ETV Bharat / state

কামাখ্যাত অম্বুবাচী মেলা : নীলাচল পাহাৰত বিভিন্ন ৰাজ্যৰ সাধু-সন্ন্যাসী - Ambubachi Mela 2024

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 7:32 PM IST

Sanyasis in Nilachal hills: আৰম্ভ হ’ল অম্বুবাচী মেলা ৷ দেশৰ ভিন্ন ৰাজ্যৰ লগতে বিদেশৰ পৰাও নীলাচল পাহাৰলৈ আহিছে সাধু-সন্যাসী ৷

Sanyasis in Nilachal hills
নীলাচল পাহাৰত বিভিন্ন ৰাজ্যৰ সাধু-সন্ন্যাসী (ETV Bharat Assam)

গুৱাহাটী, ২২ জুন : শক্তিপীঠ কামাখ্যা মন্দিৰত আৰম্ভ হৈছে মহা অম্বুবাচী মেলা । ২৬ জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ'ব অম্বুবাচী মেলা । শনিবাৰে পুৱা অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ মুখ্য দুৱাৰ বন্ধ হৈ পৰে । ২৬ জুনৰ পুৱা দেৱীৰ নিত্য পূজাৰ পিচত ভক্তৰ বাবে পুনৰ খুলি দিয়া হ’ব মন্দিৰৰ মূল দুৱাৰ । অম্বুবাচী মেলাৰ বাবে কামাখ্যা ধামত সমাগত হৈছে বিভিন্ন ৰাজ্যৰ সাধু-সন্ন্যাসীসকল । সাধনাত ব্ৰতী হৈছে এইসকল সাধু-সন্ন্যাসী ।

মধ্যপ্ৰদেশৰ দিগম্বৰ বম বম পুৰী মহাৰাজ:

মধ্যপ্ৰদেশৰ মহাবিদ্যা ধামৰ পৰা আহিছে দিগম্বৰ বম বম পুৰী মহাৰাজ । তেওঁ কয় যে ১৫-১৭ বছৰ ধৰি তেওঁ কামাখ্যা ধামৰ অম্বুবাচী মেলালৈ আহি আছে ।‌ বম বম পুৰী মহাৰাজে জানিবলৈ দিয়ে যে এসময়ত ইয়াত একো নাছিল । এতিয়া বহুত ব্যৱস্থা হৈছে । এসময়ত ইয়াতে এজন‌ পাঞ্জাৱী লোকে খাদ্য ৰান্ধি সাধুসকলক খুৱাইছিল ।

লগতে পঢ়ক: অম্বুবাচী মেলা উপভোগ কৰিবলৈ কোন পথেৰে যাব আপুনি ?

নেপালৰ কাশীগিৰী:

নেপালৰ পৰা অহা কাশীগিৰীয়ে কয় যে তেওঁ ১১ বছৰ ধৰি কামাখ্যা ধামৰ অম্বুবাচী মেলালৈ আহি আছে । এতিয়া ইয়াত বহুত পৰিৱৰ্তন হৈছে । এতিয়া‌ বহুত সু-ব্যৱস্থা হৈছে । তেওঁ কয় যে কামাখ্যালৈ আহি তেওঁ প্ৰতিবছৰে এনেদৰে সাধনাত ব্ৰতী হয় ।

উত্তৰাখণ্ডৰ মহন্ত প্ৰেমানন্দ গিৰী:

উত্তৰাখণ্ডৰ মহন্ত প্ৰেমানন্দ গিৰীয়ে কয় যে ২০-২২ বছৰৰ পৰা কামাখ্যা ধামৰ অম্বুবাচী মেলালৈ তেওঁ আহি আছে । মাত্ৰ লকডাউনৰ সময়ত আহিব পৰা নাছিল । তেওঁ কয়- ‘‘কামাখ্যা মাৰ আহ্বানত সদায় কামাখ্যা ধামৰ অম্বুবাচী মেলালৈ আহি আছো ।’’

পশ্চিমবংগৰ গুৰুজী শ্ৰী বিনয়ী মহাৰাজ:

তেওঁ কয় যে ৩০ বছৰৰ পৰা কামাখ্যা ধামৰ অম্বুবাচী মেলালৈ আহি আছে । আগৰ মহত্ব এতিয়া নাই । এতিয়া ইয়াত সাধনা কৰিব নোৱাৰি । মন্দিৰৰ পৰিক্ৰমা কৰিব দিয়া নহয় ।‌ গতিকে অম্বুবাচী মেলাৰ মহত্ব নোহোৱা হৈছে । সাধুসকলে এই কথাত কষ্ট পোৱা বুলি কয় বিনয়ী মহাৰাজে ৷

লগতে পঢ়ক: অম্বুবাচী মেলালৈ কোন সময়ত কিদৰে যাব পাৰিব ?

ঝাৰখণ্ডৰ গিৰী দাস মহাৰাজ:

ঝাৰখণ্ডৰ গিৰী দাস মহাৰাজ কয় যে ১৩ বছৰৰ পৰা কামাখ্যা ধামৰ অম্বুবাচী মেলালৈ আহি আছে তেওঁ । গুৰুৰ পৰা বিদ্যালৈ তেওঁ কামাখ্যা ধামত সাধনা কৰিছে । সাধনা প্ৰাপ্তিও কৰিছে ।

মধ্য প্ৰদেশৰ জুনাগাৰৰ মমতা ভাৰতী:

মধ্য প্ৰদেশৰ জুনাগাৰৰ মমতা ভাৰতীয়ে কয় যে যে ১০-১২ বছৰৰ পৰা কামাখ্যা ধামৰ অম্বুবাচী মেলালৈ আহি আছে তেওঁ ৷

গুজৰাটৰ ৰামনাথ :

গুজৰাটৰ ৰামনাথে কয় যে তেওঁ এইবাৰ প্ৰথমবাৰৰ বাবে কামাখ্যা ধামৰ অম্বুবাচী মেলালৈ আহি আছে তেওঁ । প্ৰথমতে আহোতে অলপ কষ্ট হৈছিল । এতিয়া সকলো ঠিকে আছে বুলি তেওঁ কয় ।

পশ্চিমবংগৰ শ্ৰীময়ী মা:

পশ্চিমবংগৰ শ্ৰীময়ী মাই কয় যে তেওঁ গুৰুজীৰ লগত বহুত বছৰৰ পৰা কামাখ্যা ধামৰ অম্বুবাচী মেলালৈ আহি আছে । আগৰ মহত্ব এতিয়া নাই । এতিয়া ইয়াত সাধনা কৰিব নোৱাৰি । মন্দিৰৰ পৰিক্ৰমা কৰিব দিয়া নহয় ।‌ গতিকে অম্বুবাচী মেলাৰ মহত্ব নোহোৱা হৈছে ।

লগতে পঢ়ক: মা কামাখ্যাৰ আশীষ ল’বলৈ ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.