰত প্ৰৱেশ কৰাত ৰাইজ চিন্তিত হৈ পৰিছে ।

বনৰীয়া হাতীকেইটাই পোৱালিসহ ব্ৰহ্মপুত্ৰৰ পাৰত উত্তৰ অসমৰ উপ-পৰিদৰ্শন সঞ্চালকৰ কাৰ্যালয়ৰ সমীপত অৱস্থান কৰি আছে ৷ তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা নিজে উপস্থিত হৈ জিলা প্ৰশাসনৰ লগত বানৰ ভুক্তভোগী লোকৰ বাবে আশ্ৰয় শিৱিৰ আৰু বনৰীয়া হাতীকেইটা আঁতৰাই নিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: পত্নীৰ সন্মুখতেই নাও ডুবি নাৱৰীয়াৰ মৃত্যু

বিধায়ক ৰাভাই কয়, ‘‘বানৰ ফলত তেজপুৰৰ তল কলিবাৰী অঞ্চলত বহুতো লোক আশ্ৰয়হীন হৈ পৰিছে ৷ তদুপৰি কলিবাৰী অঞ্চলৰ এজন লোকে নদীৰ কাষত উটি অহা খৰি ধৰিবলৈ গৈ নিজে নদীত উটি যায় । লোকজনৰ নাম মুকুন্দ দাস ৷ বৰ্তমান দুৰ্যোগ প্ৰশমন বিভাগৰ লোকে নদীৰ পাৰত লোকজনক বিচাৰি অভিযান চলাইছে যদিও তেওঁৰ জীৱিত অথবা মৃত অৱস্থাত লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।’’

বিধায়কগৰাকীয়ে কয়, ‘‘ছটা বনৰীয়া হাতী আৰু দুটা হাতীৰ পোৱালিয়ে যোৱা নিশা কলিবাৰী অঞ্চলত প্ৰৱেশ কৰে । বন বিভাগে নিশা আঁতৰাই পঠাই যদিও আজি পুনৰ আহি জনাঞ্চলত প্ৰৱেশ কৰে ৷ বৰ্তমানেও হাতীকেইটাই কলিবাৰীতে অৱস্থান কৰি আছে ।’’

আনহাতে বানৰ কবলত পৰা লোকসকলৰ বাবে কলিবাৰীৰ লুথাৰাম হাই স্কুলত জিলা প্ৰশাসনে এক আশ্ৰয় শিৱিৰৰ ব্যৱস্থা কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী-মন্ত্ৰী-বিধায়কে পৰিদৰ্শন কৰিছে বানপীড়িত এলেকা : প্ৰশাসন হৈ পৰিছে সষ্টম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.