ETV Bharat / state

ডুমডুমাৰ গান্ধীমূৰ্তি প্ৰসংগ : বিতৰ্ক দেখি প্ৰশাসনে ক'লে গান্ধীমূৰ্তিও থাকিব ক্ল’ক টাৱাৰো হ'ব - Gandhi’s Statue in Doom Dooma

author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 8:42 PM IST

Tinsukia DC on Gandhi’s Statue: ডুমডুমাৰ গান্ধীমূৰ্তি উচ্ছেদ বিতৰ্ক সম্পৰ্কত জিলা আয়ুক্তৰ স্পষ্টীকৰণ ৷ গান্ধীচ’কত স্থাপন হ'ব ক্ল’ক টাৱাৰৰ লগতে গান্ধীৰ 7 ফুট উচ্চতাৰ নতুন সুউচ্চ প্ৰতিমূৰ্তি ৷ শনিবাৰে এক বিজ্ঞপ্তিযোগে জিলা আয়ুক্ত স্বপ্নীল পালে জনালে এই কথা ৷

Etv Bharat
গান্ধীমূৰ্তি বিতৰ্ক (Etv Bharat)

তিনিচুকীয়া, 13 জুলাই: ডুমডুমাৰ গান্ধীমূৰ্তি বিতৰ্ক সন্দৰ্ভত অৱশেষত প্ৰশাসনে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ ভূমিকা ৷ তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰৰ মাজমজিয়াৰ গান্ধী চ’কত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো উক্ত স্থানৰ পৰা আঁতৰোৱাক লৈ বিগত কিছুদিন ধৰি একাংশ দল-সংগঠনে প্ৰকাশ কৰা প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্ত স্বপ্নীল পালে শনিবাৰে এই সম্পৰ্কত নিজৰ স্থিতি স্পষ্ট কৰিছে ।

Gandhi’s Statue in Doom Dooma
ডুমডুমাৰ গান্ধী প্ৰতিমূৰ্তি বিতৰ্কৰ সম্পৰ্কত জিলা আয়ুক্তৰ স্পষ্টীকৰণ (ETV Bharat Assam)

এক প্ৰেছ বিজ্ঞপ্তিযোগে জিলা আয়ুক্তগৰাকীয়ে কয়, "ডুমডুমাত 1958 চনতে নিৰ্মিত 5 ফুট 8 ইঞ্চি উচ্চতাৰ গান্ধীজীৰ প্ৰতিমূৰ্তিটো নষ্ট হ'বলৈ ধৰাত উক্ত স্থানতে তাতোকৈ অলপ ডাঙৰ 7 ফুট উচ্চতাৰ এটি প্ৰতিমূৰ্তিসহ এটা ক্ল’ক টাৱাৰ নিৰ্মাণৰ বাবে পৌৰসভাই বিগত 15 ফেব্ৰুৱাৰীৰ দিনা এখন বৈঠকযোগে সিদ্ধান্ত গ্ৰহণ কৰে । চহৰখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ পৰা লাভ কৰা পুঁজিৰে হাতত লোৱা এই নতুন আঁচনিখনৰ যোৱা 7 মাৰ্চত স্থানীয় যথেষ্টসংখ্যক লোকৰ উপস্থিতিত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হয় । সেইদিনা এই উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাখনতো ৰাইজে এই আচঁনিখনৰ প্ৰতি সন্মতি প্ৰকাশ কৰিছিল ৷ কোনেও ইয়াৰ প্ৰতিবাদ কৰা নাছিল । সেয়েহে এই আচঁনিখনৰ কাম আৰম্ভ কৰা হয় আৰু যোৱা 5 জুলাইত মহাত্মা গান্ধীৰ পুৰণি মূৰ্তিটো কোনো বাধা অবিহনে স-সন্মানে উক্ত স্থানৰ পৰা আঁতৰাই পৌৰসভাৰ নিজৰ কাৰ্যালয়ত সুৰক্ষিত অৱস্থাত ৰখা হৈছে ।"

Gandhi’s Statue in Doom Dooma
ডুমডুমাৰ উচ্ছেদিত "গান্ধী" ৰ প্ৰতিমূৰ্তি (ETV Bharat Assam)

জিলা আয়ুক্তগৰাকীয়ে এই কথা প্ৰকাশ কৰি লগতে কয় যে প্ৰতিমূৰ্তিটো স্থানান্তৰৰ সময়তো ৰাইজৰ ফালৰ পৰা কোনেও প্ৰতিবাদ কৰা আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল ৷ আঁচনিখনৰ কাম সম্পূৰ্ণ হ’লে উক্ত স্থানত ক্ল’ক টাৱাৰসহ 7 ফুট উচ্চতাৰ নতুন গান্ধীমূৰ্তি এটা স্থাপন কৰা হ'ব ।

উল্লেখ কৰিব লাগিব যে, গান্ধীমূৰ্তিটো পূৰ্বৰ স্থানৰ পৰা আঁতৰোৱা হ’ব বুলি প্ৰকাশ হোৱাৰ পাচতে স্থানীয় বিভিন্ন দল-সংগঠনৰ লগতে মহাত্মা গান্ধীৰ নাতি তুষাৰ গান্ধীয়েও বিষয়টো সন্দৰ্ভত খেদ প্ৰকাশ কৰিছিল সামাজিক মাধ্যমযোগে ৷ ইয়াৰ পাচতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি এনে কাম কোনো কাৰণতেই কৰিবলৈ দিয়া নহ’ব বুলি সামাজিক মাধ্যমযোগে স্পষ্ট কৰি দিছিল ৷ ইয়াৰ পাচতেই জিলা আয়ুক্তগৰাকীৰ শেহতীয়া স্থিতি তথা পদক্ষেপ আদৰণীয় যদিও সময়েহে পৰিস্কাৰ কৰিব আচল ছবিখন ৷

লগতে পঢ়ক: বাপুজীৰ প্ৰতিমূৰ্তি আঁতৰাই ক্লক টাৱাৰ নিৰ্মাণ : তীব্ৰ প্ৰতিক্ৰিয়া প্ৰাক্তন বিধায়কৰ - MAHATMA GANDHI STATUE

ডুমডুমাৰ গান্ধীমূৰ্তি বিতৰ্ক : তুষাৰ গান্ধীৰ টুইটৰ পিচতহে যেন সাৰ পালে মুখ্যমন্ত্ৰীয়ে ! - Gandhi’s Statue in Doom Dooma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.